ETV Bharat / bharat

চিকিৎসালয়ৰ পৰাই নোহোৱা হ’ল শ্বীনা বৰাৰ কংকাল : ইন্দ্ৰাণী মুখাৰ্জীৰ মতে সমগ্ৰ ঘটনা মনেসজা - Sheena Bora skeleton missing

Sheena Bora murder case: শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত এটা ডাঙৰ টুইষ্ট পোহৰলৈ আহিছে । চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হৈছে শ্বীনা বৰাৰ কংকাল । এই তথ্য পোহৰলৈ অহাৰ লগে লগে তদন্তকাৰী সংস্থা চি বি আইৰ টোপনি নোহোৱা হৈছে । শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীকো এই গোচৰৰ অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । পঢ়ক সবিশেষ...

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:22 PM IST

SHEENA BORA SKELETON MISSING
Sheena Bora murder case (ANI)

নিউজ ডেস্ক, 19 জুন: 12 বছৰ পূৰ্বে সংঘটিত এটা হত্যাকণ্ডই কঁপাইছিল সমগ্ৰ দেশ ৷ এই হত্যাকাণ্ডটো আছিল শ্বীনা বৰাৰ ৷ মুম্বাই মায়ানগৰীৰ পৰা প্ৰায় 70 কিঃমিঃ দূৰত ঘন জংঘলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 25 বছৰীয়া শ্বীনা বৰাৰ কংকাল ৷ কিন্তু এই হত্যাকাণ্ডৰ ঘটনাই এতিয়া লৈছে নতুন মোৰ ৷

ঘটনাটোৰ তদন্ত কৰি থকা চি বি আইৰ দলে যোৱা 13 জুনত মুম্বাইৰ বিশেষ আদালতক জনাই যে জে জে হাস্পতালৰ পৰা নোহোৱা হৈছে শ্বীনা বৰাৰ কংকাল ৷

এই হত্যাকাণ্ডৰ মূল অভিযুক্ত হৈছে শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী ৷ বৰ্তমান তেওঁ জামিনত আছে ৷ চি বি আইৰ আদালতে শ্বীনাৰ কংকাল অন্তৰ্ধান হোৱা বুলি প্ৰকাশ কৰাৰ পিচতেই ইন্দ্ৰাণী মুখাৰ্জীয়ে দাবী কৰিছে যে 2012 চনত উদ্ধাৰ হোৱা কংকালটো শ্বীনা বৰাৰ নাছিল ৷ সেইটো এটা মনেসজা কাহিনী আছিল ৷

লগতে পঢ়ক: Sheena Bora Murder Case : জীয়াই আছে শ্বীনা বৰা !

ৰাহুল মুখাৰ্জীক সোধ-পোচ কৰাৰ দাবী

মুখাৰ্জীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত শ্বীনা বৰাৰ প্ৰেমিক ৰাহুল মুখাৰ্জীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷ তেওঁ কয় যে, এই হত্যাকাণ্ড সন্দৰ্ভত সোধ-পোচৰ বাবে ৰাহুল মুখাৰ্জীক আৰক্ষীয়ে জিম্মাত ল’ব লাগে ৷ ইন্দ্ৰাণীয়ে লগতে কয়, ‘‘মোৰ দৃঢ় বিশ্বাস, ৰাহুলে মোৰ কন্যাৰ প্ৰেমিক বুলি দাবী কৰি আহিছে আৰু তেওঁ কৈছিল যে শেষবাৰৰ বাবে তেওঁ শ্বীনাক দেখিছিল ৷ গতিকে তেওঁক আৰক্ষীয়ে সোধ-পোচ কৰিব লাগে ৷’’

DNA পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত প্ৰশ্ন উত্থাপন

ইন্দ্ৰাণী মুখাৰ্জীয়ে কয়, ‘‘মোৰ অনুভৱ হয় সংস্থা আৰু সংগঠনৰ এই হেতালি খেলা আৰু বিভ্ৰান্তিৰ বাবে তদন্ত আধৰুৱা হৈ পৰিছিল আৰু সকলোৱে মোক দোষ দিবলৈ খৰখেদা কৰিছিল । শ্বীনা বৰাৰ কংকালৰ প্ৰাৰম্ভিক DNA পৰীক্ষাৰ প্ৰতিবেদনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰাক্তন মিডিয়া বেৰনগৰাকীয়ে কয় যে সকলোকে পুনৰ জেৰা কৰিব লাগে ।

লগতে পঢ়ক: Sheena Bora Murder Case :6 বছৰৰ পাছত মুক্ত আকাশৰ তলত ইন্দ্ৰাণী

উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ বিভাগে 2012 চনৰ এপ্ৰিল মাহত জে জে হাস্পতাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা কংকাল নিৰুদ্দেশ হোৱা বুলি বিশেষ আদালতক অৱগত কৰিছিল । কিন্তু 2012 চনত সংগ্ৰহ কৰা কংকালৰ DNA পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে পৰীক্ষা কৰা হৈছে বাবে ইয়াৰ ফলত তেওঁলোকৰ গোচৰ দুৰ্বল নহ’ব বুলি দাবী কৰিছে চি বি আইয়ে ।

হাবিত পেলাই দিয়া হৈছিল মৃতদেহটো

2012 চনৰ 24 এপ্ৰিলত শ্বীনা বৰাক হত্যা কৰি ৰায়গড় জিলাৰ পেন তহচিলৰ এখন হাবিত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাৰ সৈতে তেওঁৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰি হাবিত জ্বলাই মৃতদেহটো চিনাক্ত কৰিব নোৱৰাৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক: Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.