ETV Bharat / entertainment

৮১ সংখ্যক ওপজা দিনত ‘নাট্য ভীষ্ম’ উপাধিৰে বিভূষিত ঐশ্বৰ্য কাকতি - NATYA BHISHMA AISHWARYA KAKATI

নাট্যশিল্পী ঐশ্বৰ্য কাকতিৰ ৮১ সংখ্যক জন্মদিন উদযাপন ৷ নিজৰ ৰচনা-পৰিচালনাৰ লগতে বহু বছৰৰ পিছত নিজেই নাটক এখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিলে প্ৰবীণ শিল্পীগৰাকীয়ে ৷

NATYA BHISHMA AISHWARYA KAKAT
৮১ সংখ্যক ওপজাদিনত ‘নাট্য ভীষ্ম’ উপাধিৰে বিভূষিত ঐশ্বৰ্য কাকতি (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : Nov 4, 2024, 1:39 PM IST

তেজপুৰ: কেৱল নাটকেৰেই জীৱন উদযাপন কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা তেজপুৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতিৰ ৮১ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ২ নৱেম্বৰত । নিজৰ ৰচনা-পৰিচালনাৰ লগতে বহু বছৰৰ পিছত নিজেই নাটক এখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰি তাৰুণ্য প্ৰকাশ কৰে ঐশ্বৰ্য কাকতিয়ে ৷

তেজপুৰৰ লগতে ৰাজ্যখনৰ একাংশ ৰুচিশীল দৰ্শকক মুগ্ধ কৰি তোলাৰ পূৰ্বেই নাটকখনৰ উদ্বোধক প্ৰসিদ্ধ কবি-লেখক তথা অসম আৰক্ষী সেৱাৰ শীৰ্ষ বিষয়া নন্দ সিং বৰকলাই ৰাজহুৱাভাৱে ঐশ্বৰ্য কাকতিক ‘নাট্য ভীষ্ম’ উপাধিৰে বিভূষিত কৰে ।

ঐশ্বৰ্য কাকতিৰ ৮১ সংখ্যক জন্মদিন উদযাপন (ETV Bharat Assam)

উল্লেখ্য যে প্ৰচুৰ অধ্যয়ন আৰু বৌদ্ধিক চিন্তা-চেতনাৰে সামাজিক দায়বদ্ধতা প্ৰকাশ কৰি নিজৰ ওপজা দিনটোত এখন নতুন নাটক ৰচনা কৰি ৰাইজক ওপজা দিনৰ উপহাৰ প্ৰদান কৰি অহা ঐশ্বৰ্য কাকতিয়ে এইবাৰ বিগত সময়ত ৰচনা কৰা আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুল সমাদৃত হৈ তেজপুৰলৈ সুনাম কঢ়িয়াই অনা ‘শাৰী শাৰী পতাকা’ শীৰ্ষক নাটকেৰে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত নিয়ৰসিক্ত পৰিৱেশত দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় । অপেচাদাৰী নাট্যানুষ্ঠান ইউনাইটেড আৰ্টিষ্টৰ উদ্যোগত মঞ্চস্থ হোৱা নাটকখনৰ আৰম্ভণিতে প্ৰবীণ নাট্যকাৰ-পৰিচালকগৰাকীক ৮১ সংখ্যক ওপজা দিনৰ ওলগ যাচে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সংগীতাধিকাৰ জিন্টু বৰঠাকুৰ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, জ্যেষ্ঠ সদস্য পুলক কুমাৰ ডেকা, প্ৰণৱ দাসে ৷ তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি মৃগেন চন্দ্র বড়াৰ উপৰিও গুৱাহাটী, ডিব্ৰুগড়, মঙলদৈ, মৰিগাঁও আৰু ঢেকীয়াজুলিৰ পৰা উক্ত অনুষ্ঠানত উপস্থিত হয় ঐশ্বৰ্য কাকতিৰ কেবাগৰাকীও সুহৃদ ।

উল্লেখ্য যে, পংকজ বৰুৱাই আঁতধৰা এই অনুষ্ঠানটিত বিগত বছৰৰ দৰে এইবাৰো বিশিষ্ট নাট্য সমালোচক, অভিনেতা তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট বিভাগৰ প্ৰাক্তন বিষয়া নয়ন প্ৰসাদ, আন এগৰাকী নাট্য সমালোচক তথা অনাতাঁৰ কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী তপন দত্ত আৰু কবি-লেখক বিপুলজ্যোতি শইকীয়াৰ লগতে মঙলদৈৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, ডিব্ৰুগড়ৰ ড৹ প্ৰকাশ বৰুৱা, অনিল দুৱৰা, যোগেন বৰ্মন, বিক্ৰমজিৎ সিং আৰু প্ৰদীপ দুৱৰাৰ উপৰি ঢেকীয়াজুলিৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ধ্ৰুৱপ্ৰসাদ নাথক ইউনাইটেড আৰ্টিষ্টৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সন্মান জনোৱা হয় ।

ইয়াৰ পিছতে নন্দ সিং বৰকলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ‘শাৰী শাৰী পতাকা’ শীৰ্ষক নাটকখন । উদ্বোধনী ভাষণত বিশিষ্ট কবি নন্দ সিং বৰকলাই দূৰন্ত তৰুণ ঐশ্বৰ্য কাকতিয়ে চাৰিকুৰি উৰ্ধৰ পিছতো তেজপুৰৰ পৰা নটসূৰ্য্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পদাংক অনুসৰণ কৰি নিৰলসভাৱে নাটশিল্প চৰ্চাত মনোনিবেশ কৰি অহাটো এক আশাব্যঞ্জক খবৰ বুলি কৈ ৰাজহুৱাভাৱে ঐশ্বৰ্য কাকতিক ‘নাট্য ভীষ্ম’ উপাধিৰে বিভূষিত কৰে ।

ঐশ্বৰ্য কাকতিৰ পৰিচালনা, ভূপেন শৰ্মা আৰু জয়দ্বীপ দে'ৰ সহ পৰিচালনা, নিৰূপ বৰঠাকুৰৰ সংগীত, উজ্জ্বল শইকীয়াৰ পোহৰ, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা আৰু স্মাৰক জয়ন্ত শৰ্মাৰ সহযোগত মঞ্চস্থ হোৱা নাটকখনৰ মুখ্য চৰিত্ৰত ঐশ্বৰ্য কাকতিয়ে অভিনয় কৰে ৷ লগতে দিলীপ বৰা, ৰাজীৱ শৰ্মা, পুতুল বৰুৱা, দিগন্ত কুমাৰ ভূঞা, অবনী বৰা, উজ্জ্বল শইকীয়া, বিপ্লৱ শৰ্মা, মিণ্টু নাৰায়ণ দাস, প্ৰাঞ্জল বৰঠাকুৰৰ লগতে নাৰীৰ চৰিত্ৰত দৰ্শনা বাইলুং মহন্ত, নৱাগতা ভিল্লাৰ চিয়া বৰাসহ শিশুশিল্পী ৰিয়ন কৌশিক, ৰিডম বৰা, গীতাৰ্থ বৰা, মানৱজ্যোতি শৰ্মা আৰু বিস্তীৰ্ণ শিৱমৰ অভিনয়ৰে সফল মঞ্চায়ন হয় নাটকখন ।

লগতে পঢ়ক : প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে কি হৈছিল অভিনেত্ৰী গায়ত্ৰী বৰাৰ লগত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.