গুৱাহাটী: দেওবাৰে সামৰণি পৰিল নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱৰ । গুৱাহাটীৰ জ্যোতি চিত্ৰৱন ফিল্ম ষ্টুডিঅ'ত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত অসমীয়া ছবিজগতৰ প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ আগবঢ়োৱা হয় জীৱনজোৰা কৃতিত্ব বঁটা । সমান্তৰালভাৱে কেনী দেউৰী বসুমতাৰী পৰিচালিত বড়ো ছবি বিবো বিনানাও (মোৰ তিনি ভনী)ক শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হয় ।
লগতে লংদৈ আমা (সন্ধিক্ষণ) নামৰ মণিপুৰী ছবিখনৰ বাবে বিনোৰঞ্জন ঐনামক প্ৰদান কৰা হয় শ্ৰেষ্ঠ পৰিচালকৰ সন্মান । শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে গাৰো ছবি চাঞ্চিছোৱা (প্ৰত্যাশা)ই আৰু সমীৰণ ডেকাৰ টীনছ অব ১৯৪২ (১৯৪২ চনৰ কিশোৰ-কিশোৰী)এ লাভ কৰে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান । ৫ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত উদীয়মান প্ৰতিভাৰ বাবে এক মঞ্চ আগবঢ়োৱা হয় ।
মহোৎসৱত মুঠ ৩০খন ছবি প্ৰদৰ্শন কৰা হয় । ইয়াৰে ভিতৰত প্ৰতিযোগিতামূলক শাখাত ২০খন আৰু অপ্ৰতিযোগিতামূলক শাখাত ১০খন ছবি আছিল ৷ এই বাৰেৰহণীয়া ছবিসমূহৰ মাজত ১৩খন বৈশিষ্ট্যপূৰ্ণ ছবি, ৫খন তথ্যচিত্ৰ আৰু ১২খন চুটি ছবি প্ৰদৰ্শন কৰা হয় । লগতে প্ৰদৰ্শন কৰা হয় দুখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰও ।
মহোৎসৱত চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাপ্ৰেমীসকলক বিশেষকৈ নৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ মাষ্টাৰক্লাছৰো ব্যৱস্থা কৰা হৈছিল । পৰিচালক টিংমাঞ্চু ঢুলীয়া, নীতিন বেদকে ধৰি দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীকে ধৰি প্ৰায় ৫০ গৰাকীৰো অধিক পৰিচালক, লেখক, সম্পাদক এই মহোৎসৱত উপস্থিত থাকে । প্ৰতিদিনে এই মহোৎসৱলৈ আগমন ঘটিছিল ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ বহু চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ । ছবিসমূহ উপভোগ কৰা ছাত্ৰ-ছাত্ৰীয়ে মাষ্টাৰক্লাছতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: 27 বছৰৰ পিছত আকৌ আহি আছে "টাইটানিক"