ETV Bharat / bharat

মহিলা চিকিৎসকক হত্যা: তীব্ৰ প্ৰতিবাদৰ মাজতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন অধীক্ষক নিযুক্তি - KOLKATA PGT DOCTOR RAPE

author img

By ANI

Published : Aug 12, 2024, 7:06 AM IST

RG Kar Medical College case: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকক হত্যাৰ পিচতে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত । চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ নতুন অধীক্ষক তথা উপাধ্যক্ষ নিযুক্তি দিছে । অধ্যাপক ডাঃ বুলবুল মুখোপাধ্যায়ক এই দায়িত্ব দিয়া হৈছে ।

RG Kar Medical College case
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন অধীক্ষক নিযুক্তি (ANI)

নেশ্যনেল ডেস্ক, ১২ আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৰ্মৰত অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ চাঞ্চল্যও অব্যাহত আছে । ইফালে চিকিৎসকৰ নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰ দাবীত চিকিৎসা মহাবিদ্যালয়খনত প্ৰতিবাদো অব্যাহত ৰাখিছে একাংশ চিকিৎসক-শিক্ষাৰ্থীয়ে ।

নতুন অধীক্ষক তথা উপাধ্যক্ষ নিযুক্তি :

ঘটনাক লৈ তীব্ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগ চৰকাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ নতুন অধীক্ষক তথা উপাধ্যক্ষ নিযুক্তি দিয়ে । অধ্যাপক ডাঃ বুলবুল মুখোপাধ্যায়ক এই পদত নিযুক্তি দিয়া হয় । মহাবিদ্যালয়খনৰ ফিজিঅ'লজি বিভাগৰ(শৰীৰতত্ত্ব বিভাগ) অধ্যাপক আছিল ডাঃ মুখোপাধ্যায় । ইফালে প্ৰাক্তন অধীক্ষক তথা উপাধ্যক্ষগৰাকীক ঘটনাটোৰ পিচতে কলকাতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ ফিজিঅ'লজি বিভাগৰ অধ্যাপক হিচাপে স্থানান্তৰ কৰা হৈছে ।

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ প্ৰতিবাদ :

ইফালে ৯ আগষ্টত সংঘটিত ঘটনাটোৱে ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছে । ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েশ্যনে(FORDA) আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক চিকিৎসকসকলক সমৰ্থন জনোৱাৰ উদ্দেশ্যে ১২ আগষ্টত চিকিৎসালয়ৰ অ'পিডি, ৱাৰ্ড আৰু ইলেক্টিভ অ'টিকে ধৰি বিভিন্ন সেৱাসমূহ দেশজুৰি বন্ধ ৰখাৰ আহ্বান জনাইছে । দীনদয়াল উপাধ্যায় চিকিৎসালয়, লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু দিল্লীৰ মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে ইলেক্টিভ সেৱা বন্ধৰ ঘোষণা কৰিছে ।

ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া :

কৰ্মৰত এগৰাকী চিকিৎসকক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিচত নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাটোৱে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ১০ আগষ্টত তৃণমূল কংগ্ৰেছৰ (টি এম চি) সাংসদ অভিষেক বেনাৰ্জীয়ে বিষয়টোৰ ৰাজনীতিকৰণক সমালোচনা কৰি ধৰ্ষণৰ দ্ৰুত বিচাৰৰ বাবে অধ্যাদেশ বা বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে ।

শনিবাৰে মধ্যপ্ৰদেশৰ ভূপালৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সছৰ(এইমছ) চিকিৎসকৰ এটা দলে পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এই ঘটনাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায় ।

একেদৰে দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ চিকিৎসকসকলেও ঘটনাটোৰ চিবিআই তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । কলকাতাৰ কংগ্ৰেছ কৰ্মীসকলেও শনিবাৰে উচিত ন্যায়ৰ বাবে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ ইয়াৰ পূৰ্বে বিজেপি বিধায়ক অগ্নিমিত্ৰ পল আৰু পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাৰ চিবিআই তদন্তৰ আহ্বান জনাইছিল ৷

লগতে পঢ়ক : চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ: দেশজুৰি প্ৰতিবাদ - Kolkata PGT Doctor rape

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.