ETV Bharat / entertainment

বহু গৱেষণাৰ অন্তত লাচিত বৰফুকনৰ বিতৰ্কিত ৰূপটো দিয়া হৈছিল ! ৰাইজৰ পৰামৰ্শ বিচাৰি ফোন নম্বৰ মুকলি - JATIN BORA CONTROVERSY

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 8:36 PM IST

Jatin Bora on Itihash Theatre Controversy: ফোন নম্বৰ এটা মুকলি কৰা হৈছে, ‘মহাবীৰ লাচিত’ৰ সন্দৰ্ভত ক’বলগীয়া থাকিলে ক’ব পাৰিব ৷ যতীন বৰাই প্ৰতিশ্ৰুতি দিছে, ৰাইজে বেয়াপোৱা কাম তেওঁ কেতিয়াও নকৰে ৷

Jatin Bora on Itihash Theatre Controversy
প’ষ্টাৰ বিতৰ্কৰ সন্দৰ্ভত যতীন বৰা (ETV Bharat Assam)

গুৱাহাটী, 4 জুলাই: এইবাৰ যি হ’ল হ’ল ! আগন্তুক সময়ত নাটকখন মঞ্চস্থ কৰাৰ ক্ষেত্ৰতেই হওক বা প’ষ্টাৰিঙৰ ক্ষেত্ৰতে হওক সকলো সময়তে অভিজ্ঞ ব্যক্তি, দল-সংগঠনৰ পৰামৰ্শ লোৱা হ’ব ৷ ৰাইজৰ প্ৰতি সন্মান জনাই এই প্ৰতিশ্ৰুতি দিলে যতীন বৰাই ৷ সংবাদমেলৰ জৰিয়তে বাৰে বাৰে প্ৰতিশ্ৰুতি দি সুদক্ষ অভিনেতাগৰাকীয়ে কয় যে ইয়াৰ বাবে আহোম জনগোষ্ঠীৰ বিভিন্ন লোক, দল-সংঠনৰ পৰামৰ্শ, নিৰ্দেশনা লোৱা হ’ব ৷

প’ষ্টাৰ বিতৰ্কৰ সন্দৰ্ভত যতীন বৰাসহ কলা-কুশলী (ETV Bharat Assam)

উল্লেখ্য যে লাচিত বৰফুনৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ গৈ যতীন বৰাই মূৰত মেৰিয়াই লৈছিল বস্তা, হাতত পিন্ধিছিল গামখাৰু আৰু ডিঙিত পিন্ধিছিল ঢোলবিৰি ৷ ইতিহাস থিয়েটাৰৰ বিশেষ প’ষ্টাৰখন বিয়পি পৰাৰ পিচতে পুনৰ এবাৰ সূচনা হ’ল ‘যতীন বৰা বিতৰ্ক’ৰ ৷ ইতিহাসৰ মহাবীৰ এগৰাকীক বিকৃত ৰূপত উপস্থাপন কৰি প’ষ্টাৰ মুকলিৰ পিচতে স্বাভাৱিকতেই ৰাজ্যবাসী জাঙুৰ খাই উঠিছিল ৷

সুদীৰ্ঘ ছটা বছৰৰ পিচত ভ্ৰাম্যমাণ থিয়েটাৰলৈ প্ৰত্যাৱৰ্তন কৰিয়েই বিতৰ্কত সোমাই পৰা অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে সংবাদেমেলৰ সন্মুখতেই স্বভাৱসুলভ প্ৰতিশ্ৰুতি দিলে ৷ তেওঁ কয়, ‘‘ আজি যতীন বৰা হৈছোঁ আপোনালোকৰ মৰম-চেনেহৰ কাৰণে ৷ ৰাইজে বেয়াপোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰোঁ ৷’’

অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে, সাজসজ্জাৰ দায়িত্বত থকা চাও চেং ৰাজকোঁৱৰে আহোম সমাজৰ সাজপাৰৰ ওপৰত কাম কৰি আহিছে ৷ তেওঁ কোৱা অনুসৰি জ্যেষ্ঠসকলৰ পৰা জানি-বুজি লৈয়েই তেওঁ কামখিনি কৰিছিল ৷ তেওঁ কিতাপত পঢ়িবলৈ পাইছিল যে আহোম যুগত পুৰুষেও আ-অলংকাৰ পিন্ধিছিল ৷ সেয়ে তেওঁ বিতৰ্কিত প’ষ্টাৰখনত যতীন বৰাক ঢোলবিৰি পিন্ধাই লাচিত বৰফুকনৰ ৰূপ দিয়া বুলি মন্তব্য কৰে ৷ তদুপৰি এই সন্দৰ্ভত তেওঁ যথেষ্ট অধ্যয়ন কৰিছিল বুলি জানিবলৈ দিয়ে ৷

আনহাতে বিতৰ্কিত প’ষ্টাৰখনৰ সন্দৰ্ভত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য সমূলি জ্ঞাত নহয় বুলি দাবী কৰে সংগীত পৰিচালক অজয় ফুকনে ৷ নাট্যকাৰগৰাকী যিহেতু বহুতো থিয়েটাৰ গোষ্ঠীৰ লগত ব্যস্ত থাকে, সেয়ে ইমান সময় নাপায় বুলি কয় সংগীত পৰিচালকগৰাকীয়ে ৷ সেয়ে নাট্যকাৰগৰাকীক এই বিতৰ্কৰ মাজলৈ নানিবলৈ আহ্বান জনায় অজয় ফুকনে ৷ সংবাদ মেলখনত উপস্থিত থকা অজয় ফুকনৰ লগতে কষ্টিউম ডিজাইনাৰগৰাকীয়ে কয় যে বিতৰ্কৰ সূচনা কৰা প’ষ্টাৰখন ফাইনেল প’ষ্টাৰ নাছিল ৷ আন বহুকেইখন ফটো ইতিমধ্যে সাজু কৰি ৰখা হৈছে প’ষ্টাৰৰ বাবে ৷ সেইখিনিৰ ক্ষেত্ৰত এতিয়া ৰাইজৰ পৰামৰ্শ লোৱা হ’ব বুলি উল্লেখ কৰে তিনিও কলা-কুশলীয়ে ৷

ইফালে কোনো লোকে যদি পৰামৰ্শ অথবা অভিযোগসমূহ দিবলৈ বিচাৰে, তেন্তে 6901437185 নম্বৰযোগে সেইসমূহ জনাব পাৰিব বুলি অজয় ফুকনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: প'ষ্টাৰতে লাগিল কেনা : নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত যতীন বৰা - Jatin Bora controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.