গুৱাহাটী : মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । প্ৰতিদিনে উত্তৰ-পূৱৰ ৰাজ্যখনত এটাৰ পিছত আন এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে । নিৰীহ লোকৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । তাৰ মাজতে দেওবাৰে সন্ধিয়া মণিপুৰৰ মেইটেই অধ্যুষিত কাকচিং জিলাত দুই প্ৰব্ৰজনকাৰী শ্ৰমিকক গুলীয়াই হত্যা কৰা হয় । আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে সন্ধিয়া কাকচিং-ৱাবাগাই ৰোডৰ কেইৰাকৰ পঞ্চায়ত কাৰ্যালয়ৰ সমীপত ঘটনাটো সংঘটিত হৈছে ।
প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা
আৰক্ষীয়ে জনোৱা মতে মৃত লোক দুজন বিহাৰৰ আৰু তেওঁলোক বিহাৰৰ গোপালগঞ্জ জিলাৰ ৰাজৱাহি গাঁৱৰ সুনালাল কুমাৰ আৰু দশৰথ কুমাৰ বুলি চিনাক্ত হৈছে । মৃত দুয়োজনে এক নিৰ্মাণ ক্ষেত্ৰত কৰ্মৰত আছিল । আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰীক এতিয়াও চিনাক্ত কৰা হোৱা নাই ।
আৰক্ষীৰ এনকাউণ্টাৰত এজন নিহত
উল্লেখ্য যে শনিবাৰে সন্ধিয়া মণিপুৰৰ থৌবাল জিলাত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত আন এজন যুৱক নিহত হয় আৰু আন ৬ জনক আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে জনোৱা মতে দুখন বাহনত অহা ৭ জন যুৱকে আৰক্ষী কমাণ্ডোসকলৰ ওপৰত গুলীচালনা কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ।
পিছত এজন যুৱকক আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা যায় আৰু বাকীসকলক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে আহত যুৱকজনক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পিছত যুৱকজনৰ মৃত্যু হয় । নিহত যুৱকজনক লাইশ্ৰম প্ৰেম ওৰফে লোকতক সিং বুলি চিনাক্ত কৰা হৈছে । ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :অভিশপ্ত শনিবাৰ ! শ্ৰেণীকোঠাত পঢ়ি থাকোতেই প্ৰাণ গ'ল তিনি শিক্ষাৰ্থীৰ - ARUNACHAL STUDENTS DEATH