ETV Bharat / entertainment

সামান্থা-দীপিকাক অতিক্ৰম কৰি সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকা হিচাপে পৰিগণিত আলিয়া ভাট - Ormax most popular Actor in India

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 1:47 PM IST

Most Popular Female Film Star : আলিয়া ভাটে আটাইতকৈ জনপ্ৰিয় মহিলা চলচ্চিত্ৰ তাৰকাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে । আলিয়াই এই তালিকাত দীপিকা পাডুকন আৰু সামান্থা ৰুথ প্ৰভুকে ধৰি এই 9 গৰাকী অভিনেত্ৰীক পৰাস্ত কৰিছে।

Alia Bhatt becomes Most Popular Female Star beats Samantha and Deepika Padukone see list
শীৰ্ষত কোন ? (ANI)

চিটাৰা ডেস্ক, 23 আগষ্ট : বলীউডৰ গংগুবাই আলিয়া ভাট 2024 বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় মহিলা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে । ‘অৰ্মেক্স ৰিপ’ৰ্ট 2024’ৰ তথ্য অনুসৰি আলিয়া ভাটে ভাৰতীয় চিনেমাৰ বহু অভিনেত্ৰীক অতিক্ৰম কৰিছে শীৰ্ষ 10 গৰাকী জনপ্ৰিয় মহিলা অভিনেত্ৰীৰ তালিকাত । এই তালিকাত আছে দীপিকা পাডুকন, কেটৰিণা কাইফ আৰু দক্ষিণৰ ছবিজগতৰ সুন্দৰী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু । শীৰ্ষ 10 ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে আলিয়া ভাটে । অৰ্মেক্সৰ প্ৰতিবেদন অনুসৰি কোনগৰাকী অভিনেত্ৰীয়ে কোনটো স্থান দখল কৰিছে জানো আহক-

ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মহিলা তাৰকা তালিকা 2024

1. আলিয়া ভাট

2. সামান্থা ৰুথ প্ৰভু

3. দীপিকা পাডুকন

4. কাজল আগৰৱাল

5. নয়নতাৰা

6. কেটৰিণা কাইফ

7. তৃষা কৃষ্ণণ

8. কিয়াৰা আদৱানী

9. কৃতি সেনন

10. ৰশ্মিকা মান্দান্না

আলিয়া ভাটৰ বিষয়ে

আলিয়াক কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিখনত দেখা গৈছিল । ছবিখনত আলিয়া ভাটৰ সৈতে মুখ্য অভিনেতা আছিল ৰণবীৰ সিং । কৰণ জোহৰে বহুদিনৰ মূৰত এই ছবিখন পৰিচালনা কৰিছিল । ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীয়ে বক্স অফিচত 350 কোটি টকাৰ ব্যৱসায় কৰিছিল ।

আলিয়া ভাটৰ আগন্তুক চিনেমা

আলিয়া ভাটক চলিত বৰ্ষত জিগ্ৰা ছবিখনত দেখিবলৈ পোৱা যাব । ছবিখন 2024 চনৰ 11 অক্টোবৰত মুক্তি পাব । ছবিখনত আলিয়াৰ সৈতে আৰ্চিছ অভিনেতা বেদাং ৰাইনা মুখ্য চৰিত্ৰত থাকিব । ইয়াৰ পিচত আলিয়া ভাটক স্বামী ৰণবীৰ আৰু ৰাজীৰ সহ-অভিনেতা বিকী কৌশলৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীৰ ছবি লাভ এণ্ড ৱাৰত দেখিবলৈ পোৱা যাব । ইয়াৰ উপৰিও, আলিয়া ভাটক যশ ৰাজ বেনাৰৰ স্পাই ইউনিভাৰ্ছ ছবি 'আলফা'ত একশ্যনধৰ্মী ৰূপত দেখা যাব । শৰ্ৱৰী ৱাগো ছবিখনত থাকিব । আলিয়া ভাটক স্বামী ৰণবীৰ কাপুৰৰ সৈতে ব্ৰহ্মাস্ত্ৰ খণ্ড 2 চলচ্চিত্ৰতো দেখা যাব ।

লগতে পঢ়ক : মুফাছা দ্য লায়ন কিঙৰ তেলুগু সংস্কৰণৰ বাবে কণ্ঠস্বৰ প্ৰদান কৰিব মহেশ বাবুৱে - MAHESH BABU MUFASA VOICEOVER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.