ETV Bharat / entertainment

অডিশ্যনৰ সময়ত মোক তেওঁক আকৰ্ষণ কৰিবলৈ কৈছিল : শিল্পা শিন্দে - Shilpa Shinde on Audition

author img

By ETV Bharat Entertainment Team

Published : Sep 6, 2024, 1:00 PM IST

Shilpa Shinde casting couch: শিল্পা শিন্দেই প্ৰকাশ কৰিছে যে কেৰিয়াৰৰ আৰম্ভণিতে এজন চলচ্চিত্ৰ নিৰ্মাতাই তেওঁক আশালীন ব্যৱহাৰ কৰিছিল ৷ নিৰ্মাতাজনে তেওঁক কমনীয়তাৰে আকৰ্ষণ কৰিবলৈ কৈছিল ৷ শিল্পাই উল্লেখ কৰিছে যে উদ্যোগটোত এনে ধৰণৰ অভিজ্ঞতা বহুতৰে হয়, কিন্তু ‘না’ ক’ব পৰা বিকল্প সকলোৰে হাততে থাকে ।

Bhabi Ji Ghar Par Hai! Fame Shilpa Shinde Reveals Audition Scandal: 'I Pushed Him Away and Ran Out'
শিল্পা শিন্দে (Photo: IANS)

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ : বিগত কেইটামান সপ্তাহত ন্যায়াধীশ হেমা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত বহু কথাই বাহিৰলৈ আহিছে ৷ শেহতীয়াকৈ টিভি অভিনেত্ৰী শিল্পা শিন্দেই তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি দিনৰ এক অবাঞ্চিত অভিজ্ঞতা শ্বেয়াৰ কৰিছে ।

এটা ৱেবলয়ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে এবাৰ তেওঁক অডিশ্যনৰ সময়ত এজন চলচ্চিত্ৰ নিৰ্মাতাক আকৰ্ষণ কৰিবলৈ কোৱা হৈছিল । সেই সময়ত একো বুজি নোপোৱা শিল্পাই দৃশ্যটো কৰিবলৈ মান্তি হৈছিল, কিন্তু তেওঁৰ বাবে ৰৈ আছিল এক অনাকাংক্ষিত ঘটনাই ৷

  • কেৰিয়াৰৰ আৰম্ভণিতে কি হৈছিল অভিনেত্ৰীগৰাকীৰ লগত ?

শিল্পা শিন্দে, যি ‘‘ভাবি জী ঘৰ পৰ হে’’ ধাৰাবাহিকত তেওঁৰ চৰিত্ৰৰ বাবে আৰু বিগ বছ 11-ৰ বিজয়ী হিচাপে জনাজাত ৷ তেওঁ কৈছে যে উদ্যোগটোত এনে ধৰণৰ অভিজ্ঞতা অস্বাভাৱিক নহয়, সঘনাই এনে ঘটনা ঘটিয়ে থাকে । 1990 ৰ দশকৰ শেষৰ ফালে যেতিয়া তেওঁ কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত আছিল ৷ সেই সময়তে তেওঁৰ লগত এই ঘটনাটো ঘটিছিল ৷ চলচ্চিত্ৰ নিৰ্মাতাই তেওঁক এটা দৃশ্য পৰিৱেশন কৰিবলৈ কৈছিল, য'ত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক শিল্পাই নিজৰ ফালে আকৰ্ষণ কৰিব লাগিছিল ।

  • চলচ্চিত্ৰ নিৰ্মাতাই কৰিছিল অশালীন ব্যৱহাৰ

এই বিষয়ে বৰ্ণনা কৰি তেওঁ কয়, “এইটো মোৰ সংগ্ৰামৰ দিনবোৰত আছিল, প্ৰায় 1998-99 চনত । মই নাম ল'ব নোৱাৰো, কিন্তু তেওঁলোকে মোক কৈছিল, আপ ইয়ে কাপড়ে পেহনো আৰু ইয়ে চিন কৰো (এই কাপোৰ পিন্ধক আৰু এই দৃশ্যটো কৰক) । মই সেই কাপোৰ পিন্ধা নাছিলো । দৃশ্যটোত, তেওঁ মোক কৈছিল যে তেওঁ মোৰ বছ আৰু মই তেওঁক প্ৰলোভিত কৰিব লাগিব । মই তেতিয়া বুজা নাছিলো, সেয়েহে মই সেই দৃশ্যটো কৰিছিলো । তেতিয়া তেওঁ মোৰ ওপৰত জোৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু মই ইমান ভয় খাইছিলো যে মই তেওঁক ঠেলা মাৰি দিছিলো আৰু বাহিৰলৈ দৌৰি ওলাই গৈছিলো । নিৰাপত্তাৰক্ষীসকলে কি ঘটিছিল অনুভৱ কৰিছিল আৰু মোক লগে লগে যাবলৈ কৈছিল । তেওঁলোকে ভাবিছিল যে মই পৰিস্থিতি বেয়া কৰিম আৰু সহায়ৰ বাবে মানুহ মাতিম ।”

  • পিছলৈ আকৌ তেওঁৰ সৈতে মুখামুখি

একেজন প্ৰযোজকৰ সৈতে পিছত হোৱা মুখামুখিৰ কথাও শ্বেয়াৰ কৰে শিল্পাই ৷ তেওঁৰ নাম প্ৰকাশ কৰিবলৈ অৱশ্যে অস্বীকাৰ কৰে অভিনেত্ৰীগৰাকীয়ে । "তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ আছিল । তেওঁ অভিনেতাও আছিল বাবেই দৃশ্যটো কৰিবলৈ মান্তি হৈছিলো । মিছা কোৱা নাই, কিন্তু তেওঁৰ নাম ল’ব নোৱাৰো । তেওঁৰ ল’ৰা-ছোৱালী চাগে মোতকৈ অলপ সৰু ৷ নাম ল’লে তেওঁলোকেও কষ্ট পাব... কেইবছৰমানৰ পাছত তেওঁক আকৌ লগ পালো আৰু তেওঁ মোৰ লগত সৌজন্যতাৰে কথা পাতিলে । তেওঁ মোক চিনি নাপালে আৰু আনকি মোক এখন চিনেমাৰ চৰিত্ৰ এটাও আগবঢ়াই দিলে । মই নাকচ কৰিলো । তেওঁ এতিয়াও মোক মনত ৰখা নাই ।"

  • ‘না’ কোৱা উচিত

অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উদ্যোগটোৰ আন বহু লোকেও একেধৰণৰ অভিজ্ঞতা লাভ কৰিছে । তেওঁ কয় যে কিছুমানে এনে পৰিস্থিতিৰ পৰা পলায়ন কৰিলেও আন কিছুমানে সুপৰিচিত ব্যক্তিৰ পৰা একেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈয়ে আছে । শিল্পাই এইটোও মতামত আগবঢ়াই যে যৌন নিৰ্যাতনৰ বিষয়ে আলোচনা কৰাৰ সময়ত এইটো স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ যে কোনোবা কাষ চাপিব আহিলেও না কোৱাৰ বিকল্প আমাৰ থাকে ।

লগতে পঢ়ক : দক্ষিণ ভাৰতীয় তাৰকা সন্থাই অভিনেত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিছে সংকল্প - Resolutions to Actress safety

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.