ETV Bharat / bharat

কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ - Arvind Kejriwal Bail Plea

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 2:07 PM IST

Arvind Kejriwal Bail Plea : উচ্চতম ন্যায়ালয়ে বুধবাৰে অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই কথা কয় । গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২৩ আগষ্টত অনুষ্ঠিত হ'ব ।

Arvind Kejriwal Bail Plea
কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ (ANI File Photo)

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট: উচ্চতম ন্যায়ালয়ত পুনৰ বিমুখ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল । অন্তৰ্ৱতীকালীন আবেদন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কেজৰিৱালে লাভ নকৰিলে সকাহ । বুধবাৰৰ শুনানিত কেজৰিৱালক অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিবলৈ অমান্তি হয় দেশৰ শীৰ্ষ ন্যায়ালয় । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত অনুষ্ঠিত হ'ব ।

আদালতে পৰৱৰ্তী তাৰিখটো দি উল্লেখ কৰে যে আনটো পক্ষৰো শুনানি লোৱা হ'ব । আনহাতে, গোচৰটোত তেওঁৰ গ্ৰেপ্তাৰ বাহাল ৰখা দিল্লী উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত চি বি আইক জাননী জাৰি কৰা হৈছে । ইফালে উচ্চতম ন্যায়ালয়েও ২৩ আগষ্টৰ ভিতৰত চি বি আইৰ পৰা উত্তৰ বিচাৰিছে ।

ছুপ্ৰিমকোৰ্টত কৰা আবেদনখনত অৰবিন্দ কেজৰিৱালে চি বি আয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছে । তেওঁ ৫ আগষ্টৰ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে । ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে চি বি আইৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তেওঁৰ আবেদন খাৰিজ কৰিছিল । তেওঁক জামিনৰ বাবে নিম্ন আদালতলৈ যাবলৈও কয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লীৰ আবকাৰী নীতি গোচৰত চি বি আই আৰু প্ৰৱৰ্তন সঞ্চালকালয়ে পঞ্জীয়ন কৰা গোচৰবোৰত আপ নেতা মনীষ ছিছ’ডিয়াক জামিন প্ৰদান কৰে । ১৭ মাহৰ দীঘলীয়া কাৰাবাসৰ পিছত তেওঁ জামিনত মুক্তিলাভ কৰে । জামিন পোৱাৰ পিচত দলৰ নেতাসকলে আশা প্ৰকাশ কৰি কয় যে অৰবিন্দ কেজৰিৱালেও সোনকালে জামিন লাভ কৰিব ।

ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিচত কেজৰিৱাল যোৱা ২১ মাৰ্চৰ পৰা ন্যায়িক জিম্মাত আছে । অৱশ্যে তেওঁ মে' মাহত 21 দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল । শীৰ্ষ ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ তেওঁৰ আবেদন মঞ্জুৰ কৰিছিল । ১২ জুলাইত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । আনহাতে, কেজৰিৱাল একেটা গোচৰত ২৬ জুনত চি বি আইৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিচৰে পৰা ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ কুঠৰীত জন্মদিন উদযাপন কৰিব কেজৰিৱালে - Delhi liquor scam case
লগতে পঢ়ক :তাৰিখ পে তাৰিখ...আকৌ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 আগষ্টলৈ বৃদ্ধি - Delhi liquor scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.