ETV Bharat / bharat

ৰাছিয়া আৰু অষ্ট্ৰিয়া অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী মোদী - PM Modi Russia visit

PM Modi Russia visit: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা বিশেষ বিমানযোগে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণৰ লক্ষ্যৰে ৰাওনা হয় । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাণিজ্যকে বিভিন্ন বিষয়ত তেওঁ আলোচনা কৰিব । ৪০ বছৰৰ পিচত প্ৰথমবাৰলৈ এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিব ।

author img

By ANI

Published : Jul 8, 2024, 2:07 PM IST

PM Modi Russia visit
ৰাছিয়া আৰু অষ্ট্ৰিয়া অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী মোদী (ANI)

নেশ্যনেল ডেস্ক, ৮ জুলাই : ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ ভ্ৰমণে ভাৰতৰ বাবে এই ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ সুযোগ প্ৰদান কৰিব । এক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অহা তিনিদিন তেওঁ ৰাছিয়া আৰু অষ্ট্ৰিয়াত থাকিব । এই দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ এক সুন্দৰ সুযোগ হ'ব বুলি তেওঁ উল্লেখ কৰে । এই দেশসমূহত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ বাবেও তেওঁ আশাবাদী ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ দিশবোৰ আলোচনা কৰিব বিচাৰে । লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত দৃষ্টিভংগী ভাগ বতৰা কৰাৰ বাবে তেওঁ আশাবাদী । প্ৰধানমন্ত্ৰীৰ মতে তেওঁ এক শান্তিপূৰ্ণ আৰু স্থিৰ অঞ্চলৰ বাবে সহায়ক ভূমিকা পালন কৰিব বিচাৰে । এই ভ্ৰমণে তেওঁক ৰাছিয়াৰ ভাৰতীয় সম্প্ৰদায়ক লগ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব বিগত ১০ বছৰত যথেষ্ট আগবাঢ়িছে, যাৰ ভিতৰত আছে শক্তি, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, স্বাস্থ্য, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদান । ৰাছিয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব । এই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যে অষ্ট্ৰিয়াত তেওঁ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডাৰ বেলেন আৰু চেন্সেলৰ কাৰ্ল নেহাইমাৰক সাক্ষাৎ কৰিব । প্ৰধানমন্ত্ৰী মোদীৰ মতে অষ্ট্ৰিয়া হৈছে ভাৰতৰ দৃঢ় আৰু নিৰ্ভৰযোগ্য অংশীদাৰ আৰু দুয়োখন দেশ গণতন্ত্ৰ আৰু বহুত্ববাদৰ আদৰ্শৰ অংশীদাৰ ।

উদ্ভাৱন, প্ৰযুক্তি আৰু বহনক্ষম উন্নয়নৰ নতুন আৰু উদীয়মান ক্ষেত্ৰত অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁ দেশখনৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ বাবে আশাবাদী । অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে পাৰস্পৰিক লাভজনক বাণিজ্য আৰু বিনিয়োগৰ সুযোগ অন্বেষণৰ বাবে দুয়োপক্ষৰ ব্যৱসায়িক নেতাসকলৰ সৈতে মত বিনিময়ৰ বাবে প্ৰধানমন্ত্ৰী আশাবাদী । মোদীয়ে উল্লেখ কৰা মতে তেওঁ অষ্ট্ৰিয়াৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও বাৰ্তালাপ কৰিব ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ঈৰ্ষান্বিত নেকি পশ্চিমীয়া দেশসমূহ ? - PM Modi Russia visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.