ETV Bharat / entertainment

মাত্ৰ ৯৯ টকাত নৃত্যৰ প্ৰশিক্ষণ : এগৰাকী ব্যতিক্ৰমী ই-ৰিক্সা চালক - Dance training

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 4:08 PM IST

Dance training by E-Rickshaw driver : পেচাত এগৰাকী ই-ৰিক্সা চালক যদিও তেখেত এগৰাকী নৃত্যবিদ ৷ মাত্ৰ 99 টকাতে প্ৰদান কৰে নৃত্যৰ প্ৰশিক্ষণ ৷ নৃত্যবিদজনৰ শিক্ষাৰ্থীয়ে নাম কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়তো ৷

Dance training by E-Rickshaw driver
মাত্ৰ ৯৯ টকাত প্ৰদান নৃত্যৰ প্ৰশিক্ষণ (ETV Bharat Assam)

যোৰহাট, ১০ জুলাই : ব্যক্তিজন পেচাত এজন ই-ৰিক্সা চালক ৷ কিন্তু শৈশৱৰ পৰাই নৃত্যৰ প্ৰতি থকা অদম্য হেঁপাহৰ বাবে ব্যক্তিজন সম্প্ৰতি হৈ পৰিছে এজন সফল নৃত্যবিদ ৷ কোনোধৰনৰ নৃত্যৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ মৰিয়নীৰ ৰাজা পাল নামৰ নৃত্যবিদজনে নৱ-প্ৰজন্মক নৃত্যৰ চন্দৰে জগত জিনাৰ প্ৰয়াস চলাইছে ৷

ৰাজা পালে দিনটোৰ আগবেলা ই-ৰিক্সা চলাই পৰিয়াল পোহপালৰ বাবে ৷ কিন্তু বিয়লি তেওঁ নচলাই ই-ৰিক্সা । বিয়লিৰ ভাগত ৰাজাক দেখিবলৈ পোৱা যায় এক ব্যতিক্ৰমী ৰূপত ৷ নৱ-প্ৰজন্মক নৃত্যৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে ব্যক্তিজন ব্যস্ত হৈ পৰে নৃত্যৰ কৰ্মশালাত । মৰিয়নীৰ প্ৰতিভাশালী ন-শিকাৰুক নৃত্য শিকাই আহিছে ৰাজা পাল নামৰ লোকজনে ।

ইফালে মৰিয়নীত ২০০১ চনতে A 1 নামেৰে এক ডান্স একাডেমী স্থাপন কৰি কণকণ কিশোৰ-কিশোৰীক নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে ৰাজা পালে ৷ ৰাজা পালৰ ডান্স একাডেমীত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ২০১৮ চনত আঁচল সৰগম মালাকাৰ নামৰ এগৰাকী যুৱতী ৰিয়েলিটি শ্ব’ ডান্স প্লাছত ছেকেণ্ড ৰাণাৰ্ছ আপ হ’বলৈ সক্ষম হৈছিল ৷

ইপিনে শেহতীয়াকৈ ৰাজা পালৰ বিশেষ উদ্যোগত কলকাতাৰ বিশিষ্ট কৰিঅ’গ্ৰাফাৰ ডি এচ ৰয়ে গীষ্ম বন্ধত ন-শিকাৰুসকলক মৰিয়নী বাণিজ্য মহাবিদ্যালয়ত নৃত্যৰ প্ৰশিক্ষণ দি আছে । ইফালে ৰাজা পালে নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ বিনিময়ত মাননী হিচাপে গ্ৰহণ কৰে মাত্ৰ ৯৯ টকা ৷ উজনিৰ যোৰহাট, গোলাঘাট, দেৰগাঁও, নাজিৰা, শিমলুগুৰিৰ পৰা প্ৰায় দুই শতাধিক ল’ৰা-ছোৱালীক সম্প্ৰতি নৃত্যৰ প্ৰশিক্ষণ দি আছে ৰাজা পালে ।

এনেদৰে ডান্স একাডেমীৰ পৰা নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি মৰিয়নীৰ নৱ প্ৰজন্মই সৰ্বভাৰতীয় পৰ্যায়ত নৃত্যৰ জৰিয়তে অসমৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশাবাদী ৰাজা পাল ।

লগতে পঢ়ক: চিৰাঙত বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.