ETV Bharat / bharat

আজি ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন, 7 বজাৰ পৰা ভোটগ্ৰহণ - SIKKIM AND ARUNACHAL ASSEMBLY POLLS

এটা পৰ্যায়তে ছিকিম আৰু অৰুণাচল প্ৰদেশ বিধানসভাৰ আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ ছিকিমত ৩২ খন আসনৰ বিপৰীতে অৰুণাচল প্ৰদেশত ৬০ খন আসনৰ বাবে আজি হ’ব ভোটগ্ৰহণ ৷ দুয়োখন ৰাজ্যৰ ভোট গণনা 2 জুনত অনুষ্ঠিত হ'ব।

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 4:58 AM IST

Updated : Apr 19, 2024, 6:37 AM IST

SIKKIM AND ARUNACHAL ASSEMBLY POLLS
ছিকিম আৰু অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, 19 এপ্ৰিল : ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন আজি একক পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত এই দুয়োখন ৰাজ্যতে পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব ৷

ছিকিমৰ মুখ্যমন্ত্ৰী তথা এছ কে এমৰ মুৰব্বী প্ৰেম সিং তামাং, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এছ ডি এফৰ মুৰব্বী পৱন কুমাৰ চামলিং 32 খন বিধানসভা আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা 146 জন প্ৰাৰ্থীৰ ভিতৰত আছে ৷ হিমালয়ান ৰাজ্যখনত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

ক্ষমতা অক্ষুন্ন ৰখাৰ বাবে শাসনাধীষ্ঠ ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ (এছ কে এম) নেতৃত্ব দি থকা তামাঙে দুখন বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ গেংটক জিলাৰ ৰিনক আৰু তেওঁৰ জন্মস্থান চোৰেং জিলাৰ চোৰেং-চাকুঙেৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁ ৷ বিধায়ক হিচাপে একেৰাহে সপ্তমবাৰৰ বাবে নিৰ্বাচিত হ’বলৈ বিচাৰি থকা এছ কে এমৰ মুৰব্বীগৰাকী দুয়োটা বিধানসভা সমষ্টিতে বহুকোণীয়া প্ৰতিযোগিতাত আবদ্ধ হৈ আছে ৷ প্ৰাক্তন মন্ত্ৰী তথা এছ ডি এফৰ প্ৰাৰ্থী সোম নাথ পুদিয়াল ৰিনক বিধানসভা সমষ্টিত তেওঁৰ মুখ্য প্ৰতিদ্বন্দ্বি ৷ আনহাতে এছ ডি এফ প্ৰাৰ্থী এ ডি চুব্বা চোৰেং-চাকুং বিধানসভা সমষ্টিত তেওঁৰ মুখ্য প্ৰতিদ্বন্দী ৷

এছ কে এম মুৰব্বীৰ পত্নী কৃষ্ণ কুমাৰীয়ে নামচি-সিংঘিথাং বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে য'ত তেওঁ চাৰিকোণীয়া প্ৰতিযোগিতাত আবদ্ধ হৈ আছে ৷ য'ত এছ ডি এফে বিমল ৰায়ক প্ৰক্ষেপ কৰিছে ৷

ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী পৱন কুমাৰ চামলিঙে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাতো বিচাৰিছে ৷ তেওঁ দুটা বিধানসভা সমষ্টি, নামচি জিলাৰ পোকলোক-কামৰাং আৰু গেংটক জিলাৰ নামচেবুঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ 74 বছৰীয়া চামলিঙে নামচেয়বুং বিধানসভা সমষ্টিত চাৰিকোণীয়া প্ৰতিযোগিতাত পূজা শৰ্মা (বিজেপি) আৰু চেভেৰিন ৰায় (চি এ পি-ছিকিম) নামৰ দুগৰাকী মহিলা প্ৰাৰ্থীৰ উপৰিও প্ৰাক্তন আমোলা আৰু এছ কে এম প্ৰক্ষেপিত ৰাজু বাছনেটৰ মুখামুখি হৈছে ৷ পোকলোক-কামৰাং বিধানসভা সমষ্টিত এছ ডি এফৰ মুৰব্বীজন চাৰিকোণীয়া প্ৰতিন্দন্দ্বিতাত আবদ্ধ হৈছে আৰু এছ কে এমৰ ভোজ ৰাজ ৰায় তেওঁৰ মুখ্য প্ৰতিদ্বন্দ্বি ৷

এছ ডি এফৰ উপ-সভাপতি আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভূটিয়াই নামচি জিলাৰ বৰফুং (বি এল) আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে য'ত তেওঁক চাৰিকোণীয়া যুঁজত মুখ্যত এছ কে এমৰ আৰ ডি ভূটিয়াই প্ৰত্যাহ্বান জনাইছে ৷ ছিকিমৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু বৰ্তমানৰ বিধায়ক ডি আৰ থাপাই উজনি বুৰ্টুক বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে য'ত এছ কে এমৰ কালা ৰায় আন এজন বিশিষ্ট প্ৰাৰ্থী ৷

এছ কে এম আৰু এছ ডি এফে 32 খন অৰ্থাৎ আটাইকেইখন বিধানসভা আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বিজেপি দলে 31 খন, চি এ পি-ছিকিম 30 খন আৰু কংগ্ৰেছ 12 খনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ ৰাজ্যখনত আনুমানিক 4.64 লাখ ভোটাৰ, যাৰ ভিতৰত আছে 2,32,381 পুৰুষ ভোটাৰ আৰু 2,31,545 গৰাকী মহিলা ভোটাৰে 32 জন বিধায়ক নিৰ্বাচিত কৰিবলৈ তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব ৷ ৰাজ্যখনত 2,502 জন তৃতীয় লিংগৰ ভোটাৰ আছে, আনহাতে 4,192 জন ভোটাৰ বিশেষভাৱে সক্ষম (পিডব্লিউডি) শ্ৰেণীৰ আৰু 2,473 জন ভোটাৰ 85 বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিক ৷ মুখ্য নিৰ্বাচনী বিষয়া ডি আনন্দৰ মতে, নিৰ্বাচন আয়োগে সকলো ভোটকেন্দ্ৰত বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে অনুকূল আন্তঃগাঁথনিৰ লগতে নিশ্চিত নূন্যতম সুবিধাৰ ব্যৱস্থা কৰিছে ৷

চহৰাঞ্চলত 88 টা আৰু গ্ৰাম্য অঞ্চলত 485 টা ভোটকেন্দ্ৰৰে মুঠ 573 টা ভোটকেন্দ্ৰ আছে চিকিমত ৷ গুৰুত্বপূৰ্ণ ভোটকেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষা বাহিনী আৰু ক্ষুদ্ৰ পৰ্যবেক্ষক নিযুক্ত কৰা হ'ব য'ত ৱেবকাষ্টিং ব্যৱস্থাও থাকিব বুলি মুখ্য নিৰ্বাচন বিষয়াই জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ছিকিমত 32 টা সৰ্বমহিলা ভোটগ্ৰহণ দল গঠন কৰা হৈছে ৷ আনহাতে ভোটাৰসকলৰ সুবিধাৰ বাবে ছটা আদৰ্শ ভোটকেন্দ্ৰও স্থাপন কৰা হৈছে ৷ আনন্দনে কয় যে আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু আদৰ্শ আচৰণ বিধি বলবৎ কৰিবলৈ 81 জন খণ্ড দণ্ডাধীশ, 71 জন খণ্ড আৰক্ষী বিষয়া, 97 টা ফ্লাইং স্কোৱাড, 89 টা স্থিৰ নিৰীক্ষণ দল, 62 টা ভিডিঅ' নিৰীক্ষণ দল আৰু 32 জন সহকাৰী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ৷ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ জনসাধাৰণক 19 এপ্ৰিলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰসমূহত বৃহৎ সংখ্যাত উপস্থিত হ'বলৈ আহ্বান জনাইছে ৷

ইফালে অৰুণাচল প্ৰদেশত 60 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ই পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ৷ বিজেপিয়ে 60 খন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে কিন্তু ভোটগ্ৰহণৰ পূৰ্বেই ইতিমধ্যে 10 খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে দলটোৱে লাভ কৰিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ভোটদানৰ দিনা উত্তৰ-পূবৰ ৰাজ্যখনত মধ্যমীয়াৰ পৰা প্ৰৱল বৰষুণৰ আগজাননী দিছে ৷ মুখ্য নিৰ্বাচনী বিষয়া পৱন কুমাৰ চাইনে কয়- "আমি ভোটকেন্দ্ৰসমূহত সকলো প্ৰাথমিক সুবিধাৰ সৈতে অস্থায়ী আশ্ৰয়ৰ ব্যৱস্থা কৰিছো য'ত বতৰ অনুকূল নহ'লে মানুহে অপেক্ষা কৰিব পাৰে ৷"

নিৰ্বাচন আয়োগে 5,596 জন ভোটাৰৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰিছে যিসকল বিশেষভাৱে সক্ষম ব্যক্তি, যাৰ ভিতৰত আছে ভোটকেন্দ্ৰলৈ পৰিবহণ আৰু ৰেম্প স্থাপন- মুখ্য নিৰ্বাচনী বিষয়াই কয় ৷ দূৰৱৰ্তী বুথৰ বাবে ভোটগ্ৰহণ বিষয়াসকল ইতিমধ্যে তেওঁলোকৰ গন্তব্যস্থানত উপস্থিত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ৰাজ্যখনত মুঠ 2,226 টা ভোটকেন্দ্ৰৰ ভিতৰত 228 টা ভোটকেন্দ্ৰ আছে, য’ত কেৱল খোজকাঢ়ি হে উপস্থিত হ'ব পাৰি ৷ প্ৰায় 480 টা ভোটকেন্দ্ৰ ছাঁয়া অঞ্চলৰ অন্তৰ্গত, আনহাতে 588 টা বুথ কঠিন আৰু 443 টা অসুৰক্ষিত বুলি চিনাক্ত কৰা হৈছে ৷ 4,54,256 গৰাকী মহিলাকে ধৰি আনুমানিক 8,92,694 গৰাকী ভোটাৰে বিধানসভা নিৰ্বাচনৰ 133 জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব ৷ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন আৰু ৰাজ্যিক আৰক্ষী বাহিনীকে ধৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চি এ পি এফ) 70 টা কোম্পানী মোতায়েন কৰি ৰাজ্যখনত শান্তিপূৰ্ণ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

বিজেপিয়ে সকলো বিধানসভা আসনত 60 জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আনহাতে বিৰোধী কংগ্ৰেছে 19 জন, নেচনেল পিপলছ পাৰ্টি (এন পি পি)য়ে 20 জন, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এন চি পি)য়ে 14 জন আৰু পিপলছ পাৰ্টি অৱ অৰুণাচলে 11 জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷ এই নিৰ্বাচনত 14 জন নিৰ্দলীয় প্ৰাৰ্থীও আছে ৷

নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুখ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, যি মুক্টো (এছ টি) আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, অৰুণাচল বিজেপিৰ মুৰব্বী বিয়ুৰাম ৱাহগে (পাক্কে-কেচাং এছ টি আসন) আৰু উপ মুখ্যমন্ত্ৰী চোনা মে (চৌখান-এছটি) বিধানসভা সমষ্টি ৷

লগতে পঢ়ক : 6 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ, লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ মিজোৰামত - Lok Sabha Election 2024

Last Updated : Apr 19, 2024, 6:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.