ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান : বলীউড তাৰকাই বৃদ্ধি কৰিলে গ্লেমাৰ - Anant Radhika Sangeet Night

Anant Radhika sangeet : ছলমান খান, মাধুৰী দীক্ষিত নেনে আৰু হাৰ্দিক পাণ্ডিয়াৰ দৰে তাৰকাসকলৰ উপস্থিতিত জিলিকি উঠিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীতৰ অনুষ্ঠান । সিদ্ধাৰ্থ-কিয়াৰা, বৰুণ-নাতাশা, ৰণবীৰ-আলিয়া সকলোৰে উপস্থিতিৰে এই সংগীতানুষ্ঠান পৰিণত হৈ পৰে এক গ্লেমাৰাছ অনুষ্ঠানলৈ ৷

author img

By ETV Bharat Entertainment Team

Published : Jul 6, 2024, 12:20 PM IST

Bollywood celebrities at Anant Ambani and Radhika Merchant's sangeet ceremony VIDEO
অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান (ANI)

চিটাৰা ডেস্ক, 6 জুলাই : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠান কোনো সপোন নগৰীতকৈ কম নহয় ৷ ছলমান খানৰ পৰা মাধুৰী দীক্ষিত নেনে আৰু হাৰ্দিক পাণ্ডিয়ালৈকে, বহুতো চেলেব্ৰিটীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে । সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানী, বৰুণ ধৱন-নাতাশা দালালকো ৫ জুলাইত মুম্বাইৰ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত (এনএমএচিচি) দেখা যায় ।

অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান (ANI)

কৰ্চেট কনচেপ্টৰ শাৰী পিন্ধা কিয়াৰাক দেখা গ’ল মোহনীয় ৰূপত ৷ আনহাতে সিদ্ধাৰ্থে এম্ব্ৰয়ডাৰী কৰা দীঘল জেকেটৰ সৈতে যোৰ কৰা ক’লা কুৰ্তা পিন্ধি পত্নীৰ সৈতে ফটোৰ বাবে ৰ’জ দিয়ে । নতুনকৈ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰা বি-টাউনৰ বৰুণ আৰু নাতাশাই কেমেৰাৰ সন্মুখত সুন্দৰকৈ প’জ দিয়ে । বৰুণে পিন্ধিছিল আইভৰী কুৰ্তা আৰু নাতাশাই পিন্ধে উজ্জ্বল লেহেংগা ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিয়াত কমলা লেহেংগাত কাৰ হিয়া জুৰালে জাহ্নৱীয়ে - Anant Radhika Wedding

সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে বাছি লয় একেই ৰঙৰ আউটফিট । আলিয়া আৰু ৰণবীৰে ক’লা সাজ-পোছাকেৰে ফেশ্বন ট্ৰেণ্ড স্থাপন কৰে ।

বহু প্ৰতীক্ষিত এই বিবাহ উৎসৱৰ অংশ হিচাপে, মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে ২ জুলাইত পালঘৰৰ স্বামী বিবেকানন্দ বিদ্যামন্দিৰত দুখীয়াসকলৰ বাবে এক গণ বিবাহৰ আয়োজন কৰে । 3 জুলাইত, তেওঁলোকে এক দৰ্শনীয় মামেৰু অনুষ্ঠানৰ আয়োজন কৰে, যি হৈছে এক গুজৰাটী পৰম্পৰা, য'ত কইনাৰ মোমায়েকে কইনাক উপহাৰ আৰু মিঠাই লৈ সাক্ষাৎ কৰে ।

হিন্দু বৈদিক ৰীতি-নীতিৰ মাজেৰে এই বিবাহৰ প্ৰতিটো পৰ্বই সতৰ্কতাৰে পৰিকল্পনা কৰা হৈছে । মুখ্য অনুষ্ঠান শুকুৰবাৰে, 12 জুলাইত শুভ বিবাহৰ সৈতে আৰম্ভ হ'ব । অতিথিসকলক পৰম্পৰাগত ভাৰতীয় পোছাক পৰিধান কৰি আহিবলৈ অনুৰোধ কৰা হৈছে ।

13 জুলাই, শনিবাৰে, শুভ আশীৰ্বাদৰ সৈতে এই বিবাহ উদযাপন অব্যাহত থাকিব । মংগল উৎসৱ বা বিবাহৰ অভ্যৰ্থনা 14 জুলাই দেওবাৰে অনুষ্ঠিত হ'ব । চলিত বৰ্ষৰ আৰম্ভণিতে জামনগৰত দুই পৰিয়ালে বিবাহৰ পূৰ্বে এক ধাৰাবাহিক উৎসৱৰ আয়োজন কৰিছিল, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাৰ সমাহাৰ ঘটিছিল ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিং; ৰিহানাৰ সংগীত অনুষ্ঠানে আপ্লুত কৰিলে সকলোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.