ETV Bharat / bharat

মুখত গোৰ্খালেণ্ডৰ সমাধান, উত্তৰ বংগত পদুম ফুলাটো বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:17 PM IST

PM Modi in Siliguri : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শিলিগুৰিত অনুষ্ঠিত সমাৱেশত উত্তৰ বংগৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয় যে কেন্দ্ৰই গোৰ্খা ভাইসকলৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ কাষ চাপিছে।

PM Modi in Siliguri
উত্তৰ বংগত প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, 9 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দাৰ্জিলিং আৰু পশ্চিম বংগৰ তৰাই-দুৱাৰ অঞ্চলৰ ৰাইজক আশ্বাস দিয়ে যে গোৰ্খালেণ্ডৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ওচৰ চাপিছে আৰু সমগ্ৰ বিষয়টোৰ প্ৰতি বিজেপি সংবেদনশীল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

"আমি আমাৰ গোৰ্খা ভাইসকলৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ প্ৰতি সহানুভূতিশীল ৷ দাৰ্জিলিঙৰ সমস্যাৰ সমাধান বৰ বেছি দূৰত নহয় আৰু বিজেপি সদায় আপোনালোকৰ লগত আছে ৷ সমস্যাৰ প্ৰতি আমি সহানুভূতিশীল হোৱাৰ লগতে সংবেদনশীল ৷ তৃণমূল কংগ্ৰেছে পাহাৰত বিভাজনমূলক ৰাজনীতি চলাইছে ৷ উত্তৰ বংগৰ বাবে আমাৰ হাতত এটা স্পষ্ট ৰোডমেপ আছে আৰু ইয়াত তিনিটা টি - চাহ, কাঠ আৰু পৰ্যটন অন্তৰ্ভুক্ত কৰা হৈছে ৷ আমি সমগ্ৰ অঞ্চলটোৰ বাবে সম্পূৰ্ণ উন্নয়নৰ পেকেজ প্ৰস্তুত কৰিম ৷" শিলিগুৰিৰ কাৱাখালি খেলপথাৰত বিজেপিৰ এক ৰেলীত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় ৷

1907 চনৰ আৰম্ভণিতে দাৰ্জিলিঙৰ হিলমেন এছ'চিয়েশ্যনে পাহাৰৰ বাবে পৃথক প্ৰশাসন স্থাপনৰ দাবীত মৰ্লে-মিণ্টো সংস্কাৰ আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰাৰ লগে লগে গোৰ্খালেণ্ডৰ দীৰ্ঘদিনীয়া বিষয়টো 1980 ৰ দশকত হিংসাত্মক প্ৰতিবাদ আৰু দীঘলীয়া বন্ধৰ সৈতে এক ৰক্তক্ষয়ী পথৰ মাজেৰে পাৰ হৈ গৈছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ আজিৰ মন্তব্য গোৰ্খা সম্প্ৰদায়ে ধনাত্মকভাৱে ল’ব নে লগতে ইয়াৰ পৰা পাহাৰত বিজেপিৰ কোনো নিৰ্বাচনকেন্দ্ৰীক লাভালাভ হ’ব নে নহয় সেয়া লক্ষ্যণীয় হ’ব ৷

পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি মোদীয়ে কয়, "এই লোকসভা নিৰ্বাচনৰ পৰাই তৃণমূল কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত ৰাজ্য চৰকাৰক উৎখাত কৰাৰ দুৱাৰ আক্ষৰিকভাৱে মুকলি হ'ব ৷ টিএমচিয়ে কেতিয়াও পাহাৰৰ লোকসকলক কোনো গুৰুত্ব দিয়া নাছিল ৷ মই দৰিদ্ৰ লোকসকলৰ বিকাশৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আহিছো, কিন্তু ৰাজবংশ-ভিত্তিক দলবোৰে ইয়াক ভাল পোৱা নাই ৷"

মাৰ্চৰ প্ৰথম ন দিনৰ ভিতৰত বংগত তেওঁৰ চতুৰ্থখন সমাৱেশত প্ৰধানমন্ত্ৰীয়ে সমবেত হোৱা লোকসকলৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছিল ৷ তেওঁ কয়- "মই আপোনালোক সকলোৰে পৰা এটা প্ৰতিশ্ৰুতি বিচাৰো ৷ আপুনি নিশ্চিত কৰিব লাগিব যে উত্তৰ বংগৰ প্ৰতিটো বুথত যাতে পদুম ফুলে ৷ আমি সকলোৰে বিকাশৰ দিশত কাম কৰিম - ৰাজবংশী, গোৰ্খা, আদিবাসী আৰু সকলো ৷"

ইণ্ডি ব্লকৰ দলসমূহৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মোদীয়ে কয়, "কংগ্ৰেছ, টিএমচি আৰু এতিয়া বাওঁপন্থী, সকলোৱে উন্নয়নৰ কাৰ্যসূচী বন্ধ কৰিবলৈ একত্ৰিত হৈছে ৷ বংগত তৃণমূল কংগ্ৰেছে তেওঁলোকৰ ভতিজাকক লৈ চিন্তিত হৈ আছে আনহাতে কংগ্ৰেছে কেৱল ৰাজপৰিয়ালৰ বিষয়েহে চিন্তিত ৷ মই দৰিদ্ৰ লোকসকলৰ বিকাশৰ বাবে নিৰন্তৰ কাম কৰি আহিছো, কিন্তু ৰাজবংশ-ভিত্তিক দলবোৰে ইয়াক ভাল পোৱা নাই ৷"

"মই কাৰো বাবে কোনো বেংক বেলেন্স এৰিব নিবিচাৰো ৷ মই সন্তুষ্ট হ'ম যদি আপুনি এটা পকী ঘৰ আৰু প্ৰাথমিক সুবিধা লাভ কৰে। সেয়াই মোৰ প্ৰাথমিকতা ৷" প্ৰধানমন্ত্ৰীয়ে কয় ৷

ভাষণত মোদীয়ে পুনৰ কয়, "কেন্দ্ৰৰ বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে যথেষ্ট কাম কৰিছে আৰু ২৫,০০০ তকৈও অধিক লোক বাগিচাৰ ভয়ংকৰ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে ৷ মই আপোনাক ক'ব বিচাৰো যে 100 দিনৰ গেৰাণ্টিযুক্ত চাকৰিৰ বাবে ধন দিল্লীৰ পৰা প্ৰেৰণ কৰা হয়, কিন্তু দুৰ্নীতিগ্ৰস্ত টিএমচি চৰকাৰে ইয়াক দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ নকৰে ৷ টিএমচিৰ সহায়ত গুণ্ডা বিলাকে ২৫ লাখ ভুৱা জব কাৰ্ড তৈয়াৰ কৰিছিল আৰু টকা লুটিছিল ৷ এই দুৰ্নীতিগ্ৰস্ত দলটোৱে আনকি মানুহৰ মাজত বিনামূলীয়া ৰেচন বিতৰণ কৰাটো নিবিচাৰে ৷"

লগতে পঢ়ক : উত্তৰ বংগত প্ৰায় ৪,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.