ETV Bharat / bharat

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন: তাৎপৰ্যপূৰ্ণভৱে বৃদ্ধি মহিলা আৰু নতুন ভোটাৰৰ সংখ্যা - Jammu Kashmir Elections 2024

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 2:02 PM IST

Jammu Kashmir Elections 2024: জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰা তথ্য অনুসৰি, অঞ্চলটোত ৯৩,০০০-তকৈও অধিক নতুন ভোটাৰ বৃদ্ধি পাইছে । এই সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা আছে যুৱ ভোটাৰ আৰু মহিলা ভোটাৰৰ ।

Jammu Kashmir Elections 2024
জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন; মহিলা আৰু নতুন ভোটাৰৰ গুৰুত্বপূৰ্ণ বৃদ্ধি (ANI Photo)

নিউজ ডেস্ক, ২১ আগষ্ট: সমাগত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পোহৰলৈ আহিছে ভোটাৰৰ সংখ্যা । তথ্য মতে, অঞ্চলটোত ৯৩,০০০ তকৈও অধিক নতুন ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । এই বৃদ্ধিত মূলত যুৱ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যাই অৰিহণা যোগাইছে । ইয়াৰ উপৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ভোটকেন্দ্ৰৰ সংখ্যাও ২০৯ টালৈ বৃদ্ধি পাইছে ।

এই তথ্য প্ৰকাশ পাইছে জম্মু-কাশ্মীৰৰ ২০ খন জিলাত 1 জুলাই, 2024 লৈকে ভোটদানৰ যোগ্যতা অৰ্জন কৰা ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰৰ বিশেষ সাৰাংশত । জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াই মঙলবাৰে এই কথা জনায় ।

"শুদ্ধ ভোটাৰ তালিকা, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি আৰু সঠিক পদ্ধতি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দি জম্মু-কাশ্মীৰত বিশেষ সংশোধন কাৰ্য সফলতাৰে সম্পূৰ্ণ হৈছে । আমি ১৮ বছৰীয়া সকলো যোগ্য নাগৰিক বা প্ৰথমবাৰৰ বাবে নাম পঞ্জীয়ন কৰাসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ । লগতে ভোটাৰ তালিকাৰ শুদ্ধতা উন্নত কৰাৰ বাবে ত্ৰুটি আৰু বিসংগতি সংশোধন কৰাৰ উপৰি অযোগ্য ভোটাৰসকলক চিনাক্ত কৰি আঁতৰাবলৈ সক্ষম হৈছোঁ ।" মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় ।

"চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ সৈতে সম্পূৰ্ণ হোৱা বিশেষ সাৰাংশ সংশোধন-২০২৪ অনুসৰি, ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮৮.০৩ লাখ । ইয়াৰে ভিতৰত আছে ৪৪.৮৯ লাখ পুৰুষ, ৪৩.১৩ লাখ মহিলা আৰু ১৬৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।" মুখ্য নিৰ্বাচনী বিষয়াই এক বিবৃতিত কয় ।

আনহাতে, সমগ্ৰ জম্মু-কাশ্মীৰত এই বিশেষ সাৰাংশ সংশোধনত মুঠ 93,284 গৰাকী ভোটাৰ যোগ দিয়া হৈছে । ইয়াৰ উপৰি ভোটাৰৰ জনসংখ্যাৰ অনুপাত 0.59 ৰ পৰা 0.60 লৈ উন্নীত হৈছে ।

উল্লেখযোগ্য সাফল্যসমূহৰ ওপৰত আলোকপাত কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে ১৮-১৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা ৪৫,৯৬৪ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে ভিতৰত ২৪,৩১০ গৰাকী মহিলা । আনকি মহিলা ভোটাৰৰ সামগ্ৰিক সংখ্যাও ৫১,১৪২ গৰাকী বৃদ্ধি পাইছে ।

"জম্মু-কাশ্মীৰত যুৱ ভোটাৰৰ সংখ্যাৰ এই গুৰুত্বপূৰ্ণ বৃদ্ধিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি যুৱ ভোটাৰসকলৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে ।" মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে এইকথা উল্লেখ কৰি কয় যে ১৮-২৯ বছৰ বয়সৰ জম্মু-কাশ্মীৰত মুঠ যুৱ ভোটাৰৰ সংখ্যা হৈছে ২৫.৩৪ লাখ ।

আনহাতে, ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে এই বছৰ সমগ্ৰ জম্মু-কাশ্মীৰত ভোটকেন্দ্ৰৰ সংখ্যাও বৃদ্ধি পাইছে ।

"আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে জম্মু-কাশ্মীৰত ভোটকেন্দ্ৰৰ সংখ্যা ১১,৬২৯ টাৰ পৰা ১১৮৩৮ টালৈ আৰু ভোটকেন্দ্ৰৰ স্থান ৮,৯৩০-ৰ পৰা ৯,১৬৮-লৈ বৃদ্ধি পাইছে । ২০৯ টা ভোটকেন্দ্ৰ আৰু ২৩৮ টা ভোটকেন্দ্ৰৰ স্থান বৃদ্ধি পাইছে । আনহাতে, ভোটাৰসকলক সুবিধা প্ৰদান কৰাৰ বাবে ভোটকেন্দ্ৰৰ দূৰত্ব ২ কিলোমিটাৰতকৈ কম থকাটো নিশ্চিত কৰা হৈছে ।" মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে জনায় যে আজিৰ তাৰিখলৈকে জম্মু-কাশ্মীৰত ৮৩,১৯১ গৰাকী পঞ্জীয়নভুক্ত প্ৰতিবন্ধী ভোটাৰ আছে । আনহাতে, শতবৰ্ষীয় ভোটাৰৰ সংখ্যা (১০০ বছৰতকৈ অধিক বয়সৰ) ২,৪২৮ গৰাকী ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন : ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক - Election Commission of India
লগতে পঢ়ক :অশান্ত জম্মু-কাশ্মীৰ : নিৰ্বাচন সকলো সমাপ্তিৰ কাৰক হ'বনে ? - Terror attack in Kashmir

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.