ETV Bharat / entertainment

অদা শৰ্মাৰ বস্তৰ-দ্য নক্সাল ষ্ট’ৰীয়ে প্ৰথম দিনা কিমান টকা উপাৰ্জন কৰিলে ?

Bastar Tha Naxal story Box Office Day 1: আজি ছবিগৃহত মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত ছবি ‘বস্তৰ-দ্য নক্সাল ষ্ট’ৰী’ ৷ ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে । ছবিখনে মুকলিৰ দিনা কিমান উপাৰ্জন কৰিছে জানো আহক ।

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:48 PM IST

Adah Sharma starrer Bastar Tha Naxal story Box Office Day 1
বস্তৰ-দ্য নক্সাল ষ্ট’ৰী বক্স অফিচ

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: ‘দ্য কেৰালা ষ্ট’ৰী’ৰে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰা অদা শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘বস্তৰ-দ্য নক্সাল ষ্ট’ৰী’ আজি ছবিগৃহত মুক্তি লাভ কৰিছে ৷ সঁচা ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন আজি অৰ্থাৎ ১৫ মাৰ্চত চিনেমাগৃহত মুক্তি লাভ কৰিছে । অদা শৰ্মাৰ এই ছবিখনলৈ অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । এতিয়া ছবিখনৰ মুকলি দিনৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যা প্ৰকাশ পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথম দিনা উপাৰ্জন কৰিলে ইমান

বিপুল শ্বাহ আৰু সুদীপ্ত সেনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী বস্তৰৰ নক্সালবাদৰ আধাৰত নিৰ্মিত ৷ চিনেমাখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে । এনে পৰিস্থিতিত জানো আহক প্ৰথম দিনা ছবিখনৰ উপাৰ্জন কিমান হৈছে ৷

SACNILC ৰ প্ৰাৰম্ভিক ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ প্ৰথম দিনা ‘বস্তৰ দ্য নক্সাল ষ্ট’ৰী’এ ১১ লাখ টকা উপাৰ্জন কৰিছে ।

অৱশ্যে আনুষ্ঠানিক তথ্য পোহৰলৈ ইয়াৰ সংখ্যা কিছু সাল-সলনি হ’ব পাৰে ৷

ছবিখনৰ কাহিনী কি ?

উল্লেখ্য যে, ছবিখনত অদা শৰ্মাক IPS বিষয়াৰ চৰিত্ৰত দেখা গৈছে, যিয়ে যিকোনো মূল্যৰ বিনিময়ত বস্তৰত বিয়পি পৰা নক্সালবাদৰ অন্ত পেলাব বিচাৰে । ছবিখনত অদা শৰ্মাৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছে ।

উল্লেখ্য যে, আজি বস্তৰৰ লগতে সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি ‘যোদ্ধা’ ছবিগৃহত মুক্তি পাইছে । মুক্তিৰ পূৰ্বেই ‘যোদ্ধা’ক লৈ যথেষ্ট উত্তেজনা দেখা গৈছিল । এই ছবিখনক লৈ অনুৰাগীৰ মাজত এক আচৰিত উন্মাদনা দেখা গৈছিল । এনে পৰিস্থিতিত উপাৰ্জনৰ ক্ষেত্ৰত কোনখন চিনেমা আগুৱাই যাব সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: পুলকিত-কৃতিৰ বিয়াৰ মেনুত থাকিব দিল্লীৰ চাটৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ-ৰাজস্থানৰ ব্যঞ্জনলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.