ETV Bharat / entertainment

সৰুপথাৰবাসী ৰাইজৰ পৰা পিতৃৰ বাবে আশীষ বিচাৰি আবেগিক জুবলী বৰুৱা - Rongali Bihu 2024

Zublee Baruah in Sarupathar : সৰুপথাৰৰ বিহু মঞ্চত কণ্ঠশিল্পী জুবলী বৰুৱা ৷ এই মঞ্চৰ পৰাই অসুস্থ পিতৃৰ বাবে আশীষ বিচাৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷

Zublee Baruah in Sarupathar
সৰুপথাৰবাসী ৰাইজৰ পৰা পিতৃৰ বাবে আশীষ বিচাৰি আবেগিক জুবলী বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 5:00 PM IST

সৰুপথাৰবাসী ৰাইজৰ পৰা পিতৃৰ বাবে আশীষ বিচাৰি আবেগিক জুবলী বৰুৱা

সৰুপথাৰ, ২৭ এপ্ৰিল : ‘‘ৰাইজৰ পৰা মই এটা উপহাৰ বিচাৰিছো ৷ ৰাইজৰ পৰা উপহাৰ বিচৰাৰ এই অধিকাৰ হয়তো মোৰ আছে ৷ যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু দেউতা এতিয়া ICU ত আছে ৷ কিন্তু শিল্পীৰ জীৱন, কথা দিছো যেতিয়া আহিবই লাগিব ৷ গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো, দেউতা যাতে সোনকালে ভাল হৈ উঠে ৷’’ এয়া কণ্ঠশিল্পী জুবলী বৰুৱাৰ ভাষ্য ৷

Zublee Baruah in Sarupathar
সৰুপথাৰৰ বিহু মঞ্চত কণ্ঠশিল্পী জুবলী বৰুৱা

উল্লেখ্য যে, সৰুপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু । এইবাৰ ৬০ সংখ্যক হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে । ২৬ এপ্ৰিলৰ ৰঙালী বিহুৰ সাংস্কৃতি সন্ধিয়া গীতৰ শৰাই আগবঢ়ায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই । এই মঞ্চৰ পৰাই ৰাইজক উদ্দেশ্যি ৰুগীয়া পিতৃৰ বাবে আশীষ বিচাৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷

উল্লেখ্য যে, সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুস্থলীৰ পৰা শুকুৰবাৰে সৰুপথাৰ নগৰৰ মাজমজিয়ালৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয় ৷ ধনশিৰি মহকুমাত বিভিন্ন সম্প্ৰদায়ৰ লোকে বসতি কৰে । প্ৰত্যেকৰে আছে জাতীয় সংস্কৃতি ।

ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰত জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে এই শোভযাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰা দেখা যায় । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে । আনকি আয়োজক কমিটিৰ নিমন্ত্ৰণ মৰ্মে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়েও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ বাৰেৰহনীয়া এই শোভযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :

সৰুপথাৰ নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে অভিনেত্ৰী প্ৰিয়ম পল্লৱী। - Rongali Bihu 2024

জুবিনৰ মায়াবী কন্ঠত মতলীয়া ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী - Zubeen garg bihu program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.