ETV Bharat / entertainment

মুক্তি পালে 'মেডাম মেনকা' নাটৰ ৰোমান্টিক গীত "বেয়া নাপাবি দেই" - Abahan Theatre song released

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 4:40 PM IST

Abahan Theatre's Beya Napabi Dei Song released: প্ৰতিবাৰৰ দৰে এইবাৰো নিজৰ শ্ৰেষ্ঠ নাটকৰ সৈতে সাজু হৈছে আৱাহন থিয়েটাৰ নাট্যগোষ্ঠী ৷ তাৰ মাজতে মুক্তিলাভ কৰিলে এই থিয়েটাৰৰ এটি গীত "বেয়া নাপাবি দেই" ৷

Abahan Theatre's romantic song "Beya Napabi Dei" is released
মুক্তি পালে 'মেডাম মেনকা' নাটৰ ৰোমান্টিক গীত "বেয়া নাপাবি দেই" (YOUTUBE)

নিউজ ডেস্ক, 13 জুলাই: ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ভ্ৰাম্যমাণ নাট্যদলে । বিগত বৰ্ষৰ দৰে এইবাৰো তিনিখন নাটকৰ সৈতে সাজু হৈছে আৱাহন থিয়েটাৰ ৷ তাৰ মাজতে শুকুৰবাৰে মুক্তিলাভ কৰে বহু প্ৰত্যাশিত আৱাহন থিয়েটাৰৰ ২০২৪-২৫ নাট্যবৰ্ষৰ 'মেডাম মেনকা' নাটৰ অন্যতম এটি ধুনীয়া তথা ৰোমান্টিক গীত "বেয়া নাপাবি দেই"। গীতটিত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে জেফী বাক্সীয়ে ৷

গীতটিৰ নৃত্য পৰিচালনা কৰিছে চুমি বৰাই ৷ গীতটিৰ চিনেমাটোগ্ৰাফী কৰিছে বিতুল দাসে ৷ ইফালে, এই সুন্দৰ গীতটি লিখিছে অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনে ৷ সংগীত পলাশ গগৈৰ আৰু কণ্ঠদান কৰিছে নীল আকাশ আৰু পাপৰি গগৈয়ে ৷ আনহাতে, গীতটিৰ পৰিচালনা চুমি বৰাৰ, সহযোগী পৰিচালক হৈছে ভাস্কৰ দত্ত, মেক-আপ ৰুক্সাৰ, বাবলুৰ ৷ লগতে গীতটি সম্পাদনা কৰিছে মানস কাশ্যপে ৷

ইতিমধ্যেই ছ'চিয়েল মিডিয়াত গীতটি যথেষ্ট জনপ্ৰিয় হৈ পৰাৰ লগতে বহুতে এই গীতটিলৈ সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ আনহাতে গীতটি মুক্তিলাভ কৰাৰ লগে লগে প্ৰস্তুতি পৰাশৰৰ অনুৰাগীয়ে নিজৰ বিভিন্ন কমেন্টেৰে উপচাই তোলে ৷ ইয়াৰে ভিতৰত একাংশ ব্যৱহাৰকাৰীয়ে লিখিছে ‘আৱাহন থিয়েটাৰত প্ৰত্যেকবাৰে জনপ্ৰিয় গীত থাকেই; ধন্যবাদ ইমান ধুনীয়া গীত আৰু নৃত্য উপভোগ কৰিবলৈ দিয়াৰ বাবে ।’ আন এগৰাকী ব্যৱহাৰকাৰী লিখিছে, ‘ধুনীয়া লাগিছে ভিডিঅ’ আৰু গীতটি শুনি মৰম আৰু আশীৰ্বাদ যাচিলো’ ৷ ইফালে গীতটি মুকলি হোৱাৰ পৰা এতিয়ালৈকে ৮৪ হাজাৰ ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, এইবেলি আৱাহন থিয়েটাৰে 'মইনা কুশলে আছনে','মেডাম মেনকা' আৰু 'লেডী ম্যাকবেথ' এই তিনিখন নাটক লৈ ওলাই যাব দৰ্শকৰ মাজলৈ । নাট্যদলটিয়ে ১২ জুলাইৰ পৰা আৰম্ভ কৰিছে আখৰা । তিনিওখন নাটককে দৰ্শকে আদৰি ল'ব বুলি আশাবাদী আৱাহন পৰিয়াল । বিগত বৰ্ষৰ দৰেই এইবাৰো তিনিখন ভিন ভিন সোৱাদৰ নাটকৰে নাট্যবৰ্ষৰ বাবে সাজু হৈছে নাট্যদলটি ।

লগতে পঢ়ক: মা ষ্টুডিঅ'ত মুক্তি পালে 'লেডী ম্যাকবেথ'ৰ প্রম' ভিডিঅ - Abahan Theatre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.