ETV Bharat / bharat

টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ - ARUNACHAL YAK - ARUNACHAL YAK

Yaks move from the mountainous areas of Tawang: পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু টাৱাঙত য়াক দেখিবলৈ পোৱা যায় । ঠাণ্ডা আৰু বৰফৰ অঞ্চল য়াকৰ বসবাসৰ বাবে উপযুক্ত স্থান । যাৰ বাবে গ্ৰীষ্মকালীন সময়ত পশ্চিম কামেং আৰু টাৱাঙৰ পৰা য়াকসমূহ ঠাণ্ডা অঞ্চললৈ প্ৰেৰণ কৰা হয় ।

Yaks move from the mountainous areas of Tawang
টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 9:35 PM IST

তেজপুৰ, ১৭ জুন: য়াক দেখিছেনে ? কেইমাহমানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ য়াকৰ চুৰ্পিয়ে ভৌগোলিক সংকেত (GI tag) লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু এই য়াক কোন অঞ্চলত পোৱা যায় জানিবলৈ মন নাযায়নে ! বৰ্তমান অৰুণাচল প্ৰদেশৰ পোহনীয়া য়াকসমূহৰ পালকসকলে সীমান্ত অঞ্চলত অৰ্থাৎ অতি ঠাণ্ডা ঠাইলৈ স্থানান্তৰ কৰিছে । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং, চেলা পাছ, ডিৰাং,পশ্চিম কামেং জিলাৰ পৰা য়াক পালকসকল সীমান্তলৈ যোৱা আৰম্ভ কৰিছে ।

টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ (ETV BHARAT ASSAM)

গ্ৰীষ্মকালীন অৱস্থাত য়াকৰ স্থান :

য়াক পাহাৰীয়া অঞ্চলত বসবাস কৰা এবিধ জন্তু । বিশেষকৈ ঠাণ্ডা আৰু বৰফৰ অঞ্চলত থাকে এইবিধ জন্তু । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা আৰু টাৱাং জিলাত পোৱা যায় এই য়াক । গ্ৰীষ্মকালীন সময়ত য়াকসমূহ পাহাৰীয়া শুকান অঞ্চলৰ পৰা ঠাণ্ডা অঞ্চললৈ পঠাই দিয়া হয় । ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰ ডিৰাঙৰ সঞ্চালক মিহিৰ সৰকাৰে জনায় যে অৰুণাচল প্ৰদেশৰ ডিৰাং আৰু টাৱাং চেক্টৰত প্ৰায় ৩০০ য়াক পালক আৰু সমগ্ৰ অৰুণাচল প্ৰদেশত প্ৰায় ৫০০ এনে য়াক পালক আছে ।

Yaks move from the mountainous areas of Tawang
টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ (ETV BHARAT ASSAM)

এগৰাকী য়াক পালক ছাংগে ৱাংগৱে নয়নে গ্ৰীষ্মকালীন অসুবিধাৰ বাবে তেওঁলোকে পালন কৰা য়াকসমূহ চেলা পাছৰ পৰা লগুথাং লৈ স্থানান্তৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷ এজন য়াক পালকৰ লগত ২০-৩০ টা পৰ্যন্ত য়াক থাকে ।

য়াকৰ প্ৰজাতিগত নাম :

অৰুণাচলী য়াকক ব্ৰকপা নামেৰে জনা যায় । এই য়াক জনজাতীয় পশুপালকসকলে পালন কৰে ৷ তেওঁলোকে গ্ৰীষ্মকালত নিজৰ য়াকৰ সৈতে অধিক উচ্চতাৰ অঞ্চললৈ (১০,০০০ ফুট আৰু তাতকৈ অধিক উচ্চতাত) প্ৰব্ৰজন কৰে আৰু শীতকালত মধ্য উচ্চতাৰ পাহাৰীয়া অঞ্চললৈ নামি আহে । প্ৰতিটো পৰিয়ালৰ দুই-এজন লোকে য়াকৰ পিঠিত খাদ্যৰ সামগ্ৰীসহ প্ৰায় ৬০ কেজি ওজন বোজাই কৰি আগন্তুক পাঁচ মাহৰ বাবে যাত্ৰা আৰম্ভ কৰে ৷

আনহাতে কিছুমান বিশেষ ঠাইত সুৰক্ষা বাহিনীয়েও য়াকক বোজা কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দেখা যায় । যিহেতু এই প্ৰজাতিতো অধিক উচ্চতাত অৱস্থান কৰে, সেয়েহে ই জনজাতীয় পশুপালকসকলক সমৃদ্ধ পুষ্টি প্ৰদান কৰাৰ উপৰিও ঠাণ্ডা আৰু হাইপ’ক্সিয়াৰ বিৰুদ্ধেও সুবিধা প্ৰদান কৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে ।

য়াকৰ আকৃতি :

য়াক হৈছে গৰু বা ম'হৰ দৰে এবিধ ডাঙৰ প্ৰাণী ৷ ইয়াৰ তললৈ ওলমি থকা অতি ঘন, দীঘল নোমৰ বাবে এই প্ৰাণীবিধ দেখিবলৈ বাকীবোৰৰ তুলনাত সুকীয়া । বনৰীয়া আৰু ঘৰচীয়া দুবিধ য়াক আছে, বনৰীয়া য়াকৰ ৰং সাধাৰণতে গাঢ়, ক'লাৰ পৰা বাদামী হয় ৷ আনহাতে ঘৰচীয়া য়াকৰ ৰং যথেষ্ট পৰিৱৰ্তনশীল হ'ব পাৰে, সাধাৰণতে ইয়াৰ গাৰ ৰং মৰিছা পৰা বাদামী আৰু ক্ৰীম ৰঙৰ হয় । ইহঁতৰ কাণ সৰু আৰু কপাল বহল হয়, শিং মসৃণ হয় আৰু ইয়াৰ বৰণ সাধাৰণতে গাঢ় ৰঙৰ হয় । মতা য়াকৰ শিংবোৰ মূৰৰ কাষৰ পৰা ওলাই আৰু পিচলৈ বক্ৰ হয় ৷ সাধাৰণতে ইহঁতৰ দৈৰ্ঘ ৪৮ ছেন্টিমিটাৰৰ পৰা ৯৯ ছেন্টিমিটাৰ হয় (১৯ৰ পৰা ৩৯ ইঞ্চি) ৷

মাইকী য়াকৰ শিং সৰু আৰু ২৭ ছেন্টিমিটাৰৰ পৰা ৬৪ ছেন্টিমিটাৰ (১১ৰ পৰা ২৫ ইঞ্চি) দীঘল আৰু অধিক উলম্ব আকৃতিৰ হয় । অৱশ্যে উভয় লিংগৰ য়াকৰ ডিঙি চুটি আৰু কান্ধৰ ওপৰত উচ্চ কুঁজ থাকে যদিও মতা য়াকৰ ক্ষেত্ৰত ইয়াক ডাঙৰ আৰু অধিক দেখা যায় । মতা য়াকৰ ওজন ৩৫০ৰ পৰা ৫৮৫ কিলোগ্ৰাম (৭৭২ৰ পৰা ১,২৯০ পাউণ্ড) আৰু মাইকী য়াকৰ ওজন ২২৫ৰ পৰা ২৫৫ কিলোগ্ৰাম (৪৯৬ৰ পৰা ৫৬২ পাউণ্ড) হয় ৷ বনৰীয়া য়াক যথেষ্ট ডাঙৰ হ'ব পাৰে, ইয়াৰ ওজন ১০০০ কিলোগ্ৰাম (২,২০০ পাউণ্ড) পৰ্যন্ত হয় ।

ভৌগোলিক সংকেত (GI tag):

অৰুণাচল প্ৰদেশৰ য়াকৰ চুৰ্পিয়ে ইতিমধ্যে ভৌগোলিক সংকেত(GI tag) লাভ কৰিছে ৷ ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ সঞ্চালক মিহিৰ সৰকাৰে জনোৱা মতে, তেওঁলোকে য়াকৰ পৰা প্ৰস্তুত কৰা আৰু ছয়বিধ সামগ্ৰীৰ বাবে ভৌগোলিক আবেদন কৰিছে ৷ এইসমূহ হৈছে য়াকৰ ঘি (Yak Ghee), য়াক চুৰকাম (Yak Churkam), য়াক চামৰ (Yak Chamar) য়াকৰ চিপ্পা যাম (Chippa Jammu Brokpa Cap), য়াক কম্বল (Lieu Blanket) আৰু য়াকৰ পৰা নিৰ্মিত স্থানীয় জেকেট (Phu chuppa Jacket) ।

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মক্টে অঞ্চলত য়াকৰ নোমৰ পৰা টুপী প্ৰস্তুত কৰা হয় আৰু ই প্ৰচুৰ ঠাণ্ডাৰ পৰা ৰক্ষা কৰে ৷ ঠাই বিশেষে এই টুপী পৃথক পৃথক আকৃতিৰ হয় ।

লগতে পঢ়ক: জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.