ETV Bharat / bharat

মণিপুৰলৈ নাযাব ! আমেৰিকাই সতৰ্ক কৰি দিলে নিজ দেশৰ নাগৰিকক - US revises travel advisory - US REVISES TRAVEL ADVISORY

US revises travel advisory for India : নিৰাপদ নহয় ভাৰতৰ বহু কেইখন ৰাজ্য ৷ সেয়ে নিৰাপত্তাজনিত কাৰণত ২৩ জুলাইত আমেৰিকাৰ ভ্ৰমণ উপদেষ্টা কমিটীয়ে আমেৰিকাৰ নাগৰিকসকলক উদ্দ্যেশি কয়- মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্তৰ লগতে মধ্য আৰু পূব ভাৰতৰ কিছু অংশত নক্সালবাদী কাৰ্যকলাপ সংঘটিত হৈ আহিছে ৷ সেয়ে তেনে অঞ্চললৈ যাত্ৰা কৰাত বাধা আৰোপ কৰা হৈছে ৷ যদিহে তেনে অঞ্চলত ভ্ৰমণ কৰে তেন্তে আমেৰিকা চৰকাৰৰ অনুমতি ল’ব লাগিব ৷

US revises travel advisory for India
মণিপুৰলৈ নাযাব ! আমেৰিকাই সতৰ্ক কৰি দিলে নিজ দেশৰ নাগৰিকক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 5:34 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুলাই : আজিও অশান্ত হৈ আছে মণিপুৰ ৷ ভয় আৰু শংকাৰ মাজত আজিও সময় অতিবাহিত কৰিছে মণিপুৰবাসীয়ে ৷ আজি (বৃহস্পতিবাৰ)ও মণিপুৰৰ জিৰিবামত এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হয় ৷ জিৰিবামৰ বাৰবেক্ৰাত মেইটেই জনগোষ্ঠীৰ এজন লোকৰ ঘৰ জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে ৷ ইয়াকে লৈ আজি পুনৰ অগ্নিগৰ্ভা হৈ পৰে জিৰিবামৰ পৰিস্থিতি ৷

ইয়াৰ মাজতেই ২৩ জুলাইৰ দিনা মণিপুৰবাসী সম্পৰ্কত কেতবোৰ মন্তব্য কৰিছে আমেৰিকাই ৷ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়সকলৰ লগতে আমেৰিকাৰ নাগৰিকক উদ্দেশ্যি আমেৰিকাই কয় যে নিৰাপত্তাজনিত কাৰণৰ বাবে কোনেও যাতে মণিপুৰলৈ ভ্ৰমণ নকৰে ৷ জাতিগত ভিত্তিত চলি থকা মণিপুৰৰ নাগৰিক সংঘাতৰ ফলত বহু সম্প্ৰদায়ৰ লোক স্থানচ্যুত হোৱাৰ খবৰো আহিছে ।

মণিপুৰৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত হোৱা হিংসাত্মক পৰিস্থিতি সম্পৰ্কতো আমেৰিকাৰ ভ্ৰমণ উপদেষ্টা কমিটীয়ে কেতবোৰ মন্তব্য কৰে ৷ আমেৰিকা চৰকাৰে কয় যে পৰাপক্ষত জম্মু-কাশ্মীৰলৈ যাত্ৰা নকৰিব (পূব লাডাখ অঞ্চল আৰু ইয়াৰ ৰাজধানী লেহ ভ্ৰমণৰ বাহিৰে)।

লগতে পঢ়ক : অশান্ত জম্মু-কাশ্মীৰ : নিৰ্বাচন সকলো সমাপ্তিৰ কাৰক হ'বনে ? - Terror attack in Kashmir

এই অঞ্চলত ধাৰাবাহিকভাৱে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে ৷ সেয়ে কাশ্মীৰ উপত্যকাৰ পৰ্যটনস্থলী যেনে শ্ৰীনগৰ, গুলমাৰ্গ আৰু পহলগামৰ কিছুমান অঞ্চললৈ বিদেশী পৰ্যটকক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ।

‘‘বৰ্তমান ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ দুয়োপাৰে সবল সামৰিক উপস্থিতি আছে । ভাৰত বা পাকিস্তানৰ অ-নাগৰিকসকলৰ বাবে একমাত্ৰ চৰকাৰী সীমান্ত পাৰ হৈছে পঞ্জাব । ভাৰতৰ আটাৰী আৰু পাকিস্তানৰ ৱাঘাৰ মাজত আছে । সীমান্ত ক্ৰছিং সাধাৰণতে খোলা থাকে, কিন্তু যাত্ৰা কৰাৰ আগতে ইয়াৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰক ।’’

‘‘পাকিস্তানত প্ৰৱেশ কৰিবলৈ পাকিস্তানী ভিছাৰ প্ৰয়োজন । ভাৰতত বাস কৰা আমেৰিকাৰ নাগৰিকেহে ভাৰতত পাকিস্তানী ভিছাৰ বাবে আবেদন কৰিব পাৰিব । অন্যথা ভাৰত ভ্ৰমণৰ পূৰ্বে গৃহ দেশত পাকিস্তানী ভিছাৰ বাবে আবেদন কৰক ৷’’ আমেৰিকা চৰকাৰে কয় ৷

লগতে পঢ়ক : গ’ণ্ডা ৰে’ল দুৰ্ঘটনাৰ চি আৰ এছ তদন্তৰ প্ৰতিবেদন: গাফিলতিৰ বাবে লাইনচ্যুত হৈছিল ৰে’ল - Dibrugarh Express Derail

আমেৰিকা চৰকাৰে উল্লেখ কৰা অনুসৰি, ‘‘পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিমবংগৰ মাজেৰে বিস্তৃত ভাৰতৰ এক বৃহৎ অঞ্চলত মাওবাদী উগ্ৰপন্থী গোট বা নক্সালবাদী সক্ৰিয় হৈ আছে ৷’’

‘‘তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, আৰু ওড়িশাৰ সীমান্তৱৰ্তী ছত্তীশগড় আৰু ঝাৰখণ্ডৰ গ্ৰাম্য অঞ্চলত ভাৰত চৰকাৰৰ বিষয়াসকলৰ বিৰুদ্ধে বিক্ষিপ্তভাৱে আক্ৰমণ অব্যাহত আছে । ওড়িশাৰ দক্ষিণ-পশ্চিম অঞ্চলসমূহো আছে । স্থানীয় আৰক্ষী, অৰ্ধসামৰিক বাহিনী, চৰকাৰী বিষয়াক লক্ষ্য কৰি বহু আক্ৰমণ সংঘটিত কৰিছে নক্সালবাদীয়ে ।’’

লগতে পঢ়ক : কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী, এজন সেনা বিষয়া ছহিদ - Encounter in Kupwara

ভাৰতীয় প্ৰতিবেদন অনুসৰি, ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে অপৰাধ । বিশেষকৈ ভাৰতত ধৰ্ষণৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে ৷ পৰ্যটন স্থানসমূহত যৌন নিৰ্যাতনৰ দৰে হিংসাত্মক অপৰাধ সংঘটিত হৈছে । সেয়ে পৰ্যটন স্থান, পৰিবহণ কেন্দ্ৰ, বজাৰ/শ্বপিং মল আদি ভ্ৰমণ কৰোতে সাৱধান হোৱাটো প্ৰয়োজন বুলি আমেৰিকা চৰকাৰে উল্লেখ কৰিছে ৷

আমেৰিকা চৰকাৰে কয়, ‘‘ভাবুকিৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ বাবে আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিম বংগ, মেঘালয় আৰু ওড়িশা ৰাজ্যৰ বেছিভাগ অঞ্চললৈ যোৱাৰ পূৰ্বে অনুমতি ল'ব লাগিব । যদিহে কৰ্মচাৰীয়ে কেৱল উক্ত ৰাজ্যকেইখনৰ ৰাজধানীহে ভ্ৰমণ কৰে, তেন্তে অনুমতিৰ প্ৰয়োজন নাই ৷’’

ইয়াৰ উপৰিও উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণৰ পূৰ্বে পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে । উত্তৰ-পূবৰ কিছু অংশত জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনে মাজে মাজে হিংসাত্মক কাৰ্য সংঘটিত কৰি আহিছে । এই ঘটনাসমূহৰ ভিতৰত বাছ, ৰে’ল, ৰে’ল লাইন আৰু বজাৰত বোমা বিস্ফোৰণৰ দৰে কুটাঘাত সংঘটিত কৰিছে ।

অৱশ্যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিক্কিম বা ত্ৰিপুৰাত শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতিৰ কোনো খবৰ পোৱা নাই । সেয়ে প্ৰবাসী ভাৰতীয়সকলে উত্তৰ-পূবৰ এই ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ পূৰ্বে কোনোধৰণৰ অনুমতিৰ প্ৰয়োজন নাই বুলি আমেৰিকা চৰকাৰে কয় ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বৃদ্ধি : চৰকাৰৰ কৰণীয় কি ? - Terrorism In Jammu and Kashmir

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.