ETV Bharat / entertainment

কৃষ্ণ জন্মাষ্টমীৰ দিনাই নলবাৰীত আত্মপ্ৰকাশ নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ - Mondakini Bhramyaman theatre - MONDAKINI BHRAMYAMAN THEATRE

Bhramyaman theatre group: শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাই নলবাৰীত আত্মপ্ৰকাশ হ’ল এটা নতুন ভ্ৰাম্যমাণ নাট্যদলৰ । জন্মাষ্টমীৰ দিনটোতেই বিশিষ্ট অভিনেতা-নাট্যকাৰৰ হাতেৰে বন্তি প্ৰজ্বলন কৰি ভ্ৰাম্যমাণ জগতত নতুনকৈ সংযোজন হ’ল মন্দাকিনী থিয়েটাৰ ।

a new Bhramyaman theatre group mondakini forms on the auspicious day of janmashtami in nalbari
নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 1:10 PM IST

নলবাৰী, 26 আগষ্ট : সোমবাৰে দেশজুৰি ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয় । এই পৱিত্ৰ দিনটোতেই অসমৰ ভ্ৰাম্যমাণ জগতত নতুনকৈ সংযোজন ঘটিলে নতুন এটা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ । গ্লেমাৰাছ অভিনেতা-অভিনেত্ৰীৰ অবিহনে নতুনকৈ চমক সৃষ্টিৰ প্ৰয়াসেৰে সঁচা ঘটনাৰ আলম লৈ 2025-26 নাট্যবৰ্ষৰ বাবে সাজু হৈছে নলবাৰীৰ ‘মন্দাকিনী থিয়েটাৰ’ ।

কলা-কুশলীৰ ভাষ্য (ETV Bharat Assam)

সোমবাৰে নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত নটৰাজৰ আশীষ লৈ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত আত্মপ্ৰকাশ হয় নতুন নাট্যদলটিৰ । মঞ্চ জগতৰ বিশিষ্ট অভিনেতা তথা অসমৰ ভালেসংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা ভৱেশ বৰুৱা আৰু মঞ্চ জগতৰ বিশিষ্ট অভিনেতা তথা নাট্যকাৰ চম্পক শৰ্মাৰ বন্তি প্ৰজ্জ্বলনেৰে আত্মপ্ৰকাশ হয় মন্দাকিনী থিয়েটাৰ নামৰ নতুন নাট্যদলটিৰ । প্ৰযোজক ৰতন ৰাজবংশী, কাৰ্যবাহী প্ৰযোজক দ্বীজেন দাস আৰু সামগ্ৰিক প্ৰযোজক নৱ শৰ্মাৰ ই এক যুটীয়া প্ৰচেষ্টা । তিনিওগৰাকী নাট্যপ্ৰেমী লোকৰ আপ্ৰাণ চেষ্টাত আৰু বিভিন্ন জ্যেষ্ঠ ব্যক্তিৰ দিহা পৰামৰ্শত আত্মপ্ৰকাশ ঘটা নাট্যদলটি ইতিমধ্যে 2025-26 বৰ্ষলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে ।

নাট্য দল এটাৰ বাবে যিখিনি আহিলা-সামগ্ৰীৰ প্ৰয়োজন হয়, প্ৰায় সকলো সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে প্ৰযোজক বৃন্দই । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ সতীশ দাস, ধ্ৰুৱজ্যোতি শৰ্মা, তিলক বৈশ্যকে প্ৰমুখ্যে কৰি বহু গুণী-মানী ব্যক্তি । নটৰাজৰ আশীষ লৈ দলটিৰ নাট্যযাত্ৰাৰ মংগলময় কামনাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনায় ।

আনহাতে সাম্প্ৰতিক সময়ত বহু থিয়েটাৰ মৃত্যু মুখে গতি কৰাৰ সময়ত তিনিও প্ৰযোজকৰ এনে সাহসী পদক্ষেপক আমন্ত্ৰিত অতিথিবৃন্দই শলাগ লয় । নলবাৰীৰ দৰে নাট্যপ্ৰেমী অঞ্চলত নতুনকৈ থিয়েটাৰ দল এটাই পোখালি মেলাত অভিনেতা তথা নাট্যকাৰ চম্পক শৰ্মাই এইখন থিয়েটাৰৰ যোগেদি নতুন আশাৰ ৰেঙণি বিচাৰে । ইয়াৰ লগতে ভৱেশ বৰুৱাইয়ো মন্দাকিনী নাট্যদলটিৰ সমান্তৰালকৈ চাৰিটাকৈ নাট্যদলৰ জন্ম দিবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰে বুলি ব্যক্ত কৰে ।

লগতে পঢ়ক : প্ৰযুক্তিৰ উত্তৰণে ম্লান পেলোৱা নাই থিয়েটাৰৰ মাদকতা: হেঙুলৰ চিলনী চাবলৈ দৰ্শকৰ ভিৰ মৰিয়নীত - HENGOOL THEATRE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.