ETV Bharat / business

এই বেংকে ফিক্সড ডিপোজিটৰ ওপৰত দিব 7.9% লৈকে সুদ ! - High Return Fixed Deposits

author img

By ETV Bharat Business Team

Published : Sep 13, 2024, 3:37 PM IST

Higher interest fixed deposit rates : সুৰক্ষিত বিনিয়োগৰ ওপৰত নিশ্চিত লাভ পাবলৈ এতিয়াও বহুতৰে নিৰ্ভৰযোগ্য বিকল্প হৈ আছে দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ ৷  তেনে এক ৰাজহুৱা খণ্ডৰ বেংকে এক নিৰ্ধাৰিত ম্যাদৰ ফিক্সড ডিপোজিটৰ ওপৰত 7.9 শতাংশলৈকে সুদ আগবঢ়াইছে । জানো আহক সবিস্তাৰে…

Higher Interest Fixed Deposit Rates
এই বেংকে ফিক্সড ডিপোজিটৰ ওপৰত দিব 7.9% লৈকে সুদ ! (RKC)

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : বহুতো মধ্যবিত্ত আৰু সাধাৰণ লোকে এতিয়াও ভৱিষ্যতৰ বাবে তেওঁলোকৰ সঞ্চয় বৃদ্ধি কৰিবলৈ ফিক্সড ডিপজিটৰ ওপৰত নিৰ্ভৰ কৰে । কিন্তু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দ্ৰুত গতিত মূলধন বৃদ্ধি কৰাৰ কাৰণে সঠিক খণ্ডত বিনিয়োগ কৰাটো অতি জৰুৰী !

এইক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকবোৰ এতিয়াও সুৰক্ষিত বিনিয়োগৰ ওপৰত নিশ্চিত লাভ প্ৰাপ্ত কৰিবলৈ বহুতৰ বিশ্বাসযোগ্য বিকল্প ৷ এনে এক ৰাজহুৱা খণ্ডৰ বেংকে শেহতীয়াকৈ ফিক্সড ডিপজিটৰ ওপৰত সুদৰ হাৰ সংশোধন কৰিছে । গ্ৰাহকসকলে এই বেংকত নির্দিষ্ট ম্যাদৰ ফিক্সড ডিপজিটৰ ওপৰত 7.9 শতাংশলৈকে সুদ লাভ কৰিব পাৰে ।

বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ ফিক্সড ডিপজিটৰ সুদৰ হাৰ সংশোধন কৰিছে । এই পৰিৱৰ্তনটো 3 কোটি টকাৰ কম ফিক্সড ডিপজিটৰ বাবে কৰা হৈছে । বেংকটোৱে এক নতুন বিশেষ ফিক্সড ডিপজিট প্ৰৱৰ্তন কৰিছে, যাতে আপুনি অধিক সুদ লাভ কৰে ।

বেংকৰ সংশোধিত নতুন সুদৰ হাৰ 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে ।

  1. ফিক্সড ডিপজিটৰ ওপৰত সুদৰ হাৰ সলনি হোৱাৰ পিছত, এতিয়া বেংক অফ ইণ্ডিয়াই 3 শতাংশৰ পৰা 7.25 শতাংশলৈকে সুদ আগবঢ়াইছে ।
  2. এই সুদৰ হাৰ ৭ দিনৰ পৰা ১০ বছৰলৈকে ফিক্সড ডিপজিটৰ বাবে ।
  3. এই সুদৰ হাৰ ৩ কোটি টকাতকৈ কম জমাৰ ওপৰত প্ৰযোজ্য আৰু সাধাৰণ নাগৰিকৰ বাবে ।
  4. বেংকৰ এই নতুন ফিক্সড ডিপজিট আঁচনিখন তেওঁলোকৰ বাবে যিসকলে ৩৩৩ দিনৰ বাবে ফিক্সড ডিপজিট কৰে ।
  5. বেংক অফ ইণ্ডিয়াই এই নতুন ফিক্সড ডিপজিট আঁচনিৰ নাম ষ্টাৰ ধন বৃদ্ধি দিছে । ইয়াৰ অধীনত, চৰকাৰী বেংকে সৰ্বাধিক 7.25 শতাংশ সুদ আগবঢ়াইছে ।
  6. ৬০ বছৰৰ পৰা ৮০ বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলে ফিক্সড ডিপজিটৰ ওপৰত ৭.৭৫ শতাংশ সুদ পাব ।
  7. বেংক অফ ইণ্ডিয়াই ৮০ বছৰৰ অধিক বয়সৰ লোকসকলৰ বাবে ‘‘চুপাৰ ছিনিয়ৰ চিটিজেন’’ হিচাপে ৭.৯০ শতাংশ সুদ আগবঢ়াইছে ।

লগতে পঢ়ক : ভাৰতে আমেৰিকা-জাৰ্মানী-ফ্ৰান্সতকৈ মুদ্ৰাস্ফীতি ভালদৰে চম্ভালিছে : এছ বি আই - SBI

লগতে পঢ়ক : অনলাইনত কেনেদৰে আয় কৰ প্রদান কৰিব ? জানক কৰ কনছালটেণ্টৰ মুখেৰে - IT return

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.