চিটাৰা ডেস্ক, 21 এপ্ৰিল : বি টাউনৰ এটা জনপ্ৰিয় যুটি ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন ৷ দম্পতীটোৱে সামাজিক মাধ্যমতো প্ৰায়েই সক্ৰিয় থকা দেখা যায় ৷ দম্পতীটোৱে 20 এপ্ৰিলত তেওঁলোকৰ 17 তম বিবাহ বাৰ্ষিকী উদযাপন কৰে ৷ দম্পতীটোৱে কন্যা আৰাধ্যাৰ সৈতে এখন সুন্দৰ মুহূৰ্তৰ ছবি সামাজিক মাধ্যমত আপলোড কৰি বিবাহ বাৰ্ষিকীৰ বিশেষ দিনটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে ৷
ঐশ্বৰ্য, অভিষেক আৰু আৰাধ্যাৰ ছেল্ফীখনত অনুৰাগীসকলে যথেষ্ট মৰম দিয়া পৰিলক্ষিত হৈছে । ফটোখনত ঐশ্বৰ্য আৰু অভিষেকক বগা পোছাকত টুইনিং কৰা দেখা গৈছে আৰু আৰাধ্যাক ফুলৰ প্ৰিণ্ট থকা এযোৰ পোছাকত দেখা গৈছে ৷ তিনিওজনৰ এই ছবিখনত তেওঁলোকৰ মাজৰ সম্পৰ্ক আৰু পৰিয়ালৰ প্ৰতি থকা মৰম পৰিলক্ষিত হৈছে । এটা ৰঙা হৃদয়ৰ ইম’জিৰে পোষ্টটোৰ শিৰোনাম দিয়া হৈছে ৷
এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে সকলোৱে লাইক আৰু মন্তব্য কৰিবলৈ আৰম্ভ কৰে । অভিষেকৰ পোষ্টটোত বলীউডৰ অভিনেতা ববি দেওল, ৰিতেশ দেশমুখ, ছনু সুদ, ঈষা দেওল, ৰেম’ ডিছুজা, চাবা পাটৌডিকে ধৰি বহুতো তাৰকাই ৰঙা হৃদয়ৰ ইম’জিৰে মন্তব্য দিছে ৷ এগৰাকী অনুৰাগীয়ে লিখে, "আপোনালোক দুয়োকে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা।"
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ঐশ্বৰ্য আৰু অভিষেকে 2000 চনত 'ধাই অক্ষৰ প্ৰেম কে' ছবিখনৰ সময়ত লগ পাইছিল । তাৰ পিচত, তেওঁলোকে 2006 চনত উমৰাও জান ছবিখনৰ শ্বুটিং কৰিছিল ৷ এই সময়তে দুয়োৰে মাজত বন্ধুত্ব হৈছিল ৷
অভিষেকে অ’প্ৰা উইনফ্ৰে নামৰ এটা শ্ব'ত তেওঁৰ ব্যক্তিগত জীৱনৰ কথা শ্বেয়াৰ কৰি কৈছিল যে, যেতিয়া তেওঁ নিউয়ৰ্কত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰি আছিল, তেতিয়া তেওঁ থকা হোটেলৰ কোঠাৰ বাৰান্দাত থিয় হৈ থাকোঁতেই ঐশ্বৰ্যক বিয়া কৰোৱাৰ কথা ভাবিছিল ৷ পৰৱৰ্তী সময়ত দম্পতীটোৱে 20007ত বিবাহপাশত আৱদ্ধ হৈছিল আৰু 2011 চনত আৰাধ্যাৰ জন্ম হৈছিল ৷
লগতে পঢ়ক: বজৰংগী ভাইজান ২ৰ মূল চৰিত্ৰ ৰূপায়ণ কৰিবনে ছলমানে ! - Bajrangi Bhaijaan 2