ETV Bharat / entertainment

‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ উপভোগ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই - ASSAM CM WATCHED SABARMATI REPORT

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷ ছবিখনৰ প্ৰদৰ্শনত ৰাজ্যিক কেবিনেট মন্ত্ৰী আৰু বিজেপিৰ বিধায়কসকলো উপস্থিত থাকে ৷

assam cm Himanta Biswa Sarma watches the sabarmati report
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 23, 2024, 11:20 AM IST

গুৱাহাটী : গুজৰাটৰ গোধৰা কাণ্ডক লৈ শেহতীয়াকৈ মুক্তি পাইছে বিক্ৰান্ত মেছি অভিনীত ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ । দেশৰ আটাইতকৈ বেদনাদায়ক ঘটনাবোৰৰ ভিতৰত এটা গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন । ছবিখনে মুক্তিৰ পিছতে দেশজুৰি যথেষ্ট চৰ্চা লাভ কৰিছে ।

চৰ্চিত চিনেমাখন চাবলৈ শুকুৰবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে । ছবিখন উপভাগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ছবিখন গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ ওপৰত প্ৰস্তুত কৰা হৈছে । এই বোলছবিখন সৰ্বসাধাৰণ লোকে চাব লাগে, কাৰণ এই ঘটনাৰ পিছতেই গোটেই দেশত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল । গুজৰাটৰ অমানৱীয় হত্যাকাণ্ডৰ আঁৰত কোন চক্ৰ জড়িত হৈ আছিল সেয়াও ছবিখনত দেখুওৱা হৈছে । সেয়েহে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনাই তেওঁ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য (ETV Bharat Assam)

শেহতীয়াকৈ এই ছবিখনক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰশংসা কৰিছে ৷ ইয়াৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ক প্ৰশংসা কৰিছে । লগতে বিভিন্ন ৰাজ্যত ইয়াক কৰমুক্ত কৰাৰ কথাও ঘোষণা কৰিছে ।

উল্লেখ্য যে, ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাইছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ । মুক্তিৰ পিছতে ছবিখনে দেশজুৰি যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰো সন্মুখীন হৈছে । বিক্ৰান্ত মেছি, ৰাশি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত ঘটা গোধৰা কাণ্ডৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । সেইদিনা সাবৰমতী এক্সপ্ৰেছৰ এটা ডবাত একাংশ লোকে অগ্নিসংযোগ কৰিছিল । এই কৰুণ ঘটনাত ৫৯ জন লোকৰ মৃত্যু হৈছিল । এই দুৰ্ঘটনাৰ পিছত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত ঘটে ।

শেহতীয়াকৈ গোৱাত চলি থকা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৫ সংখ্যক সংস্কৰণত ছবিখন প্ৰদৰ্শন কৰা হৈছে ।

লগতে পঢ়ক : ৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.