ETV Bharat / entertainment

পিতৃৰ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে পুত্ৰ বাবিলে শ্বেয়াৰ কৰিলে এটা আৱেগিক পোষ্ট - Irrfan Khan Death Anniversary

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 11:02 AM IST

Babil Khan: অহা 29 এপ্ৰিলত বলীউডৰ নক্ষত্ৰস্বৰূপ ইৰফান খানৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী ৷ অভিনেতাগৰাকীৰ পুত্ৰ বাবিল খানে তেওঁৰ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে পিতৃৰ কেইবাখনো পুৰণি ফটো শ্বেয়াৰ কৰি এটা আৱেগিক টোকা লিখিছিল । টোকাটোত, বাবিলে কেতিয়াও হাৰ নমনাৰ প্ৰতিশ্ৰুতি দিয়ে পিতৃক ৷

Babil Khan
পিতৃৰ মৃত্যু বাৰ্ষিকীত পুত্ৰ বাবিলে শ্বেয়াৰ কৰিলে এটা আৱেগিক ভিডিঅ’

চিটাৰা ডেস্ক, 28 এপ্ৰিল : "আপুনি মোক যুঁজিবলৈ শিকালে, কিন্তু ইয়াৰ সমান্তৰালকৈ মৰমীয়াৰ আৰু দয়ালু হ’বলৈও শিকালে ৷ আপুনি মোৰ আশাৰ শিক্ষা দিলে, মানুহৰ হকে জিকিবলৈ শিকালে ৷ আপোনাৰ ফেনছ নাই, কিন্তু আপোনাৰ লগত আপোনাৰ পৰিয়াল আছে, মই আপোনাক প্ৰতিশ্ৰুতি দিছো বাবা, যেতিয়ালৈকে আপুনি মোক নামাতে তেতিয়ালৈ মই নিজৰ মানুহ আৰু পৰিয়ালৰ হকে যুঁজ দি যাম ৷ মই কেতিয়াও হাৰ নামানো, মই আপোনাক বহুত ভালপাওঁ ৷" পিতৃক সুঁৱৰি আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে বলীউডৰ ভোটাতৰা স্বৰূপ অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানে ৷

বলীউডৰ কিংবদন্তি অভিনেতা ইৰফান খানৰ 29 এপ্ৰিলত চতুৰ্থ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ ইয়াৰ পূৰ্বে বাবিলে ইনষ্টাগ্ৰামত এক আৱেগিক পোষ্টেৰে পিতৃক সুঁৱৰে ৷ এই পোষ্টটোৰে বাবিলে জীৱনত হাৰ নমনাৰ কথা উল্লেখ কৰে আৰু নিজৰ পৰিয়ালৰ কাৰণে সদায় যুঁজি যাম বুলি শপত খায় ৷ বাবিল খানক শেষবাৰৰ বাবে নেটফ্লিক্সৰ ৱেব ছিৰিজ 'দ্য ৰে’লৱে মেন'ত দেখা গৈছিল । ছিৰিজটোত তেওঁ কে. মেনন, আৰ মাধৱন আৰু দিব্যেন্দু শৰ্মাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল ৷

ইৰফান খানক ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে গণ্য কৰা হয় । তেওঁ অস্কাৰ মনোনীত হিন্দী চলচ্চিত্ৰ ছালাম ব’ম্বেৰ সৈতে কেৰিয়াৰত আত্মপ্ৰকাশ কৰিছিল আৰু 'লাইফ ইন এ... মেট্ৰ’ ৰ দ্বাৰা ভাৰতত আত্মপ্ৰকাশ কৰিছিল । তেওঁ 'মেট্ৰ', 'দ্য লাঞ্চবক্স' আৰু হিন্দী মিডিয়ামৰ দৰে হিট ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল ।

২০২০ চনৰ ২৯ এপ্ৰিলত মুম্বাইৰ এখন চিকিৎসালয়ত ইৰফান খানৰ মৃত্যু হয় । তেওঁৰ নিউৰোএণ্ডোক্ৰাইন টিউমাৰ হৈছিল ৷ যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক: অপেক্ষা ৫ বজালৈ, ছবি কল্কিৰ এক ডাঙৰ ঘোষণা; নতুন পোষ্টাৰ মুকলি - KALKI 2898 AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.