ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 : হৰিদ্বাৰত যোগ গুৰু ৰামদেৱৰ যোগ চৰ্চা - INTERNATIONAL YOGA DAY 2024

author img

By ANI

Published : Jun 21, 2024, 10:31 AM IST

Yoga Day 2024 : উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত কৰা হৈছে যোগাসন কাৰ্যসূচীৰ ৷ যোগ গুৰু ৰামদেৱৰ লগতে পতঞ্জলিৰ এম ডি আচাৰ্য বালকৃষ্ণেও যোগ দিৱসত অংশগ্ৰহণ কৰে ৷ যোগ গুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ সৈতে যোগ চৰ্চা কৰে অনুষ্ঠানত অংশগ্ৰহণকাৰী বহু শিশু-লোকে ৷

World Yoga Day 2024
হৰিদ্বাৰত যোগ গুৰু ৰামদেৱৰ যোগ চৰ্চা (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 21 জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ দিৱসটোৰ সৈতে সংগতি ৰাখি উত্তৰাখণ্ডৰ হৰিদ্বাৰত আয়োজন কৰা হয় এক যোগাসন অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে যোগ গুৰু ৰামদেৱে আৰু যোগাসন পৰিৱেশন কৰে । পতঞ্জলিৰ এম ডি আচাৰ্য বালকৃষ্ণেও যোগ দিৱসত অংশগ্ৰহণ কৰে আৰু ৰামদেৱৰ সৈতে যোগাসন কৰে ।

যোগ দিৱস 2024 বিষয়বস্তু

হৰিদ্বাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শিশুকে ধৰি বহু লোকেও অংশগ্ৰহণ কৰে । আয়ুস মন্ত্ৰণালয়ৰ এক বিবৃতিত কোৱা হৈছে যে চলিত বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু ‘‘আত্মা আৰু সমাজৰ বাবে যোগ’’ ৷ এই বিষয়বস্তুৱে ব্যক্তিগত ক্ষেত্ৰৰ লগতে সামাজিক সমন্বয় গঢ়ি তোলাত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক গুৰুত্ব আৰোপ কৰিছে ।

যোগ চৰ্চা সন্দৰ্ভত যোগ গুৰু ৰামদেৱ

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰামদেৱে কয়, "যুগ যুগ ধৰি ইয়াত যোগ চৰ্চা আছে ৷ ইয়াক সম্প্ৰসাৰণৰ মাধ্যম আমি হৈ পৰিলো ৷ আজি প্ৰতি ঘৰে ঘৰে যোগ চৰ্চা চলিছে । যোগ চৰ্চাৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘত ইয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল ৷ এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছো ৷ যোগে বিশ্ববাসীক বহুত উপকৃত কৰিছে ৷ যোগ চৰ্চাৰ দ্বাৰা মানুহৰ ৰোগ আৰু মানসিক চাপ বহুখিনি নিয়ন্ত্ৰণ হৈছে ৷"

এইবাৰ সমগ্ৰ দেশতে যোগ দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন হ'ব ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (আই এছ আৰ অ') সকলো কেন্দ্ৰ আৰু ইউনিটে চি ৱাই পি বা সাধাৰণ যোগ প্ৰট'কলৰ অনুশীলনৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিছে ।

অন্যান্য স্বায়ত্তশাসিত সংস্থাসমূহৰ লগতে ইছৰোৱেও 21 জুনত চি ৱাই পি অনুশীলনত অংশগ্ৰহণ কৰিব । গোলকীয়ভাৱে বিদেশৰ দূতাবাস আৰু ভাৰতীয় মিছনেও এই অনুষ্ঠানত যোগদান কৰিব, যিয়ে যোগৰ ব্যাপক প্ৰভাৱক প্ৰতিফলিত কৰিব । আয়ুষৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচাই শেহতীয়াকৈ এক সমাৱেশত আইডিৱাইৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰি স্বাস্থ্য, সামাজিক মূল্যবোধ, আৰু সম্প্ৰদায়বোধৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ ভূমিকাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক: বিশ্ব যোগ দিৱস 2024 : আত্মা আৰু সমাজৰ বাবে যোগ - World Yoga Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.