ETV Bharat / entertainment

চাবুৱাৰ পৰা পৰেশ বৰুৱালৈ কি আহ্বান হনুমেনৰ ?

Joy hanu man controversy: আহিবলগীয়া নতুন অসমীয়া ছবি 'জয় হনুমেন'ৰ প্ৰচাৰ । পৰেশ বৰুৱালৈ বিশেষ আহ্বান । ৰাজপথত হনুমেন ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Hanu Man made a special appeal to Paresh Baruah in Chabua
পৰেশ বৰুৱালৈ হনুমেনৰ কি আহ্বান (ETV Bharat Assam)

মৰাণ,৯ অক্টোবৰ: ১৮ অক্টোবৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি ‘জয় হনুমেনে’ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে । ব্যতিক্ৰমীভাৱে প্ৰচাৰ চলাই ইতিমধ্যেই চৰ্চালৈ আহিছে ছবিখন । ছবি গৃহলৈ অহাৰ পূৰ্বে কিছু বিতৰ্কৰ সৃষ্টি হৈছে হনুমেনক লৈ । হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা হনুমানৰ নাম বিকৃতকৰণ কৰাৰ অভিযোগ কৰি বহুজনে সমালোচনাও কৰিছে হিমাংশু দাসৰ নতুন ছবি হনুমেনক ।

ৰাজ্যৰ ইমুৰৰ পৰা সিমূৰলৈ জয় হনুমেনৰ প্ৰচাৰ চলোৱাৰ মাজতে বৰ্তমান সমাজৰ জ্বলন্ত সমস্যাসমূ্হ উপস্থাপন কৰা পৰিলক্ষিত হৈছে । চিনেমাখনৰ প্ৰচাৰৰ মাধ্যমেৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী জনোৱা পৰিলক্ষিত হৈছে । আজি আন এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে হনুমেনৰ কলা-কুশলীসকলক । চিনেমাখনৰ প্ৰচাৰৰ বাবে নতুন অসমীয়া চিনেমা জয় হনুমেন প্ৰচাৰৰ বাবে আজি চাবুৱাত উপস্থিত হয় পৰিচালক হিমাংশু প্ৰসাদ দাসসহ হনুমেনৰ এটা দল ।

চাবুৱাৰ বজাৰ, ৰাজহুৱা স্থানত জয় হনুমেনৰ প্ৰচাৰ চলালে হিমাংশু প্ৰসাদ দাসৰ নেতৃত্বত দলটোৱে । চাবুৱাত এখন বিশেষ বেনাৰ লৈ প্ৰচাৰ চলালে হনুমেনে । বেনাৰত লিখা আছিল, "পৰেশ বৰুৱা ডাঙৰীয়া অস্ত্ৰ এৰক, মানুহৰ মাজত থাকি কাম কৰো আহক ।" যিহেতু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জন্মগৃহ চাবুৱাৰ জেৰাই গাঁও সেয়েহে, ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসে ছবিখনৰ প্ৰচাৰৰ মাজেৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ এক বাৰ্তা দিয়াৰ বাবে চেষ্টা কৰে ।

হনুমেনে কি আহ্বান জনালে পৰেশ বৰুৱালৈ:

হনুমেনৰ চৰিত্ৰ ৰূপায়ণ কৰা যুৱকজনে কয়, "আলফা স্বাধীনৰ এই সংগ্ৰামত বহু যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱাইছে । সেয়েহে আমি পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাইছো তেওঁ অসমলৈ ঘুৰি আহক, ৰাইজৰ উন্নতিৰ কাৰণে একেলগে কাম কৰোঁ । লগতে ১৮ অক্টোবৰত ছবিখন‌ চাবলৈ আহ্বান জনালোঁ ।"

এই ব্যতিক্ৰমী প্ৰচাৰক লৈ কি কয় ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসে:

জনপ্ৰিয় অভিনেতা তথা পৰিচালক দাসে কয়, "ৰাইজে দেখিবলৈ পাইছে, হনুমেনে সমগ্ৰ অসম ভ্ৰমণ কৰি বিভিন্ন বিষয় ৰাইজৰ মাজলৈ লৈ গৈছে । কেতিয়াবা যদি হনুমেনে ৰাজপথত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, কেতিয়াবা গিবন সুৰক্ষাৰ বাবে‌ আৰু আজি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জন্ম স্থানৰ পৰা হনুমেনে অস্ত্ৰ এৰি ৰাইজৰ মাজলৈ আহি একেলগে কাম কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে ।"

তেওঁ লগতে কয়,"এই চিনেমাখনৰ জৰিয়তে আমি কেৱল মনোৰঞ্জনৰ দিব বিচৰা নাই, কিছুমান গুৰুত্বপূৰ্ণ বিষয় যিবোৰ অসমবাসীয়ে ভুগি আছে কিন্তু ৰাইজে ক'ব পৰা নাই তেনেবোৰ বিষয় আমি চিনেমাখনৰ জৰিয়তে ক'বলৈ প্ৰয়াস কৰিছোঁ । সেয়েহে সকলোৱে চিনেমাখন চাওক ।"

লগতে পঢ়ক: বিতৰ্কত ‘জয় হনুমেন’; সনাতন ধৰ্মৰ ভগৱানক অপমান কৰাৰ অভিযোগ

ভগৱান হনুমান কেনেকৈ হনুমেন হ’ল ? বিতৰ্কৰ আৱৰ্তত নতুন অসমীয়া ছবি ‘জয় হনুমেন’ - Joy Hanu man movie controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.