Healthy new year resolutions: নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময় । অৱশ্যে, আমি কেৱল ব্যক্তিগত জীৱন বা কেৰিয়াৰৰ কথা ভাবিলেই নহয়, আমি আমাৰ শৰীৰৰ ওপৰতো গুৰুত্ব দিব লাগিব ৷ গতিকে আমি সকলোৱে এক সংকল্প ল’ব লাগে যে শৰীৰটো যাতে সুস্থ কৰি ৰাখিব পাৰো তাৰ বাবে গুৰুত্ব দিব লাগে ৷
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমি কিছুমান অভ্যাস গঢ়ি তুলিব লাগে ৷ কম বয়সত শৰীৰত বেছি ৰোগে দেখা নিদিলেও বয়স হোৱাৰ লগে লগে বিভিন্ন ৰোগে দেখা দিয়ে ৷ গতিকে এনে ৰোগসমূহৰ পৰা আঁতৰত থাকিবৰ বাবে আমি তলত দিয়া ধৰণৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ৷
- কুহুমীয়া পানী আৰু নেমু
স্বাস্থ্যবান হৈ থাকিব বিচাৰিলে প্ৰতিদিনে পুৱা পানী খোৱা আৱশ্যক ৷ প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানীত নেমু ৰস মিহলি কৰি খোৱা ভাল ৷ ই পাচন তন্ত্ৰ শক্তিশালী কৰে ৷ ইয়াৰোপৰি ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰাৰ লগতে ওজন হ্ৰাসত সহায় কৰে ৷
- ঘৰত প্ৰস্তুত কৰা খাদ্য
বাহিৰৰ খাদ্য স্বাস্থ্যৰ বাবে ভাল নহয় ৷ কিন্তু তাৰ পাছতো বহুতে বাহিৰত খাদ্য খায় ৷ গতিকে নতুন বছৰত এয়া পন ল’ব পাৰে যে আহিবলগীয়া বছৰটোত হোটেল, ৰেষ্টুৰেন্ট আদিৰ খাদ্য কমকৈ খাব ৷ বাহিৰৰ জাংক ফুড, ফ্ৰাই কৰা আদি বস্তু শৰীৰৰ বাবে বেয়া ৷ তাৰ বিপৰীতে ঘৰত তৈয়াৰ কৰা খাদ্য খাব লাগে ৷ ঘৰত পুষ্টিকৰ খাদ্য় প্ৰস্তুত কৰা হয় ৷ যি শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰে ৷
- সেউজীয়া শাক-পাচলি
বহুতে সেউজীয়া শাক-পাচলি বা ফল-মূল খাব নিবিচাৰে ৷ কিন্তু সেউজীয়া শাক-পাচলি আৰু ফল-মূল স্বাস্থ্যৰ বাবে ভাল ৷ গতিকে প্ৰতিদিনে সেউজীয়া শাক-পাচলি বা ১-২ টা ফল খাব লাগে ৷ ই ভিটামিন, মিনাৰেল , ফাইবাৰ আজিৰ যোগান ধৰে যিয়ে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰাখে ৷
- প্ৰ’টিন আৰু ফাইবাৰ
আমাৰ শৰীৰৰ বাবে প্ৰ’টিন আৰু ফাইবাৰ গুৰুত্বপূৰ্ণ ৷ গতিকে খাদ্যত দালি, কণী, দৈ, বাদাম আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰি প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ খাব লাগে ৷ প্ৰটিনে পেশী শক্তিশালী কৰে আৰু ফাইবাৰে হজম শক্তি উন্নত কৰে ৷
- চেনি আৰু নিমখ কমকৈ খাব লাগে
বেছিকৈ মিঠা খোৱা বা বেছি নিমখ খোৱা, দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ গতিকে পাৰিলে মিঠা বস্তু আৰু অতিৰিক্ত নিমখ থকা বস্তুৰ পৰা আঁতৰি থাকিব ৷ ই ওজন নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ সুস্থিৰ কৰি ৰাখে আৰু লগতে ডায়েবেটিছৰ সম্ভাৱনাও হ্ৰাস কৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক