ETV Bharat / bharat

অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত - India Budget 2024

author img

By ANI

Published : Jul 23, 2024, 2:03 PM IST

Union Budget 2024-25: অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ অসমৰ উপৰিও বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আদি ৰাজ্যই লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ বান সাহায্য ৷

Union Budget: Flood assistance announced for Bihar, Himachal, Assam, Uttarakhand, Sikkim
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (ETV Bharat)

নেশ্যনেল ডেস্ক, 23 জুলাই: মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে লোকচানৰ সন্মুখীন হোৱা অসম, বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিমকে আদি বানবিধস্ত ৰাজ্যসমূহক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, "অসমত চাৰিওদিশে বান । ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈছে । বান ব্যৱস্থাপনা আৰু আনুষাংগিক প্ৰকল্পৰ বাবে আমি অসমলৈ সহায় আগবঢ়াম ।"

সঘনাই বান হোৱা বিহাৰে কিছু সকাহ পাব বুলি আশ্বাস প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, "বিহাৰত সঘনাই হোৱা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে, এই বানৰ উৎপত্তিস্থল দেশৰ বাহিৰত । নেপালত বান নিয়ন্ত্ৰণৰ কাঠামো নিৰ্মাণৰ পৰিকল্পনা এতিয়াও আগবাঢ়িব পৰা নাই । ত্বৰান্বিত জলসিঞ্চন লাভৰ কাৰ্যসূচী আৰু অন্যান্য উৎসৰ জৰিয়তে আমাৰ চৰকাৰে আনুমানিক ব্যয়ৰ প্ৰকল্পৰ বাবে আৰ্থিক সহায় আগবঢ়াব । কোচি-মেচি আন্তঃৰাজ্যিক সংযোগ আৰু বেৰেজ, নদী প্ৰদূষণ নিৰাময় আৰু জলসিঞ্চন প্ৰকল্পকে ধৰি আন 20 খন চলি থকা আৰু নতুন আঁচনিৰ দৰে 11,500 কোটি টকা আগবঢ়োৱা হ’ব ।"

ইয়াৰ উপৰিও কোচি সম্পৰ্কীয় বান প্ৰশমন আৰু জলসিঞ্চন প্ৰকল্পৰ জৰীপ আৰু তদন্ত কৰা হ’ব বুলিও কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । হিমাচল প্ৰদেশৰ বাবে বিত্তমন্ত্ৰীয়ে পুনৰ নিৰ্মাণ আৰু উদ্ধাৰ অভিযানৰ বাবে সাহায্য ঘোষণা কৰে ।

সীতাৰমণে কয়, "যোৱা বছৰ হিমাচল প্ৰদেশত হোৱা বানৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ৰাজ্যখন । আমাৰ চৰকাৰে বহুপক্ষীয় উন্নয়ন সাহায্যৰ জৰিয়তে ৰাজ্যখনক পুনৰ নিৰ্মাণ আৰু উদ্ধাৰ অভিযানৰ বাবে সাহায্য প্ৰদান কৰিব ।"

ডাৱৰ বিস্ফোৰণ আৰু বৃহৎ ভূমিস্খলনৰ বাবেও লোকচানৰ সন্মুখীন হোৱা উত্তৰাখণ্ডকো সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে সীতাৰমণে ৷

সীতাৰমণে লগতে কয়, "শেহতীয়াকৈ ছিকিমত বিধ্বংসী কৃত্ৰিম বানপানী আৰু ভূমিস্খলনে সমগ্ৰ ৰাজ্যতে বিধ্বংসী ৰূপ ধাৰণ কৰা দেখা গৈছে । আমাৰ চৰকাৰে ৰাজ্যখনলৈ সহায় আগবঢ়াব ।"

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে মোদী 3.0 চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট আৰু একেৰাহে সপ্তমখন বাজেট দাখিল কৰি অভিলেখ সৃষ্টি কৰে । 22 জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন নিৰ্ধাৰিত সময় অনুসৰি 12 আগষ্টত শেষ হ’ব ।

লগতে পঢ়ক: মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম কেন্দ্ৰীয় বাজেট: কাউণ্ট ডাউন আৰম্ভ - Union Budget 2024

নিযোগৰ সুযোগ বৃদ্ধিত গুৰুত্ব মোদী চৰকাৰৰ: 1 কোটি যুৱক-যুৱতীৰ বাবে বাজেটত বিশেষ ঘোষণা - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.