ETV Bharat / entertainment

চাকিৰ পোহৰ, মিঠাই আৰু কেইটামান ক্লাছিক গীত-এটা নিখুঁত দীপাৱলীৰ সন্ধ্যা - BEST DIWALI SONGS

আজি পোহৰৰ উৎসৱ দেৱালী ৷ ঘৰখন নতুনকৈ সজোৱাৰ লগতে ৰঙীন সাজেৰে নিজকে সজোৱালৈকে কেইটামান গীতেৰে সন্ধ্যাটো জীপাল কৰি তোলক-

entertainment news
পোহৰৰ উৎসৱ দেৱালী (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : Oct 31, 2024, 1:13 PM IST

মুম্বাই : ভাৰত হৈছে উৎসৱৰ দেশ ৷ গোটেই বছৰটোতে ভাৰতত বিভিন্ন উৎসৱ উদযাপন কৰা হয় ৷ এই সকলোবোৰৰ ভিতৰত দেৱালী হৈছে এটা আটাইতকৈ জনপ্ৰিয় উৎসৱ ৷ দেৱালীৰ আগমনৰ লগে লগে উতনুৱা হৈ পৰে মানুহৰ মন ৷ ঘৰখন নতুনকৈ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰে সকলো ৷ ৰংগোলী বনোৱাৰ পৰা আৰম্ভ কৰি ঘৰ বিভিন্ন ধৰণৰ মিঠাইৰে ভৰি পৰে সকলোৰে ৷ সম্পৰ্কীয় মানুহৰ সৈতে পোহৰৰ উৎসৱ দেৱালীত প্ৰতিজন ভাৰতীয়ই মন খুলি আনন্দ কৰে ৷

বৃহস্পতিবাৰে দেশবাসী দেৱালী উদযাপন কৰিবলৈ সাজু হৈছে ৷ এটা উৎসৱ য’ত ঘৰ এখন নানা ৰঙী পোহৰেৰে জিলিকি উঠে, তেনে সময়ত উৎসৱটোৰ লগত মিলাই গান নাবাজিলে কেনেকৈ হ’ব ? দেৱালী উদযাপনৰ গানবোৰে উৎসৱটোত এক অনন্য মাত্ৰা যোগ কৰে । এই বিশেষ দিনটোত বলীউডৰ কেইটামান কালজয়ী হিট আপোনালোকলৈ আগবঢ়ালো যিবোৰে দেৱালীৰ সঠিক পৰিৱেশ বৰ্ণান কৰে আৰু উদযাপন সঁচাকৈয়ে স্মৰণীয় কৰি তোলে ।

মেৰে তুমহাৰে সবকে লিয়ে হেপ্পী দিৱালী : পোহৰৰ উৎসৱৰ এইটো এটা অন্যতম জনপ্ৰিয় গীত । এই ট্ৰেকটো 'হোম ডেলিভাৰী : আপকো... ঘৰ টক' চিনেমাৰ । বৈশালী, সুৰতী, দিব্য, সুৰজ আৰু সুনিধি চৌহানে গোৱা এই গীতটিৰ কথা ৰচনা কৰিছে বিশাল দাদলানীয়ে ।

দীপ দিৱালী কে ঝুথে : এইটো ১৯৬০ চনৰ বলীউড ছবি 'জুগনু'ৰ এটা কালজয়ী দেৱালী গান । কিংবদন্তী গায়ক মহম্মদ ৰফিৰ দ্বাৰা গোৱা এই গীতটোৱে দেৱালীৰ উৎসৱৰ সাৰাংশ সুন্দৰভাৱে উপস্থাপন কৰে, পৰম্পৰাগত উপাদানৰ সৈতে এক সুমধুৰ সুৰৰ সংমিশ্ৰণ কৰে ।

আয়ী হে দিৱালী : এই ক্লাছিক গীতটিয়ে পোহৰৰ উৎসৱৰ আগমনৰ বতৰা দিয়ে । ২০০১ চনৰ ‘আমদনি আঠান্নী খৰচা ৰূপাইয়া’ ছবিৰ এই গানটোত উদিত নাৰায়ণ, অল্কা য়াগনিক, কুমাৰ চানু, শ্বান, কেতকী ডেভ আৰু স্নেহা পণ্টে কণ্ঠদান কৰিছে ।

শুভ দীপাৱালী : ২০০৫ চনৰ বলীউড ছবি ‘হোম ডেলিভাৰী’ৰ এটি জীয়া দীপাৱলী গীত । এই উদযাপনমূলক গীতটোৱে পোহৰৰ উৎসৱৰ আনন্দ আৰু উষ্ণতাক নিখুঁতভাৱে জীয়াই তোলে । গীতটোৱে ইতিবাচকতা বিকিৰণ কৰে, সকলোকে উৎসৱমুখৰ মনোভাৱক সুখেৰে আঁকোৱালি ল’বলৈ উৎসাহিত কৰে ।

আয়ী আবকে সাল দিৱালী : এই চিৰসেউজ দেৱালী গানটো ধৰ্মেন্দ্ৰ আৰু প্ৰিয়া ৰাজবংশ অভিনীত 'হাকিকত' ছবিখনৰ । এই ক্লাছিক ট্ৰেকটো লতা মংগেশকাৰে গাইছিল আৰু গীত কাইফি আজমীয়ে লিখিছিল ।

এক ৱহ ভী দীপাৱলী থি : ১৯৬১ চনৰ ‘নজৰানা’ ছবিৰ এইটো এটা দীপাৱলীৰ গীত । ৰাজেন্দ্ৰ কৃষণৰ কথাৰে মুকেশৰ কণ্ঠত গীতটিৰ সুৰ কৰিছে সংগীত পৰিচালক ৰবি শংকৰ শৰ্মা (ৰবি)য়ে । ইয়াত ৰাজ কাপুৰ, বৈজয়ন্তীমালা, উষা কিৰণ, মিথুন গণেশন, আৰু আঘাৰ দৰে বিশিষ্ট তাৰকাই অভিনয় কৰিছে ।

চিৰাগো কে ৰংগীন দিৱালী : লতা মংগেশকাৰৰ এই ক্লাছিক ট্ৰেকটো ৰাজ কাপুৰ অভিনীত ‘নজৰানা’ ছবিৰ । এই চিৰসেউজ গীতটোৱে দেৱালীৰ সাৰাংশ ধৰি ৰাখে, উৎসৱৰ আনন্দেৰে ঘৰ ভৰাই তোলে আৰু প্ৰতিটো প্ৰজন্মকে উদযাপনত একত্ৰিত কৰে ।

এই প্ৰতিষ্ঠিত গীতবোৰে দেৱালীৰ মাদকতা জীয়াই ৰাখে, আমাক এই উৎসৱটোৱে অনা পোহৰ, প্ৰেম আৰু সুখক আঁকোৱালি ল’বলৈ সোঁৱৰাই দিয়ে ।

লগতে পঢ়ক : সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ জাঁপ মাৰিলে কালীন ভাইয়া, গুড্ডু পণ্ডিত আৰু মুন্না ভাইয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.