গুৱাহাটী, 2 অক্টোবৰ : আজি কিছুদিনৰ পৰা সমাজিক মাধ্যম নাইবা টিভিৰ পৰ্দাত দেখি থকা এগৰাকী ব্যক্তি । নাম দেৱাশীষ ভূঞা । দেৱাশীষক দেখিলে আপুনি অনুমান কৰিব নোৱাৰিব তেওঁৰ প্ৰকৃত বয়স । দেখাত পৃথক যেন লগা 30 বছৰীয়া দেৱাশীষ বৰ্তমান কৰ্মৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত ডাটা এণ্ট্ৰী অপাৰেটৰ হিচাপে । আন দহজনৰ দৰে দেখাত একে নহ’লেও, শাৰিৰীক বাধা নেওচি দেৱাশীষে অব্যাহত ৰাখিছে তেওঁৰ জীৱন সংগ্ৰাম ।
বয়স অনুপাতে দেৱাশীষৰ উচ্চতা প্ৰায় চাৰি ফুট ৷ এগৰাকী 30 বছৰীয়া সাধাৰণ ব্যক্তিৰ দৰে দেৱাশীষেও চলাই গৈছে জীৱন সংগ্ৰাম । জীৱন যুদ্ধত হাৰ মানিব নোখোজা ব্যক্তিগৰাকীয়ে আন দহজনৰ দৰে পুৱাই কামলৈ ওলাই যায় । বিষাদ-বেদনাই কন্দুৱাই যদিও হাঁহি-মুখে সকলোকে সম্বোধন কৰে তেওঁ । জীৱন সম্পৰ্কত তেওঁৰ ধাৰণা বহু উচ্চ পৰ্যায়ৰ । অভিনয় কৰি ভাল পোৱা দেৱাশীষ ভূঞাই ছিগালৰ পৰা আৰম্ভ কৰিছিল অভিনয়ৰ প্ৰশিক্ষণ । কেইবাখনো নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা দেৱাশীষ ভূঞাই শেহতীয়াকৈ অভিনয় কৰিছে আগন্তুক বর্ষত আহিবলগীয়া নতুন অসমীয়া ছবি ‘কেচটো নগেন’ ত ।
ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত দেৱাশীষে জনালে তেওঁৰ সম্পৰ্কে বহু কথা ।
অভিনয়ৰ যাত্ৰা কেনেদৰে আৰম্ভ হ’ল দেৱাশীষৰ ?
এই সন্দৰ্ভত তেওঁ জনাই, “নাটক শিকাৰ দুই-তিনি বছৰমান হ’ল । প্ৰথমে দিব্যাংগ নাট্য বিদ্যালয় এখনত শিকিছিলো । তাৰ পাছত ছিগালত শিকিলো । মই কলেজত পঢ়ি থাকোতে মোৰ ছাৰ-বাইদেউসকলে মোক নাটক কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । ছাৰ-বাইদেউসকলৰ কথা মতে মই নাটক কৰিবলৈ ললো ।”
আহিবলগীয়া ছবি ‘কেচটো নগেন’ৰ সন্দৰ্ভত মন্তব্য ?
এই সন্দৰ্ভত তেওঁ কয়, “ছিগালত যেতিয়া নাটক শিকি আছিলো তাত বহুতৰে লগত চিনাকী হ’লো । তাতে এগৰাকী দাদাক মই কিবা ছবি আহিলে মোক জনাবলৈ কৈছিলো । তেনেদৰে সেই দাদাজনৰ জৰিয়তে মই ‘কেচটো নগেন’ ছবিখনৰ সৈতে জড়িত হ’লো । ছবিখনত মই এজন দুখীয়া ঘৰৰ ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছো ।”
উল্লেখ্য যে, ভৱিষ্যতলৈ সুযোগ পালে আৰু ছবিত অভিনয় কৰাৰ মন আছে দেৱাশীষৰ । অভিনয়ৰ লগতে ছবি আঁকিও ভাল পায় দেৱাশীষে ।
লগতে পঢ়ক : কেনেদৰে আৰম্ভ হৈছিল জয় কাশ্যপৰ সাংস্কৃতিক যাত্ৰা ? - Musician Joy Kashyap interview