ETV Bharat / entertainment

চেন্নাই ছুপাৰ কিংছৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল নেকি কেটৰিণা ? - চেন্নাই ছুপাৰ কিংছ

Katrina Kaif : বাতৰি অনুসৰি আই পি এল ফ্ৰেঞ্চাইজি চেন্নাই ছুপাৰ কিংছ দলে বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰিছে । কিন্তু কিমান সত্য এই কথা ৷

Katrina Kaif brand ambassador of csk chennai super kings IPL team, Know the truth
চেন্নাই ছুপাৰ কিংছৰ ব্ৰেণ্ড এম্বেছাদৰ কেটৰিণা !
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:11 PM IST

চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: শীঘ্ৰে আৰম্ভ হ’ব আই পি এল ২০২৪ । এনে সময়চোৱাত আই পি এল দল চেন্নাই ছুপাৰ কিংছে বাছি লৈছে নিজৰ ব্ৰেণ্ড এম্বেছাদৰ । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চি এছ কেৰ দলে বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰিছে । কিন্তু কিমান সত্য এই কথা ৷ এই সন্দৰ্ভত দলটোৰ পৃষ্ঠপোষক দলটোৱে প্ৰকাশ কৰিছে যে কেটৰিণাৰ চি এছ কেৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই ।

এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ কেটৰিণা

দৰাচলতে বলীউডৰ সুন্দৰী কেটৰিণা কাইফ এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ । ২০২৩ চনত এতিহাদ এয়াৰৱেজৰ সৈতে জড়িত হৈছিল কেটৰিণা । একে সময়তে চেন্নাই ছুপাৰ কিংছে ইউ এ ইৰ ৰাষ্ট্ৰীয় বিমান সংস্থা এতিহাদ এয়াৰৱেজৰ সৈতেও পৃষ্ঠপোষকতা চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ পিচতে সকলোৱে ভাবিৱলৈ আৰম্ভ কৰিল যে কেটৰিণাও চেন্নাই ছুপাৰ কিংছৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে । কিন্তু এতিহাদ এয়াৰৱেজে এই খবৰত ফুলষ্টপ লগাই শ্বেয়াৰ কৰিছে পোষ্ট ।

এতিহাদ এয়াৰৱেজে শ্বেয়াৰ কৰিছে এক বিবৃতি ৷ বিবৃতিটো লিখিছে – এতিহাদ এয়াৰৱেজে চেন্নাই ছুপাৰ কিংছৰ পৃষ্ঠপোষক হিচাপে অতি গৌৰৱ অনুভৱ কৰিছে । শেহতীয়াকৈ কিছুমান ভুল খবৰ বিয়পি পৰিছে । আমি যিটো কথা স্পষ্ট কৰিব বিচাৰিছো সেয়া হ’ল কেটৰিণা কাইফ এতিহাদ এয়াৰৱেজৰ ব্ৰেণ্ড এম্বেছাদৰ আৰু কেটৰিণা আৰু চি এছ কেৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই । আই পি এল ২০২৪ত চি এছ কেৰ সৈতে কেটৰিণাৰ কোনো অংশীদাৰিত্ব নাই । এতিহাদ এয়াৰৱেজে ইয়াৰ ক্ৰীড়া দল আৰু ব্যক্তিত্বৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি কেটৰিণাৰ সৈতে আৰু অধিক কাম কৰিবলৈ আগ্ৰহী । ইয়াৰ উপৰিও আই পি এল ছিজনত চেন্নাই ছুপাৰ কিংছৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে ।

দলীয় জাৰ্চিত এতিহাদ এয়াৰৱেজ

চেন্নাই ছুপাৰ কিংছে এতিহাদ এয়াৰৱেজত যোগদান কৰাৰ পিচত এতিয়া দলটোৰ জাৰ্চিত দেখা যাব ইউ এ ইৰ ৰাষ্ট্ৰীয় বিমান সংস্থাৰ নাম । পৃষ্ঠপোষকতা চুক্তি স্বাক্ষৰ কৰাৰ লগতে চি এছ কেৰ নতুন জাৰ্চিও মুকলি কৰা হৈছে ।

উল্লেখ্য যে, কৰ্ম আৰু জনপ্ৰিয়তাৰ বাবে কেটৰিণা কাইফ বহু ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ এম্বেছাদৰ হৈ পৰিছে । ২০১৭ চনত কেটৰিণা লেন্সকাৰ্টৰ ব্ৰেণ্ড এম্বেছাদৰ হয় । ২০০৯ চনত অভিনেত্ৰীগৰাকীয়ে পেণ্টিন শ্বেম্পুৰ ব্ৰেণ্ড এম্বেছাদৰ হৈছিল । একে সময়তে অভিনেত্ৰীগৰাকীয়ে মেডিমিক্স, চুগাৰ ফ্ৰী, ইমামি, ট্ৰপিকানা আদি বহু ব্ৰেণ্ডৰ সৈতে জড়িত । একে সময়তে ২০২৩ চনত এতিহাদ এয়াৰৱেজৰ সৈতে যুক্ত হোৱাৰ পূৰ্বে ২০১০ চনত এই বিমান সংস্থাটোৰ সৈতেও জড়িত আছিল অভিনেত্ৰীগৰাকী ।

লগতে পঢ়ক: মোদীৰ প্ৰশংসাত পঞ্চমুখ শিল্পা শ্বেট্টী, ৰাম মন্দিৰৰ বিষয়ে কি ক’লে শিল্পাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.