নতুন দিল্লী: বিনামূলীয়াকৈ আধাৰ কাৰ্ডৰ বিৱৰণ আপডেট কৰাৰ অন্তিম তাৰিখ আছিল 14 ডিচেম্বৰ, 2024 । অৰ্থাৎ ইতিমধ্যে সেই সময়সীমা উকলি গৈছে ৷ তাৰমানে এতিয়া আৰু বিনামূলীয়াকৈ আধাৰ কাৰ্ডৰ বিৱৰণ আপডেট কৰা সম্ভৱ নহয় ? ৰ‘ব ,যদিহে এই কথাটোৱে আপোনাক চিন্তাত পেলাইছে তেনেহ’লে আপোনাৰ বাবে আছে এটা ভাল খবৰ ৷
আপোনাক সকাহ দিব পৰা এই খবৰটো হ’ল যে ইউআইডিএআইয়ে (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ) এতিয়া আধাৰ কাৰ্ডৰ বিৱৰণ ফ্ৰী আপডেটৰ বাবে ছয় মাহৰ অতিৰিক্ত সময়সীমা প্ৰদান কৰিছে। নতুন সময়সীমা হৈছে 14 জুন, 2025। এই বিনামূলীয়া সেৱাটো মাইআধাৰ পৰ্টেলত উপলব্ধ হ'ব ।
#UIDAl extends free online document upload facility till 14th June 2025; to benefit millions of Aadhaar Number Holders. This free service is available only on #myAadhaar portal. UIDAl has been encouraging people to keep documents updated in their #Aadhaar. pic.twitter.com/wUc5zc73kh
— Aadhaar (@UIDAI)
আধাৰ আপডেটৰ গুৰুত্ব
ভাৰতত পোনপ্ৰথমে আধাৰ 29 ছেপ্টেম্বৰ, 2010 তাৰিখে প্ৰৱৰ্তন কৰা হৈছিল। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে সদায় ভাৰতীয়সকলক কেৱল আধাৰ কাৰ্ড লাভ কৰাই নহয়, প্ৰয়োজন হ'লে, যেনে বাসস্থানৰ স্থানসলনি ইত্যাদিৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ তথ্য আপডেট কৰিবলৈও উৎসাহিত কৰি আহিছে ।
বিশেষকৈ যিসকলে তেওঁলোকৰ কাৰ্ড এক দশকতকৈও অধিক পূৰ্বে তৈয়াৰ কৰিছিল। কিন্তু তেওঁলোকে তাৰ কোনো পৰিৱৰ্তন কৰা নাই, তেওঁলোকক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।
বিভিন্ন পৰিসেৱা লাভৰ ক্ষেত্ৰত আধাৰ দেশৰ নাগৰিকৰ বাবে যথেষ্ট সহায়ক প্ৰমাণিত হৈছে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাজহ/ভাট্টাৰ চুৰি প্ৰতিহত কৰিবলৈ সক্ষম হোৱা কিয়নো সকলো সাহায্য/একাউণ্ট আধাৰৰ সৈতে সংযুক্ত, যি দৰাচলতে বায়োমেট্ৰিকৰ সৈতে জড়িত এক অনন্য সংখ্যা ৷
পান কাৰ্ডৰ লগতে আধাৰ নম্বৰ এতিয়া সকলো বিত্তীয় লেনদেনত ব্যৱহাৰ কৰা হয়, যাৰ ফলত টকা-পইচা আৰু ৰাজহুৱা ধন চুৰি হোৱাৰ সম্ভাৱনা প্ৰায় নাইকিয়া হয়, বিশেষকৈ চৰকাৰী কল্যাণ আঁচনিৰ পৰিপ্ৰেক্ষিতত।
লগতে পঢ়ক: এতিয়া সহজেই আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড ! আহি গ’ল এই সুবিধা - POST OFFICE AADHAR UPDATE