নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ: কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহা পাবলৈ হ’লে Salary বা দৰমহা একাউণ্ট থকাটো প্ৰয়োজন, প্ৰতি মাহৰ নিৰ্ধাৰিত তাৰিখত তেওঁলোকক দৰমহা প্ৰদান কৰিবলৈ এই নিৰ্দিষ্ট বেংক একাউণ্টকে ব্যৱহাৰ কৰা হয়। এই দৰমহা একাউণ্টৰ কিছুমান লাভালাভ আছে যিবোৰ আন প্ৰকাৰৰ বেংক একাউণ্টত উপলব্ধ নহয় বা সহজে উপলব্ধ নহয়।
আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল কোনো বেংক কৰ্মচাৰীয়ে স্বয়ংক্ৰিয়ভাৱে তেওঁলোকৰ গ্ৰাহকক এই সুবিধাবোৰৰ বিষয়ে অৱগত নকৰে আৰু মাহিলী দৰমহাৰ পোৱাৰ পিচত এই নিৰ্দিষ্ট বেঙ্ক একাউণ্টৰ সৈতে জড়িত মৌলিক প্ৰয়োজনীয়তা পূৰণ হোৱা বাবে, গ্ৰাহকেও এই সুবিধাসমূহৰ বিষয়ে একো জানিব নিবিচাৰে। জানো আহক দৰমহা একাউণ্টৰ 3-4 টা ডাঙৰ লাভালাভৰ বিষয়ে, যিয়ে আপোনাক লাভান্বিত কৰিব পাৰে।
জিৰো বেলেন্সৰ সুবিধা: দৰমহা একাউণ্টৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে শূন্য বেলেন্সৰ সুবিধা। সাধাৰণতে, যদি আপোনাৰ সঞ্চয় একাউণ্টত নিম্নতম বেলেন্স নাথাকে, এই ক্ষেত্ৰত বেংকে জৰিমনা আদায় কৰে। কিন্তু,, দৰমহা একাউণ্টত শূন্য বেলেন্স থাকিলেও কোনো জৰিমনা নাই। দৰমহা একাউণ্টত নিম্নতম বেলেন্স বজাই ৰখাৰ কোনো বাধ্যবাধকতাও নাই।
ঋণ সহজে অনুমোদিত হয়: ব্যক্তিগত ঋণ, গাড়ী ঋণ বা গৃহ ঋণ ইত্যাদি দৰমহা একাউণ্টৰ জৰিয়তে সহজে অনুমোদিত হয়। কিয়নো, বেংকৰ ওচৰত বেংক বিবৃতিৰ জৰিয়তে আপোনাৰ উপাৰ্জনৰ উপযুক্ত প্ৰমাণ আছে। সেয়েহে, ঋণ এটাৰ বাবে আপোনাৰ যোগ্যতা প্ৰমাণ কৰাটো অধিক সহজ হৈ পৰে। গতিকে এই পৰিস্থিতিত, ঋণৰ বাবে নথিপত্ৰৰ প্ৰমাণীকৰণ আৰু অনুমোদন সহজ হৈ পৰে।
অভাৰড্ৰাফ্ট সুবিধা: 2 বছৰ বা অধিক সময়ৰ বাবে সক্ৰিয় দৰমহা একাউণ্টত অভাৰড্ৰাফ্ট সুবিধা উপলব্ধ। অভাৰড্ৰাফ্টত পোৱা টকাৰ পৰিমাণ দুমাহৰ মৌলিক দৰমহাৰ সমান। অভাৰড্ৰাফ্ট সুবিধাৰ অধীনত, আপোনাৰ বেংক একাউণ্টত বেলেন্স নাথাকিলেও আপুনি এক নিৰ্দিষ্ট সীমালৈকে টকা উলিয়াব পাৰে।
চেকবুক, পাছবুক, নেট বেংকিং সুবিধা: একাউণ্ট ধাৰকসকলে নিজৰ দৰমহা একাউণ্টত বিনামূলীয়া চেকবুক, পাছবুক, নেট বেংকিং সুবিধা লাভ কৰে। ইয়াৰ ওপৰি, দৰমহাৰ ক্ৰেডিট সম্পৰ্কীয় এছ.এম.এছ.-ৰ বাবে কোনো মাচুল লোৱা নহয়।
মনত ৰাখিব যে দৰমহা একাউণ্টত উপলব্ধ যিকোনো সুবিধা কেৱল তেতিয়ালৈকে লাভ কৰিব পাৰি যেতিয়ালৈকে আপোনাৰ নিয়মীয়া দৰমহা সেই দৰমহা একাউণ্টত জমা হয়। যদি আপোনাৰ বেংকত তিনিমাহৰ ধৰি কোনো দৰমহা জমা হোৱা নাই, তেন্তে আপোনাৰ দৰমহা একাউণ্টটো সাধাৰণ সঞ্চয় একাউণ্টলৈ ৰূপান্তৰ কৰা হ'ব। এনে পৰিস্থিতিত, বেংক একাউণ্টত নিম্নতম বেলেন্স বজাই ৰখাৰ নিয়মো আপোনাৰ বাবে প্ৰযোজ্য।
লগতে পঢ়ক: নীলা আধাৰ কাৰ্ড কি ! কোনে লাভ কৰিব পাৰে নীলা ৰঙৰ আধাৰ কাৰ্ড ? - Aadhaar Card for Child