হায়দৰাবাদ : ২৯ বছৰৰ পাছত পত্নী ছাইৰা বানুৰ সৈতে বিচ্ছেদ ঘটিছে সংগীত জগতৰ নক্ষত্ৰ এ আৰ ৰহমানৰ । ৰহমান আৰু বানুৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে । সংগীতজ্ঞগৰাকীৰ মতে, তেওঁৰ মাকে ছাইৰাৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰিছিল ৷ বৰ্তমান আৱেগিক চাপৰ বাবে তেওঁলোকে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মঙলবাৰে নিশা ছাইৰাই ছ’চিয়েল মিডিয়াত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে আৰু আনফালে এ আৰ ৰহমানে নিজৰ এক্স হেণ্ডেলত এই বিষয়ে পোষ্ট কৰি গোপনীয়তা বজাই ৰখাৰ বাবে সকলোকে ধন্যবাদ জনায় । ৰহমানৰ অনুৰাগীৰ মাজত শোকৰ ঢৌ বিয়পি পৰে হঠাতে এই খবৰ শুনি । একে সময়তে পিতৃ-মাতৃৰ বিচ্ছেদক লৈ কন্যা ৰহিমা ৰহমানৰ প্ৰতিক্ৰিয়া আহিছে ।
বিবাহ বিচ্ছেদক লৈ ৰহমানৰ কন্যাৰ প্ৰতিক্ৰিয়া
পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত এ আৰ ৰহমান আৰু ছাইৰা বানুৰ কন্যা ৰহিমা ৰহমানে নিজৰ ইনষ্টাষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে । ইয়াত ৰহিমাই লিখিছে, “গোপনীয়তা আৰু সন্মান বজাই ৰাখিলে মই শলাগ ল’ম, আপোনeলোকৰ বুজাবুজিৰ বাবে ধন্যবাদ ।” ৰহমানৰ অনুৰাগীসকল এতিয়াও আচৰিত হৈ আছে যে হঠাতে কেনেকৈ বিচ্ছেদ ঘটিল তেওঁলোকৰ ।
এ আৰ ৰহমানৰ পোষ্ট
“We had hoped to reach the grand thirty, but all things, it seems, carry an unseen end. Even the throne of God might tremble at the weight of broken hearts. Yet, in this shattering, we seek meaning, though the pieces may not find their place again. To our friends, thank you for…
— A.R.Rahman (@arrahman) November 19, 2024
এ আৰ ৰহমানে এক্স-পোষ্টত লিখিছে, “আমি গ্ৰেণ্ড-30 ত উপনীত হোৱাৰ আশা কৰিছিলোঁ, কিন্তু সকলো বস্তুৱেই যেন এটা অদৃশ্য অন্ত কঢ়িয়াই লৈ ফুৰে । আনকি ভগ্ন হৃদয়ৰ বিষাদৰ ওজনত ভগৱানৰ সিংহাসনো কঁপিব পাৰে । তথাপিও এই ছিন্নভিন্নতাত আমি অৰ্থ বিচাৰো, যদিও টুকুৰাবোৰে হয়তো আকৌ নিজৰ স্থান বিচাৰি নাপায় । আমাৰ বন্ধুসকললৈ, আমি এই কঠিন অধ্যায়টোৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত আপোনাৰ দয়াৰ বাবে আমাৰ গোপনীয়তাক সন্মান কৰাৰ বাবে ধন্যবাদ ।”
ছাইৰা বানুৰ অধিবক্তাই দিয়া বক্তব্য অনুসৰি বিয়াৰ বহু বছৰৰ পাছত শ্ৰীমতী ছাইৰাই স্বামী এ আৰ ৰহমানৰ পৰা বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছে, মাত্ৰাধিক আৱেগিক চাপৰ বাবেই এই সিদ্ধান্ত লৈছে দুয়োৱে । ইজনৰ সিজনৰ প্ৰতি গভীৰ প্ৰেম থকা স্বত্বেও, দম্পতীটোৱে দেখিছে যে উত্তেজনা আৰু অসুবিধাই তেওঁলোকৰ মাজত এক দুৰ্লভ ব্যৱধান সৃষ্টি কৰিছে, যিটো এই সময়ত কোনো পক্ষই দূৰ কৰিবলৈ সক্ষম হ’ব বুলি অনুভৱ নকৰে ৷
লগতে পঢ়ক : সুখে-দুখে ২৯ বছৰ; হঠাৎ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত এ আৰ ৰহমান আৰু পত্নী ছাইৰা বানুৰ