ETV Bharat / entertainment

টি-২০ বিশ্বকাপ বিজয়ৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন বাদশ্বাহৰ - Team India T20 World Cup Victory

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 11:11 AM IST

Team India T20 World Cup Victory: যোৱা শনিবাৰে টি-২০ বিশ্বকাপ জয় কৰাৰ পিচত ৱেষ্ট ইণ্ডিজৰ পৰা উভতি অহাৰ সময়ত ৱাংখেড়ে ষ্টেডিয়ামত মেন ইন ব্লু দলটোক সম্বৰ্ধনা জনোৱাৰ সময়ত শ্বাহৰুখ খানে টীম ইণ্ডিয়াৰ প্ৰশংসা কৰে । তেওঁৰ হৃদয় গৌৰৱেৰে ভৰি পৰে বুলি উল্লেখ কৰে শ্বাহৰুখে ৷

Fills My Heart with Pride: Shah Rukh Khan Congratulates Team India on T20 World Cup Victory
টীম ইণ্ডিয়াক অভিনন্দন বাদশ্বাহৰ ((ANI))

চিটাৰা ডেস্ক, 5 জুলাই : বৃহস্পতিবাৰে টীম ইণ্ডিয়া স্বদেশলৈ উভতি আহে ৷ গৃহভূমিত ভাৰতীয় ক্ৰিকেট দলটোক উষ্ম আদৰণি জনোৱা হয় ৷ বলীউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানেও ছ’চিয়েল মিডিয়াত টীম ইণ্ডিয়াক প্ৰশংসা কৰে ৷

যোৱা শনিবাৰে টি-২০ বিশ্বকাপ জয় কৰাৰ পাচত ৱেষ্ট ইণ্ডিজৰ পৰা বুধবাৰে উভতি আহে দলটো ৷ উভতি অহাৰ সময়ত ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলটোক সম্বৰ্ধনা জনোৱা হয় । এক্সত খানে ৰোহিত শৰ্মাৰ নেতৃত্বত বিশ্বকাপ বিজয়ী দলটোৰ প্ৰতি শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে ।

অভিনেতাজনে উল্লেখ কৰে যে ট্ৰফীটো ঘৰলৈ কঢ়িয়াই অনা ল'ৰাকেইটালৈ চাই তেওঁৰ হৃদয় গৌৰৱেৰে ভৰি পৰিছে ৷ তেওঁ অজেয় দলটোক গোটেই ৰাতি নাচি থাকিবলৈ পৰামৰ্শ দিয়ে ।

শ্বাহৰুখে এক্সত লিখে: "ল'ৰাকেইটাক ইমান সুখী আৰু আৱেগিক দেখি মোৰ হৃদয় গৌৰৱেৰে ভৰি পৰে... আমাক ইমান উচ্চতালৈ লৈ যোৱা আমাৰ ল'ৰাবোৰ দেখিবলৈ পোৱাটো ভাৰতীয় হিচাপে এক আশ্চৰ্যকৰ মুহূৰ্ত !! আপোনালোক সকলোকে ভাল পাওঁ মোৰ টীম ইণ্ডিয়া... আৰু এতিয়া গোটেই ৰাতি নাচি থাকক । বয়জ ইন ব্লু টেক এৱে অল দ্য ব্লুজ ! @BCCI, @JayShah আৰু সমগ্ৰ সহায়ক কৰ্মচাৰীক অশেষ অভিনন্দন যিয়ে পৰ্দাৰ আঁৰত অক্লান্ত পৰিশ্ৰম কৰিছে যাতে আমাৰ ল'ৰাবোৰ উচ্চতাৰ শিখৰলৈ যাব পাৰে ।"

ৰোহিত শৰ্মা সহিতে ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে পুৱা ভাৰতত উপস্থিত হয় । দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিচত তেওঁলোক মুম্বাইত উপস্থিত হয়, য'ত মেৰিন ড্ৰাইভত এক ৰোড শ্ব'ৰ পিচত ৱাংখেড়ে ষ্টেডিয়ামত তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় । ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি বাৰ্বাডোছত অনুষ্ঠিত টি-২০ বিশ্বকাপ জয় কৰাৰ পিচত ভাৰতে যোৱা শনিবাৰে তেওঁলোকৰ ১১ বছৰৰ আইচিচি ট্ৰফী লাভ কৰাৰ আশা পূৰণ কৰে ৷ ভাৰতীয় দলটোৱে ২০১৩ চনত ইংলেণ্ডত অনুষ্ঠিত আইচিচি চেম্পিয়নছ ট্ৰফী এম এছ ধোনীৰ নেতৃত্বত জিকিছিল ।

লগতে পঢ়ক : টীম ইণ্ডিয়ালৈ গীত উচৰ্গা এ আৰ ৰহমানৰ - AR Rahman song to Team India

টীম ইণ্ডিয়াৰ জয়ত উৎফুল্লিত বলীউডৰ চেলেব্ৰিটীসকল; জনালে অভিনন্দন - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.