ETV Bharat / entertainment

মুক্তিৰ পূৰ্বেও সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাই ৰচিলে ইতিহাস, অনন্য শৈলীত পোষ্টাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 1:41 PM IST

Yodha First Poster: অনন্য শৈলীত মুকলি সিদ্ধাৰ্থ মালহোত্ৰাৰ বহু প্ৰত্যাশিত ছবি ‘যোদ্ধা’ৰ পোষ্টাৰ । ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা ডুবাইত মুকলি কৰা হৈছে ছবিখনৰ পোষ্টাৰ ।

Karan Johar Airdrops Yodha Poster with Adrenaline-Fueled Video from Skies, Unveils Teaser Date
যোদ্ধাৰ পোষ্টাৰ

চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: এই বছৰৰ বহু প্ৰত্যাশিত ছবি হৈছে সিদ্ধাৰ্থ মালহোত্ৰাৰ ‘যোদ্ধা’ ৷ ছবিখনক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল । এতিয়া ছবিখনৰ পোষ্টাৰ মুকলি হৈছে । কিন্তু, এই ছবিখনৰ পোষ্টাৰ কিছু ব্যতিক্ৰম ৰূপত মুকলি কৰিছে নিৰ্মাতাই ৷ হয়, চিনেমাখনৰ এই নতুন পোষ্টাৰখন অতি ৰোমাঞ্চকৰ ৰূপত মুকলি কৰা হৈছে ।

ছবিখনৰ মুখ্য অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত দেখা গৈছে ছবিখনৰ পোষ্টাৰ আকাশত মুকলি কৰা হৈছে । হয়, এই কথা শুনি নিশ্চয় আচৰিত লাগিছে ৷ কিন্তু, এনেকুৱাই হৈছে ৷ ছবিখনৰ পোষ্টাৰ ডুবাইত ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা মুকলি কৰা হৈছে ।

ভিডিঅ’টোত দেখা গৈছে যে পোষ্টাৰখন লৈ কিছুসংখ্যক লোকে বিমানৰ ভিতৰলৈ সোমাই যায়, ইয়াৰ পিচত পোষ্টাৰখন লৈ বিমানৰ পৰা জপিয়াই পৰে । ইয়াৰ পিচত পোষ্টাৰখন খোল খায় আৰু ছবিখনৰ নায়কৰ লুক প্ৰকাশ পায় । এইখিনিতে উল্লেখ কৰিব লাগিব যে হিন্দী চিনেমাত এইবাৰ প্ৰথমবাৰৰ বাবে এখন ছবিৰ পোষ্টাৰ ইমান উচ্চতাৰ পৰা মুকলি কৰা হৈছে ।

কেতিয়া মুক্তি পাব টিজাৰ ?

এই নতুন পোষ্টাৰখনৰ লগতে অভিনেতাগৰাকীয়ে ছবিখনৰ টিজাৰ প্ৰকাশৰ কথাও ঘোষণা কৰিছে । ১৯ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিখনৰ টিজাৰ । সিদ্ধাৰ্থৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে । পোষ্টটোকলৈ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ছবিখনক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত । উল্লেখ্য যে, ১৩ মাৰ্চত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

ছবিখনৰ কাহিনী

চিনেমাখনত এজন যোদ্ধাৰ কাহিনী দেখুওৱা হ’ব, যিয়ে বিমান হাইজেক কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি বিমানত উপস্থিত থকা সকলো যাত্ৰীক নিৰাপদে ঘূৰাই আনে । যোদ্ধাত সৈনিকৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ মালহোত্ৰাই । এই ছবিখনত দিশা পাটানী আৰু ৰাশী খান্নাই প্ৰথমবাৰৰ বাবে সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে অভিনয় কৰিব । এই ছবিখনৰ পূৰ্বে সিদ্ধাৰ্থই ‘শ্বেৰশ্বাহ’ত সৈনিকৰ চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক: অৱশেষত OTT ত মুক্তি পালে ডাংকি, জানি লওক কোনটো প্লেটফৰ্মত চাব পাৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.