গুৱাহাটী : গুৱাহাটীত উপস্থিত বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনা । শীঘ্ৰেই আহিবলগীয়া এখন বিগ বাজেটৰ অসমীয়া ছবিত দেখিবলৈ যাব প্ৰবীণ অভিনেতাগৰাকীক । অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতাৰ লগত স্ক্ৰীণ শ্বেয়াৰ কৰিব বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷
দেওবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় অভিনেতাগৰাকী । কম সময়ৰ ভিতৰতে আৰম্ভ হ’ব ছবিখনৰ দৃশ্যগ্ৰহণৰ কামো । প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাক ।
আহিবলগীয়া নতুন অসমীয়া ছবি ‘মোক্ষ’ত তেওঁ অভিনয় কৰিব এটি বিশেষ চৰিত্ৰত । আকৰ্ষণীয় কথাটো হ’ল যে এই ছবিখনৰ মুখ্য চৰিত্ৰটো ৰূপায়ন কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ সোমবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মহুৰত অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকি অভিনেতাগৰাকীয়ে নিজৰ মতামত ব্যক্ত কৰে এইদৰে, “ডেৰ হাজাৰ কিলোমিটাৰ দূৰৰ মুম্বাইৰ পৰা মোক আজি ইয়ালৈ মাতি অনাৰ বাবে মই অতি সুখী অনুভৱ কৰিছো । এই সৌভাগ্য সকলোৱে লাভ নকৰে । ঈশ্বৰৰ আশীৰ্বাদত মই এই সৌভাগ্য লাভ কৰিছো । এই ছবিখনত মোৰ চৰিত্ৰটো ইমান ডাঙৰ নহয় যদিও বহুত গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ । যিমানদূৰলৈ মই ছবিখনৰ বিষয়বস্তুৰ বিষয়ে জানিব পাৰিছো, মোৰ ছবিখনৰ বিষয়বস্তু বহুত ভাল লাগিছে । মই আশাবাদী যে দৰ্শকে ছবিখন চাই ভাল পাব । ছবিখনৰ যি কাহিনী সেয়া অতি হৃদয়স্পৰ্শী । ছবিখনত দেশপ্রেম, প্ৰেম আৰু বন্ধুত্বৰ সুন্দৰ উপস্থাপন কৰা হৈছে ৷”
উল্লেখ্য যে, ২৫০ খনতকৈয়ো অধিক বলীউডৰ ছবিত অভিনয় কৰা অভিনেতাগৰাকীয়ে অভিনয় জীৱনৰ পাতনি মেলিছিল ১৯৭০ চনত । হিন্দীৰ লগতে তেলুগু, মালায়ালম আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে । প্ৰথমাৱস্থাত তেওঁ সহ-অভিনেতা হিচাপেই অভিনয় জীৱনৰ আৰম্ভণি ঘটাইছিল ৷
তেওঁ অভিনয় কৰা কেইখনমান উল্লেখনীয় জনপ্ৰিয় ছবি হ’ল মিষ্টাৰ ইণ্ডিয়া, ত্ৰিদেৱ, ঘায়েল, খিলাড়ী, গোলাম, গুপ্ত: দ্য হিডেন ট্ৰুথ, ডুপ্লিকেট, ছ’লজাৰ, বাগৱান, ফানা, ক্ৰীছ, এক হি ৰাস্তা (১৯৯৩), বজৰংগী ভাইজান ,ফিৰ হেৰাফেৰী আদি । ছবিত অভিনয় কৰাৰ লগতে তেওঁ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰততো অভিনয় কৰিছিল শৰৎ ছাক্সেনাই ।
তেওঁ ১৯৯৮ চনৰ গোলাম ছবিখনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ খলনায়ক বঁটাৰ বাবেও মনোনীত হৈছিল । আনহাতে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনত কি চৰিত্ৰত অভিনেতাগৰাকীয়ে অভিনয় কৰিব সেয়া এতিয়ালৈকে জানিব পৰা নাই ৷ এখন অসমীয়া ছবিত জনপ্ৰিয় অভিনেতাগৰাকীয়ে অভিনয়ৰ কৰাৰ এই খবৰে উৎসাহিত কৰিছে চলচ্চিত্ৰপ্ৰেমী ৰাইজক ।
লগতে পঢ়ক : ষষ্ঠ সংখ্যক জাতিংগা মহোৎসৱৰ মঞ্চ কঁপালে বলীউডৰ সংগীতশিল্পী নীৰজ শ্ৰীধৰে