ETV Bharat / entertainment

সমগ্ৰ ভাৰতকে সুৰামুক্ত কৰিবলৈ আহ্বান দিলজিৎ দোছাঞ্জৰ - DILJIT DOSANJH CONCERT

ভাৰতত সকলো সুৰাৰ দোকান বন্ধ হ’লে সুৰা থিমযুক্ত গীত নোগোৱাৰ প্ৰতিশ্ৰুতি দিলজিৎ দোছাঞ্জৰ, জাননীৰ প্ৰতি সঁহাৰি জনাই কনচাৰ্টৰ সময়ত গীতৰ কথা সলনি !

Diljit Dosanjh Declares He Will Stop Singing Alchohol-Themed Songs If Government Bans Liquor Across India
দিলজিৎ দোছাঞ্জ (Photo: PTI)
author img

By ETV Bharat Entertainment Team

Published : Nov 19, 2024, 4:15 PM IST

হায়দৰাবাদ : সমগ্ৰ দেশতে সুৰাৰ দোকান বন্ধ হ’লে সুৰা থিমযুক্ত গীত গোৱা বন্ধ কৰিব বুলি ঘোষণা কৰিছে পাঞ্জাবী গায়ক-অভিনেতা দিলজিৎ দোছাঞ্জে । দেওবাৰে দিল-লুমিনাটী ইণ্ডিয়া ট্যুৰ ২০২৪ ৰ অংশ হিচাপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা এক কনচাৰ্টত দিলজিতে মদ্যপান সম্পৰ্কীয় গানক লৈ হোৱা সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত হোৱা কনচাৰ্টৰ পূৰ্বে তেলেংগানা চৰকাৰৰ পৰা মদ, ড্ৰাগছ বা হিংসা বিয়পোৱা গান পৰিৱেশন নকৰিবলৈ জাননী লাভ কৰাৰ পিছতে তেওঁ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

শিল্পীগৰাকীয়ে হায়দৰাবাদ শ্ব’ৰ সময়ত তেওঁৰ জনপ্ৰিয় গীত লেম’নেড আৰু ৫ টাৰাৰ গীতৰ কথা সলনি কৰি ‘দাৰু’ (মদ)ৰ সলনি ‘ক'ক’ আৰু ‘থেকা’ (মদৰ দোকান)ৰ সলনি ‘হোটেল’ ব্যৱহাৰ কৰে । ড্ৰাই ষ্টেট আহমেদাবাদত হাস্যৰসৰ মাজেৰে দিলজিতে কয়, “এটা ভাল খবৰ আছে - আজি মই কোনো জাননী পোৱা নাই । গুজৰাট ড্ৰাই ষ্টেট হোৱাৰ বাবেই মই মদ সম্পৰ্কীয় কোনো গীত গোৱা নাগাওঁ ।”

নিজৰ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজে মদ্যপান নকৰে বুলি প্ৰকাশ কৰা দিলজিতে সমগ্ৰ ভাৰতৰ চৰকাৰসমূহক সকলো ৰাজ্যকে ড্ৰাই ষ্টেট ঘোষণা কৰিবলৈ প্ৰত্যাহ্বান জনায় । “যদি সকলো ৰাজ্য ড্ৰাই ষ্টেট হয়, তেন্তে মই পিছদিনাৰ পৰাই মদৰ বিষয়ে গান গোৱা বন্ধ কৰি দিম । আহক আমি এটা আন্দোলন আৰম্ভ কৰোঁ ।” মহামাৰীৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে সুৰা বিক্ৰীয়ে ৰাজ্যৰ ৰাজহত যথেষ্ট অৰিহণা যোগায় ।

দিলজিতে নিজৰ শিল্পকলাৰ পক্ষ লয়, বলীউডৰ দ্বৈত মানদণ্ডৰ কথা আঙুলিয়াই দিয়ে য’ত বহু গীতে মদৰ প্ৰচাৰ কৰে । তেওঁ মন্তব্য কৰে যে, “মই ডজন ডজন ভক্তিমূলক গীত গাইছো, কিন্তু সদায় পাটিয়ালা পেগৰ দৰে গানবোৰতে গুৰুত্ব দিয়া হয় । মই মোৰ গীতবোৰ সহজে সলনি কৰো কাৰণ মই মদ নাখাওঁ ।”

৪০ বছৰীয়া দিলজিতে অধিক বিতৰ্ক পৰিহাৰ কৰিবলৈ তেওঁৰ সংগীতানুষ্ঠানৰ দিনত ড্ৰাই ডে’ৰ প্ৰস্তাৱ দিয়ে । তেওঁ গুজৰাটৰ ড্ৰাই আইনৰ প্ৰশংসা কৰে আৰু পঞ্জাৱৰ অমৃতসৰকো ড্ৰাই স্থান হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায় । দহখন চহৰক সামৰি লোৱা দিল-লুমিনাটী ইণ্ডিয়া ট্যুৰ ২০২৪, ২৯ ডিচেম্বৰত গুৱাহাটীত সমাপ্ত হ’ব ।

লগতে পঢ়ক : কনচাৰ্টৰ পূৰ্বে দিলজিৎ দোছাঞ্জলৈ তেলেংগানা চৰকাৰৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.