ETV Bharat / entertainment

অতিমাত্ৰা সৌন্দৰ্যৰ বাবেও আহে প্ৰত্যাখ্যান ! - celebs rejected for good looks

Celebs rejected for looks: বেছি ধুনীয়া হ’লেও বিপদ ৷ অতি মাত্ৰা সুন্দৰ হোৱাৰো আছে নেতিবাচক দিশ ৷ আপুনি জানেনে, সুন্দৰ চেহেৰাৰ বাবেই বলীউডত বহু তাৰকাই হেৰুৱাবলগীয়া হৈছে ডাঙৰ সুযোগ ?

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 1:58 PM IST

Downside Of Beauty: Did You Know, Good Looks Cost These Actors Big Roles In Bollywood?
সৌন্দৰ্যও হৈ পৰে বাধা (ANI Photo)

চিটাৰা ডেস্ক, 17 জুলাই : মনোৰঞ্জন উদ্যোগে কেৱল যে সৌন্দৰ্যকেই গুৰুত্ব দিয়ে তেনে নহয়, অন্যান্য বৈশিষ্ট্য আৰু প্ৰতিভাকো ক্ৰমান্বয়ে মূল্য দিবলৈ লৈছে বলীউডে । কিন্তু প্ৰতিভা থকা সত্বেও কৃতি সেনন, গৌহৰ খান, ডিনো মৰিয়া, হৰ্ষ বৰ্ধন, সঞ্জীদা শ্বেইখ, নুশ্ৰত ভাৰুচ্চা, দিয়া মিৰ্জাৰ দৰে বহু তাৰকাৰ বাবে নিজৰ চেহেৰাই হৈ পৰিছে বিপদ ৷ নিজৰ সুন্দৰ চেহেৰাৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছে এইসকল তাৰকাই ।

অভিনয় জগতত শাৰীৰিক সৌন্দৰ্যই সফলতাৰ মূল চাবিকাঠি বুলি থকা ধাৰণাটো এতিয়া আৰু নাই । বৰ্তমান সময়ত অন্যান্য বৈশিষ্ট্য থকা প্ৰতিভাশালী অভিনেতাসকলে তেওঁলোকৰ উল্লেখযোগ্য প্ৰদৰ্শনেৰে স্পটলাইট নিজৰ ফালে টানি আনিছে । বলীউডৰ এই পৰিৱৰ্তনে অজানিতে কিন্তু সেইসকল প্ৰতিভাৱান তাৰকাৰ বাবে এক নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে যিসকলক কিছুমান বিশেষ ভূমিকাৰ বাবে "অত্যাধিক সুন্দৰ" বুলি গণ্য কৰা হয় । ফলস্বৰূপে, বহুতো তাৰকাই তেওঁলোকৰ আকৰ্ষণীয় ৰূপৰ বাবে বহু প্ৰজেক্ট হেৰুৱাব লগীয়া হৈছে ।

আকৰ্ষণীয় চেহেৰাৰ ফলত ভুক্তভোগী হ’বলগীয়া কৃতি সেনন, গৌহৰ খান, ডিনো মৰিয়া, হৰ্ষ বৰ্ধন, সঞ্জীদা শ্বেইখ, নুশ্ৰত ভাৰুচ্চা আৰু দিয়া মিৰ্জাৰ কাহিনী জানো আহক-

কৃতি সেনন : বলীউডৰ অন্যতম আকৰ্ষণীয় অভিনেত্ৰী কৃতি সেননে এই উদ্যোগত সন্মুখীন হোৱা প্ৰাৰম্ভিক সংগ্ৰামৰ বিষয়ে স্পষ্টকৈ কৈছে । এটা সাক্ষাৎকাৰত তেওঁৰ চেহেৰাৰ বাবে প্ৰত্যাখ্যান হোৱাৰ কথা মনত পেলাই তেওঁ কয় যে কিছুমানে আনকি পৰ্দাত অধিক প্ৰামাণিক দেখাবলৈ কিবা এটা অসম্পূৰ্ণতা থকাটো প্ৰয়োজন বুলিও তেওঁক কৈছিল । 33 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে প্ৰত্যাখ্যান পোৱাৰ পিচত তেওঁ প্ৰায়ে কান্দিছিল আৰু বিভ্ৰান্তি অনুভৱ কৰিছিল ।

গৌহৰ খান : আকৰ্ষণীয় অভিনয়ৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীয়েও একে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । 2022 চনৰ এক সাক্ষাৎকাৰত তেওঁ ডেনি বয়লৰ অস্কাৰ বিজয়ী ছবি স্লামডগ মিলিয়নেয়াৰ ছবিখনৰ বাবে অডিশ্যন দিয়াৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল । পাঁচটা ৰাউণ্ডৰ অডিশ্যন পাৰ কৰা স্বত্বেও অভিনেত্ৰীগৰাকীয়ে কৈছিল যে সুন্দৰ চেহেৰাৰ বাবেই অৱশেষত তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল ।

নুশ্ৰত ভাৰুচ্চা : প্যাৰ কা পঞ্চনামা, আকাশ বাণী আৰু চনু কে টিটু কি ছুইটীৰ দৰে ছবিত অভিনয় কৰি বলীউডত নিজকে প্ৰতিষ্ঠা কৰিছে নুশ্ৰতে । সফলতা লাভ কৰাৰ পিচতো তাৰকা হোৱাৰ পথটো প্ৰত্যাহ্বানহীন নাছিল তেওঁৰ । এটা সাক্ষাৎকাৰত নুশ্ৰতে তেওঁৰ সংগ্ৰামৰ বিষয়ে শ্বেয়াৰ কৰে, য’ত প্ৰশংসিত চিনেমা স্লামডগ মিলিয়নেয়াৰৰ পৰা আচৰিত ধৰণে প্ৰত্যাখ্যান পোৱাৰ কথা কৈছিল তেওঁ । অভিনেত্ৰীগৰাকীৰ মতে সুন্দৰ চেহেৰাৰ বাবে তেওঁক এই চৰিত্ৰটোৰ পৰা নাকচ কৰা হৈছিল । যদিও মেকাৰসকল তেওঁৰ অভিনয় ক্ষমতাত আপ্লুত হৈছিল, তথাপিও তেওঁলোকে নুশ্ৰতক বস্তি অঞ্চলৰ ছোৱালীৰ চৰিত্ৰৰ বাবে অতি ধুনীয়া বুলি গণ্য কৰিছিল ।

হৰ্ষ বৰ্ধন : এনে আন এক উদাহৰণ হ’ল অভিনেতা অনিল কাপুৰৰ পুত্ৰ হৰ্ষ বৰ্ধন কাপুৰ । এটা ভাইৰেল ভিডিঅ’ত হৰ্ষ বৰ্ধনে 2012 চনৰ ছবি লাইফ অফ পাইৰ মুখ্য চৰিত্ৰৰ বাবে প্ৰত্যাখ্যান পোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰা দেখা গৈছিল । তেওঁ শ্বেয়াৰ কৰে যে মেকাৰসকলে তেওঁক পণ্ডিচেৰীৰ সৰু ল’ৰা পাই পেটেলৰ চৰিত্ৰত অভিনয় কৰিবলৈ ‘অতি সুন্দৰ’ বুলি গণ্য কৰে । ছবিখনৰ নিৰ্মাতাসকলে অনুভৱ কৰিছিল যে তেওঁৰ ৰূপটো বিলৰ সৈতে খাপ নাখায় আৰু এইদৰেই তেওঁক নাকচ কৰা হৈছিল ।

সঞ্জীদা শ্বেইখ : একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আন এগৰাকী বিশিষ্ট অভিনেত্ৰী হৈছে সঞ্জীদা শ্বেইখ । উদ্যোগটোত দুটা দশকৰো অধিক অভিজ্ঞতাৰে সঞ্জীদাই নিজকে এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে । শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ "বেছি ধুনীয়া" বুলি টাইপকাষ্ট হোৱাৰ বিষয়ে আৰু ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰত কেনে প্ৰভাৱ পৰিছে সেই বিষয়ে মুকলিকৈ কয় । তেওঁ স্বীকাৰ কৰে যে এনেকুৱা দৃষ্টান্তও আছে য’ত তেওঁ নিজৰ সৌন্দৰ্যক লৈ নিৰাপত্তাহীনতা অনুভৱ কৰিছিল, কিয়নো ইয়াৰ ফলত তেওঁ বহু ভূমিকা হেৰুৱাইছে ।

দিয়া মিৰ্জা : অভিনেত্ৰী দিয়া মিৰ্জাইয়ো অত্যধিক সুন্দৰ হোৱাৰ অসুবিধাৰ বিষয়ে কৈছে । 2020 চনৰ এক সাক্ষাৎকাৰত, তেওঁ প্ৰকাশ কৰিছিল যে তেওঁৰ সুন্দৰ চেহেৰাৰ বাবে তেওঁ কেইবাটাও চৰিত্ৰ হেৰুৱাইছিল । দিয়াৰ মতে, তেওঁৰ চেহেৰা তেওঁৰ কেৰিয়াৰত বাধা হৈ আহিছে ৷ চলচ্চিত্ৰ নিৰ্মাতাসকলে প্ৰায়ে আকৰ্ষণীয় চেহেৰাৰ বাবে তেওঁক প্ৰত্যাখান কৰিছিল ৷

ডিনো মৰিয়া : ডিনো মৰিয়াই তেওঁৰ সুন্দৰ চেহেৰাৰ সৈতে অতি আকৰ্ষণীয় হোৱাৰ পৰিণাম ভূগিছে । তেওঁৰ কথাত, এইটো এটা "অদ্ভূত" ঘটনা, য'ত চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁক প্ৰত্যাখ্যান কৰে কিয়নো তেওঁলোকে ভাবে যে ডিনো তেওঁলোকৰ চলচ্চিত্ৰৰ চৰিত্ৰবোৰৰ বাবে যথেষ্ট সুন্দৰ । ডিনোৱে বিশ্বাস কৰে যে উদ্যোগটোৰ মানুহে প্ৰায়ে তেওঁৰ শাৰীৰিক অৱয়বৰ উৰ্ধত তেওঁক চাবলৈ ব্যৰ্থ ।

লগতে পঢ়ক : ভাৰতীয় পোচাক পিন্ধি কাৰ্দাছিয়ান ভগ্নীৰ ভাৰত ভ্ৰমণ - Kardashian Sisters in traditional

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.