ETV Bharat / entertainment

কু-সংস্কাৰৰ বিৰুদ্ধে নতুন অসমীয়া ছবি ‘তমস্বিনী’ - DIRECTOR HEMANTA KUMAR DAS

অনামিকা ক্ৰিয়েশ্যনৰ বেনাৰত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে নিৰ্মাণ কৰা হৈছে এখন নতুন অসমীয়া ছবি- তমস্বিনী । ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হেমন্ত কুমাৰ দাসৰ ।

etv bharat exclusive interview with director Hemanta Kumar Das regarding his new film
নতুন অসমীয়া ছবি, নাম তমস্বিনী (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 14, 2024, 7:31 PM IST

গুৱাহাটী : অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে নিৰ্মাণ কৰা হৈছে এখন নতুন অসমীয়া ছবি, নাম- তমস্বিনী । দেশৰ স্বাধীনোত্তৰ কালৰো বহু আগতে অসমৰ কেতবোৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত কিছু নীতি-নিয়মৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে এই নতুন অসমীয়া ছবিখন । অনামিকা ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনী ডাঃ অনামিকা কলিতাৰ । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হেমন্ত কুমাৰ দাসৰ ।

ছবিখন সন্দৰ্ভত কি ক'লে পৰিচালকে:

etv bharat exclusive interview with director Hemanta Kumar Das regarding his new film
তমস্বিনীৰ শ্বুটিঙৰ দৃশ্যাংশ (ETV Bharat Assam)

ছবিখনৰ বিষয়ে পৰিচালক হেমন্ত কুমাৰ দাসে ই টিভি ভাৰতক কয়, “তমস্বিনীৰ অৰ্থ হ'ল নিশাৰ আন্ধাৰ বা তমশা নিশা । ছবিখনৰ নামটো এই কাৰণে ৰাখিছো কাৰণ যেতিয়া দেশ স্বাধীন হোৱা নাছিল অৰ্থাৎ 1946 চন মানৰ সময়ছোৱা ছবিখনৰ আধাৰ হিচাপে ধৰা হৈছে । সেই সময়ত অসমৰ কিছুমান গাঁও, বিশেষকৈ নামনি অসমত যেতিয়া ছোৱালী এজনী বিয়া হৈ যায়, তেতিয়া ন-কইনা, বোৱাৰীক দুষ্ট লোকৰ পৰা দূৰত ৰখাৰ স্বাৰ্থত বিভিন্ন বনৌষধিৰে দাঁতত ক’লা ৰঙ সানি দিয়া হৈছিল আৰু সেই দাগ মৃত্যু পৰ্যন্ত ৰৈ গৈছিল । মই এই বিষয়ে গম পালো ৷ ছবিখনৰ প্ৰযোজক অনামিকা কলিতাৰ গাঁৱত তেওঁৰ আইতাকৰ ক্ষেত্ৰতে এনেকুৱা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে । তাৰ পাছত তেওঁ সেই বিষয়বস্তুৰ ওপৰত এটা কাহিনী থূলমূলকৈ লিখি দিলে । সেইটোৱেই মই স্ক্ৰীপ্ট আকাৰত লিখিলো । তেনেদৰে ছবিখন নিৰ্মাণ কৰা হ'ল । ছবিখনত মূলতঃ সেই সময়ছোৱাত অসমৰ কিছুমান গাঁৱৰ যি পৰিৱেশ-পৰিস্থিতি আছিল, সেয়া লাগিলে শিক্ষাই হওক বা বাল্যবিবাহেই হওক বা এগৰাকী নাৰী বিধৱা হ’লে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইসমূহ উপস্থাপন কৰা হৈছে ।”

নতুন অসমীয়া ছবি ‘তমস্বিনী’ (ETV Bharat Assam)

ছবিখন নিৰ্মাণ কৰোতে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “ছবিখন নিৰ্মাণ কৰোতে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল । বিশেষকৈ আজিৰ সময়ত 1946 চনৰ এখন ছবি তুলি ধৰাটো অতি টান কাম । বৰ্তমান সকলোবোৰ সলনি হ'ল । এতিয়া আৰু গাঁওবোৰত আগৰ পৰিৱেশ নাই, ঘৰবোৰ আজিকালি পকী হ'ল, ৰাস্তা-ঘাটবোৰ ভাল হ'ল । শ্বুটিঙত আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল ।”

উল্লেখ্য যে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডাঃ অনামিকা কলিতাই । লগতে অভিনয় কৰিছে ৰাজেন ফুকন, আলেখ্য বৰুৱা, ফুনুপ্ৰভা সেনাপতি, দেৱজিৎ ডেকা, অনামিকা কলিতা, পপী মহন্ত, ত্ৰিবেণী গগৈ, আৰাৱলী কলিতা, শিশুশিল্পী গৰিমা কলিতা, ক্ৰিতিশা ডেকা আদিয়ে ।

লগতে পঢ়ক : অসমীয়া নাটক 'কুৰুক্ষেত্ৰ' সম্প্ৰচাৰিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.