ETV Bharat / entertainment

প্ৰাক্তন প্ৰেমিক অৰ্জুন কাপুৰ মালাইকাৰ কাষলৈ আহিল সাহস হৈ থিয় দিবলৈ - ANIL MEHTA PASSES AWAY

author img

By ETV Bharat Entertainment Team

Published : Sep 11, 2024, 2:31 PM IST

Malaika Arora Father death: বুধবাৰৰ পুৱাই স্বৰ্গগামী হয় মডেল-অভিনেত্ৰী মালাইকা অৰোৰা পিতৃ অনিল মেহতা ৷ প্ৰাপ্ত খবৰ অনুসৰি, অনিল মেহতাই আত্মহত্যা কৰে ৷ পুৱা 9.00 বজাৰ ঘটনা এয়া ৷ খবৰ পাই অৰ্জুন কাপুৰ উপস্থিত হয় প্ৰাক্তন প্ৰেয়সীৰ কাষত ৷

Malaika Arora's Father Dies by Suicide: Arjun Kapoor Rushes to Visit Family in Time of Grief - Watch
মালাইকাৰ কাষত অৰ্জুন কাপুৰ (Photo: IANS, ANI)

চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ : মালাইকা অৰোৰাৰ পিতৃ অনিল মেহতাৰ আত্মহত্যাৰ খবৰ বিয়পি পৰাৰ পাছত প্ৰাক্তন প্ৰেমিক অৰ্জুন কাপুৰক তেওঁৰ পিতৃ-মাতৃৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে ৷ খবৰ লাভ কৰাৰ লগে লগে অৰ্জুনে মালাইকাৰ পৰিয়ালক সমবেদনা জনাবলৈ আগবাঢ়ি যায় ৷ এই কঠিন সময়ত তেওঁ মালাইকাৰ বাবে সাহস হৈ থিয় দিছে ।

অৰ্জুন কাপুৰ উপস্থিত হয় প্ৰাক্তন প্ৰেয়সীৰ কাষত (Video: ETV Bharat)

মালাইকাৰ বাসগৃহলৈ খৰখেদাকৈ সোমাই যোৱা অভিনেতা অৰ্জুন কাপুৰক পাপাৰাজ্জীয়ে কেমেৰাত বন্দী কৰে ৷ এই দুঃখবৰটো পোৱাৰ লগে লগে মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু তেওঁৰ ভগ্নী আলভিৰা অগ্নিহোত্ৰীকে ধৰি আন বহু উল্লেখযোগ্য ব্যক্তিও উপস্থিত হয় । তদুপৰি এই কঠিন সময়ত মালাইকাৰ পৰিয়াললৈ সমৰ্থন জনাই ছলমান খানৰ পিতৃ-মাতৃ ছেলিম আৰু ছালমাও উপস্থিত হৈছে ।

বুধবাৰে ৰাতিপুৱা সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো ৷ অনিল মেহতাই আত্মহত্যা কৰিছে বুলি মুম্বাই আৰক্ষীয়ে নিশ্চিত কৰিছে ৷ তেওঁ ছুইচাইড নোট এৰি থৈ গৈছে নেকি সেই সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে । অৱশ্যে, অনিল মেহতাৰ পৰিয়ালটোৱে এতিয়াও এই শোকাৱহ ঘটনা সন্দৰ্ভত একো বিবৃতি প্ৰকাশ কৰা নাই ।

মালাইকা আৰু অৰ্জুনৰ সম্পৰ্কৰ কথা ক’বলৈ গ’লে চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োৰে প্ৰেমৰ সম্পৰ্ক শেষ হোৱা বুলি জানিব পৰা গৈছে । তেওঁলোকৰ বিচ্ছেদৰ বাতৰিয়ে সংবাদ মাধ্যমৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া মালাইকা জুহুৰ ঘৰত অৰ্জুনৰ মাজনিশাৰ জন্মদিন উদযাপনত অনুপস্থিত আছিল ৷ ছ’চিয়েল মিডিয়াত অৰ্জুনৰ জন্মদিনৰ শুভেচ্ছা নিদিয়াৰ বাবে তেওঁলোকৰ বিচ্ছেদ সম্পৰ্কে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । তেওঁলোকৰ বিচ্ছেদ আৰু নিশ্চিত যেন লাগিল যেতিয়া তেওঁলোকে এটা অনুষ্ঠানত ইজনে সিজনৰ সন্মুখীন হৈয়ো আওকাণ কৰে ।

লগতে পঢ়ক : মালাইকা অৰোৰাৰ পিতৃ অনিল অৰোৰাৰ আত্মহত্যা - Anil Arora passes away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.