ETV Bharat / entertainment

ঘোষণা হ’ল ‘কেচটো নগেন’ৰ মুক্তিৰ দিন - ASSAMESE MOVIE CASE TU NAGEN

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Case to Nagen: আগন্তুক বৰ্ষৰ আৰম্ভণিতে আহি আছে এখন নতুন অসমীয়া ছবি ‘কেচটো নগেন’। শেহতীয়াকৈ মুকলি কৰা হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ ।

director-dhanjit-das-movie-case-tu-nagen-gets-its-release-date-hit-theatres-on-17th-january-2025
নতুন অসমীয়া ছবি (Case tu Nagen Team)

গুৱাহাটী, 23 ছেপ্টেম্বৰ : ‘কেচটো নগেন’- প্ৰায় প্ৰতিজন অসমীয়া এই আপ্ত শব্দ দুটাৰ সৈতে পৰিচিত ৷ প্ৰতিটো ভাষাতে এনে কিছুমান মুখে মুখে চলা শব্দ বা খণ্ডবাক্য থাকে ৷ ঘটনা আৰু সময়োপযোগী ধৰণে সকলোৱে সেইবোৰ ব্যৱহাৰ কৰে ৷ ‘কেচটো নগেন’ৰ দৰে ‘গোলমাল হে ভাই, গোলমাল হে’ বুলিও মানুহৰ মাজত খুবেই প্ৰচলিত এষাৰ কথা আছে ৷ 2000 চনত মুক্তি পোৱা হিন্দী চিনেমা 'হেৰা ফেৰি'ৰ এই সংলাপ সকলোৰে মাজত প্ৰিয় হৈ পৰে ৷ এই সংলাপটো সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কৰবাত প্ৰয়োগ কৰিছে ।

আমি সাধাৰণতে কৰবাত গোলমাল বা কিবা গণ্ডগোল দেখিলেই টপৰাই অসমীয়াত কওঁ ‘কেচটো নগেন’ । অৰ্থাৎ তাৰ দ্বাৰা এইটোৱে বুজাও যে কিবা কাণ্ড এটা ঘটিছে বা ঘটিব ৷ কিন্তু এই এনেদৰে চলি অহা শব্দ দুটাই কেতিয়াবা চিনেমাৰ আকাৰ ল’ব… কল্পনা কৰিছিলেনে আপোনালোকে ?

director-dhanjit-das-movie-case-tu-nagen-gets-its-release-date-hit-theatres-on-17th-january-2025
অসমীয়া ছবিখনৰ পোষ্টাৰ (Case tu Nagen Team)

ৰূপালী পৰ্দাত শীঘ্ৰেই জিলিকিব এই দুটা শব্দ ৷ কেচটো কেনেদৰে নগেন হ’ব অতি শীঘ্ৰে দৰ্শকে ছবি আকাৰে দেখা পাব । আগন্তুক বৰ্ষৰ 17 জানুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিবলৈ সাজু হৈছে ‘কেচটো নগেন’ শীৰ্ষক এখন নতুন ছবিখন । সাম্প্রতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰখা এক বাস্তৱধৰ্মী কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন । শেহতীয়াকৈ মুকলি কৰা হয় ‘কেচটো নগেন’ ৰ এখন পোষ্টাৰ । RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ ।

আনহাতে অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাসৰ লগতে প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পুৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।

ছবিখন সন্দৰ্ভত ছবিখনৰ অভিনেত্ৰী অমৃতা গগৈয়ে জনাই, “ট্ৰেডিং যেনেদৰে বিত্তীয় কেলেংকাৰী হৈ আছে তেনেকুৱা এটা বিত্তীয় কেলেংকাৰীৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে । ট্ৰেডিঙক লৈ বিত্তীয় কেলেংকাৰী অসমত এতিয়া হৈছে কিন্তু আমি এই ছবিখনৰ শ্বুটিং কৰিছিলো ফেব্ৰুৱাৰী, মার্চ মাহ মানতে । তেতিয়া এনেধৰণৰ কথাবোৰ ওলোৱাই নাছিল । বহুত সময়ত এনেকুৱা হয় যে কথাবোৰ মিলি যায়, কিন্তু সেই কেলেংকাৰী সঁচা হয় নে নহয় আমি নাজানো । কিন্তু ছবিখনত যি কেলেংকাৰী সেয়া সঁচা হয় আৰু কেচটো নগেনৰ দোষী ধৰা পৰিব আৰু দোষীক আমি কি শাস্তি দিওঁ, ভগৱানে কি শাস্তি দিয়ে এই গোটেইবোৰ সামৰি কেচটো নগেনৰ কাহিনী ।” আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : কেচটো নগেন, মাঘ বিহুৰ সময়তে হয়তো পাব পাৰে খবৰটো - ASSAMESE MOVIE CASE TU NAGEN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.