ETV Bharat / entertainment

ৰমেন বৰুৱা আছে ক'ৰবাত, য’ত তেওঁৰ সৃষ্টি জীয়াই আছে : জে পি দাস - Singer JP Das interview

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 5:22 PM IST

JP Das interview : ৰমেন দা নিখোজ হোৱা নাই ৷ খুহুটিয়া কথা শুনি ভাল পাইছিল ৰমেন দাই, ৰমেন বৰুৱাৰ সংগীতেই তেওঁৰ ব্যক্তিত্ব- ৰমেন বৰুৱা সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বহু কথাই ক’লে বিশিষ্ট শিল্পী জে পি দাসে ।

etv bharat special interview with composer and singer JP Das
শিল্পী জে পি দাসে কি কয় (ETV Bharat Assam)

গুৱাহাটী, 1 আগষ্ট : নাই বোলোতে নোহোৱা হৈ গ’ল বিশিষ্ট শিল্পী ৰমেন বৰুৱা । যোৱা 22 জুলাইৰ পৰা নাইকিয়া হৈ এদিন দুদিনকৈ আজি 11 দিন পাৰ হৈ গ’ল শিল্পীগৰাকী নিখোজ হোৱা । অসমবাসীৰ মৰম আৰু শ্ৰদ্ধাৰ ৰমেন বৰুৱাক বিচাৰি অভিযান চলি আছে যদিও আজি পৰ্যন্ত কোনো সন্ধান ওলোৱা নাই শিল্পীগৰাকীৰ । ৰমেন বৰুৱাৰ ঘনিষ্ঠ, গুণমুগ্ধ আদিকে ধৰি সকলোৰে এতিয়া মাথো এটাই উৎকণ্ঠা- কত হেৰাল ৰমেন বৰুৱা ? কেতিয়া উভতি আহিব শিল্পীগৰাকী ? সন্তৰ্পণে গুচি যোৱা শিল্পীগৰাকীৰ শেষ প্ৰমাণ হিচাপে থাকি গ’ল এটা মাত্ৰ চি চি টিভি ভিজুৱেল । শিল্পীগৰাকীৰ অনুপস্থিতত ই টিভি ভাৰতৰ সৈতে হোৱা এটা বিশেষ সাক্ষাৎকাৰত বিশিষ্ট সংগীত শিল্পী জে পি দাসে কৈ গ'ল শিল্পীগৰাকীৰ বহু নজনা কথা ।

জে পি দাসৰে এক বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

ৰমেন বৰুৱাৰ ব্যক্তিত্ব কেনে ধৰণৰ আছিল ?

বিশিষ্ট শিল্পীগৰাকীৰ ব্যক্তিত্ব সম্পৰ্কে মন্তব্য কৰি শিল্পী জে পি দাসে কয়, ‘ৰমেন বৰুৱাৰ সংগীতেই তেওঁৰ ব্যক্তিত্ব । ৰমেন দা নিখোজ হোৱা বুলি সকলোৱে কৈছে যদিও মোৰ কাৰণে নিখোজ হোৱা নাই । কাৰণ তেওঁ যিবোৰ গীত সুৰ কৰিছে, যিবোৰ সংগীত সৃষ্টি কৰিছে সেইবোৰটো নিখোজ হোৱা নাই আৰু সেইবোৰ কেতিয়াও নিখোজ নহয়ো । সৃষ্টিশীল বস্তু কেতিয়াও হেৰাই নাযায় ।’

ৰমেন বৰুৱাৰ সৃষ্টিসমূহ কেনে ধৰণৰ আছিল ?

ৰমেন বৰুৱাৰ সৃষ্টিৰাজি সন্দৰ্ভত জে পি দাসে কয়, ‘তেখেতে বেছিকৈ সুৰ কৰে । গীত গাইছিল যদিও খুব কমকৈহে গীত গায় । প্ৰথম ছবিবোৰ যিসমূহ ব্ৰজেন দাই পৰিচালনা কৰিছিল তাত দুই চাৰিটা গীত গাইছে । 'আমাৰ ঘৰ' ছবিখনত তেওঁ প্ৰথম সহ-সংগীত পৰিচালক হিচাপে কাম কৰিছিল । তেওঁলোকৰ সমগ্ৰ পৰিয়ালটো এটা সংস্কৃতিবান পৰিয়াল ।’

হঠাৎ নোহোৱা হৈ গ'ল শিল্পীগৰাকী

শিল্পীগৰাকী নিখোজ হোৱা সন্দৰ্ভত জে পি দাসে কয়, ‘শিল্পীগৰাকী কিয় নিখোজ হ'ল সেয়া মোৰ বাবে এটা ৰহস্য । হয়তো তেওঁ মানসিক কিবা অশান্তিত আছিল । তেওঁ কাকো একো কৈ যোৱা নাই যদিও, তেওঁ যোৱা যিটো চি চি টিভি ভিজুৱেল সেইটোৱেই বহু কথা কয় । তেওঁ নাই যদিও মোৰ হৃদয়ত সদায় আছে । যত আছে তেওঁ ভালে থাকক, কেতিয়াবা লগ পাম বুলি আশা আছে ।'

লগতে পঢ়ক : ৰমেন বৰুৱাই কেতিয়াও অহেতুক কথা পতা নাছিল : পুলক বেনাৰ্জী - Pulak Banerjee on Ramen Baruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.