ETV Bharat / business

বিজয় শেখৰ শৰ্মালৈ SEBI জাননী; Paytm ৰ শ্বেয়াৰ ৯ শতাংশ হ্ৰাস - SEBI show cause notice to Paytm

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 4:45 PM IST

Paytm share price falls 9% : ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে ৱান ৯৭ কমিউনিকেশ্যন লিমিটেড (Paytmৰ মূল কোম্পানী)ৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মা আৰু ২০২১ চনৰ নৱেম্বৰ মাহত আইপিঅ’ৰ সময়ত কাম কৰা ব’ৰ্ডৰ সদস্যসকলক তথ্য ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি জাননী জাৰি কৰা হৈছে ।

Paytm share price falls 9%
বিজয় শেখৰ শৰ্মালৈ SEBI জাননী; Paytm ৰ শ্বেয়াৰ ৯ শতাংশ হ্ৰাস (Getty Image)

নিউজ ডেস্ক, ২৬ আগষ্ট : ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে (Securities and Exchange Board of India চমুকৈ SEBI) Paytm ৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মাক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছে । ৱান ৯৭ কমিউনিকেশ্যন লিমিটেড (Paytm ৰ মূল কোম্পানী)ৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মা আৰু ২০২১ চনৰ নৱেম্বৰ মাহত আই পি অ’ৰ সময়ত কাম কৰা ব’ৰ্ডৰ সদস্যসকলক তথ্য ভুলকৈ উপস্থাপন কৰাৰ অভিযোগতে কাৰণ দেখুৱাবলৈ এই জাননী জাৰি কৰা হৈছে ।

এই জাননীখন হৈছে বিজয় শেখৰ শৰ্মাই প্ৰম’টৰ শ্ৰেণীবিভাজনৰ নীতিসমূহ অমান্য কৰাৰ অভিযোগৰ সৈতে জড়িত । প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে তদন্তৰ বাবে প্ৰয়োজনীয় সকলো ইনপুট বা তথ্য যোগান ধৰিছে । আই পি অ’ উলংঘাৰ সন্দৰ্ভত বিজয় শেখৰ শৰ্মা আৰু ব’ৰ্ডৰ সদস্যসকলক SEBI এ দিয়া জাননীৰ পিছত Paytm ৰ শ্বেয়াৰৰ মূল্য ৯ শতাংশ হ্ৰাস পাইছে ৷

ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে ২০২১ চনৰ নৱেম্বৰ মাহত প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ সময়ত তথ্য ভুলকৈ উপস্থাপন কৰাৰ অভিযোগত বিজয় শেখৰ শৰ্মা আৰু ব’ৰ্ডৰ সদস্যসকলক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছিল । ইয়াৰ বাবে বৰ্তমান ASE ত Paytm ৰ শ্বেয়াৰ ৮.৮৮ শতাংশ হ্ৰাস হৈ ৫০৫.৫৫ টকাৰ ঘৰ চুইছে ।

শেহতীয়াকৈ প্ৰম’টৰ ক্লাছিফিকেশন মানদণ্ড অমান্য কৰাৰ অভিযোগত শৰ্মালৈ জাননী প্ৰেৰণ কৰা হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে Paytm Payments Bank ৰ তদন্ত কৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : ভাৰতত নিয়োগ সৃষ্টিৰ উপায়; শেহতীয়া ঘটনাৰ পৰা ল'ব লাগিব শিক্ষা - Job Sector in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.