ETV Bharat / entertainment

অক্ষয়-টাইগাৰৰ বড়ে মিঞা ছোটে মিঞাৰ টাইটেল ট্ৰেক মুকলি

Bade Miyan Chote Miyan Title Track: আজি বড়ে মিঞা ছোটে মিঞা টাইটেল ট্ৰেক মুক্তি পালে ৷ ইয়াত চাওক গীতটি ৷

Bade Miyan Chote Miyan Title Track: Akshay Kumar, Tiger Shroff's Brotherhood in Full Display - Watch
বড়ে মিঞা ছোটে মিঞা টাইটেল ট্ৰেক মুক্তি
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 1:09 PM IST

চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী : অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ছবি ‘বড়ে মিঞা ছোটে মিঞা’ বৰ্তমান চৰ্চাত । প্ৰথমে ছবিখনৰ টিজাৰে আৰু এতিয়া ছবিখনৰ টাইটেল ট্ৰেকে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ আজি মুক্তি পালে ছবিখনৰ টাইটেল ট্ৰেক ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ‘বড়ে মিঞা ছোটে মিঞা’ ছবিখন মূল ছবিখনৰ বাবেই আৰু অধিক চৰ্চাত আছে । ১৯৯৮ চনত মুক্তি পোৱা অমিতাভ বচ্চন আৰু গোবিন্দা অভিনীত ছবি ‘বড়ে মিঞা ছোটে মিঞা’ ছুপাৰহিট হৈছিল । এই ছবিখনত এই যুটিটোৱে দৰ্শকক ব্যাপক মনোৰঞ্জন দিছিল । এনে পৰিস্থিতিত অনুৰাগীয়ে ছিকুৱেলৰ পৰাও একে ধৰণৰ মনোৰঞ্জনৰ আশা কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অক্ষয়-টাইগাৰে দেখুৱাব পাৰিব নে যাদু ?

শেহতীয়াকৈ অক্ষয় কুমাৰে ‘বড়ে মিঞা ছোটে মিঞা’ৰ টাইটেল ট্ৰেক মুক্তিৰ তথ্য শ্বেয়াৰ কৰিছিল । তেতিয়াৰ পৰাই এই গীতটোক লৈ অনুৰাগীৰ মাজত উচাহ দেখা পোৱা গৈছিল । এতিয়া অৱশেষত মুক্তি পালে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ এই গীতটো ৷

গীতটিৰ সৃষ্টিকৰ্তা কোন ?

অনিৰুদ্ধ ৰবিচন্দৰ আৰু বিশাল মিশ্ৰই ‘বড়ে মিঞা ছোটে মিঞা’ৰ টাইটেল ট্ৰেকত কণ্ঠদান কৰিছে । গীতটিৰ কথা ৰচনা কৰিছে ইৰশ্বাদ কামিলে, আনহাতে গীতটিৰ সুৰ কৰিছে বিশাল মিশ্ৰই । ‘বড়ে মিঞা ছোটে মিঞা’ৰ নৃত্য পৰিচালনা কৰিছে বস্কো-চিজাৰৰ যুটিয়ে ।

বিএমচিএমৰ অভিনেতা-অভিনেত্ৰী কোন ?

'বড়ে মিঞা ছোটে মিঞা'ত নিৰ্মাতাই পানীৰ দৰে ধন খৰচ কৰিছে । ভাৰতৰ লগতে বিদেশতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । 'বড়ে মিঞা ছোটে মিঞাৰ বহু ষ্টাণ্ট দৃশ্য হলিউডৰ একশ্যন বিশেষজ্ঞৰ দলৰ সৈতে শ্বুটিং কৰা হৈছে । ছবিখনৰ অভিনেতাৰ কথা ক’বলৈ গ’লে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে । লগতে সোণাক্ষী সিনহা, মনুষী চিল্লৰ আৰু আলয়া এফকো ছবিখনত দেখা যাব । দক্ষিণৰ অভিনেতা পৃথ্বীৰাজ সুকুমাৰনক ‘বড়ে মিঞা ছোটে মিঞা’ ছবিখনত খলনায়কৰ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক: ভক্ষকত উৎকৃষ্ট অভিনয়ৰ বাবে মাতৃয়ে ভূমিক দিলে এক বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.