ETV Bharat / bharat

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো : হিমন্ত বিশ্ব শৰ্মা - ONE NATION ONE ELECTION

বিধানসভা-লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে দেশৰ উন্নয়নত বাধা আহি নপৰে ৷ সেয়ে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো বুলি কয় অসমৰ মুখ্যমন্ত্ৰীয়ে ৷

"We fully support one nation one election": Assam CM Himanta Biswa Sarma
এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI)
author img

By ANI

Published : Dec 12, 2024, 5:46 PM IST

পুৰী (ওড়িশা) : ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো ৷ কাৰণ যেতিয়া বিধানসভা আৰু লোকসভা নিৰ্বাচন বেলেগ বেলেগকৈ অনুষ্ঠিত হয়, তেতিয়া উন্নয়নৰ কাম স্তব্ধ হৈ পৰে ৷’’ বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’’ বিধেয়কত অনুমোদন জনোৱাৰ পিছতে ওড়িশাত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ওড়িশাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ মুখ্যমন্ত্রী শৰ্মাই পুৰিস্থিত জগন্নাথ মন্দিৰত উপস্থিত হৈ মূৰ দোৱাই ভগৱানৰ আশিস লয় । লগতে জগন্নাথ মন্দিৰৰ প্ৰাংগনতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে ৷

সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত অনুসৰি, তেওঁ কয়, "এয়া হ'ব লাগে... যেনেকৈ ওড়িশাত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল । বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত নহ'লে উন্নয়নৰ কাম বন্ধ হৈ যায় । সেইবাবে প্ৰধানমন্ত্ৰীয়ে এনে হোৱাটো বিচাৰে । আমি এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো ।’’

তেওঁ আৰু কয়, “এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাতে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হ’ব লাগিব আৰু তেতিয়াহে প্ৰধানমন্ত্ৰীয়ে নিশ্চিতভাৱে এই কাম সম্ভৱ কৰি তুলিব পাৰিব ।”

উল্লেখ্য যে, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছতে এখন বিস্তৃত বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সমগ্ৰ দেশতে ঐক্যবদ্ধ নিৰ্বাচনৰ পথ মুকলি হ’ব ।

ইয়াৰ পূৰ্বে বুধবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’’ সন্দৰ্ভত একমত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ লগতে এই বিষয়টোৱে ৰাজনৈতিক স্বাৰ্থক বাহিৰত ৰাখি সামগ্ৰিকভাৱে জাতিটোৰ উপকাৰ হ’ব বুলি তেওঁ উল্লেখ কৰে ।

সংবাদ মাধ্যমক সম্বোধন কৰি এই বিষয়ত কমিটীৰ অধ্যক্ষ কোবিন্দে কয়, "কেন্দ্ৰীয় চৰকাৰে সহমত গঢ়ি তুলিব লাগিব । এই বিষয়টো কোনো বিশেষ দলৰ স্বাৰ্থত নহয় জাতিটোৰ স্বাৰ্থতহে । এক ৰাষ্ট্ৰ, এক নিৰ্বাচন হ'ব গেম চেঞ্জাৰ, কেৱল মোৰ মতামত নহয় অৰ্থনীতিবিদসকলৰ মতামতৰ ওপৰতো নিৰ্ভৰ কৰিব ৷ যিয়ে বিশ্বাস কৰে যে ইয়াৰ ৰূপায়ণে দেশৰ জিডিপি ১-১.৫ শতাংশ বৃদ্ধি কৰিব পাৰে ।"

উল্লেখ্য যে, চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় কেবিনেটে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন প্ৰস্তাৱক অনুমোদন জনাইছিল, যাৰ লক্ষ্য হৈছে ১০০ দিনৰ ভিতৰত নগৰীয়া সংস্থা আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা ।

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পেনেলৰ প্ৰতিবেদনত এই পৰামৰ্শৰ ৰূপৰেখা দাঙি ধৰা হৈছে । (ANI)

লগতে পঢ়ক : এক ৰাষ্ট্ৰ, এক নিৰ্বাচন বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.