নেশ্যনেল ডেস্ক, 8 মে’: দীৰ্ঘদিন ধৰি বিতৰ্কৰ আৱৰ্তত থকাৰ পাচত অৱশেষত আজি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে কংগ্ৰেছ নেতা ছেম পিট্ৰ’ডাই ৷ ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পাচত দলটোৱেও পিট্ৰ’ডাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ।
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ব্যক্তিগত ‘X’ একাউণ্টযোগে ছেম পিট্ৰ’ডাই “নিজৰ ইচ্ছামতে” গুৰুত্বপূৰ্ণ পদটোৰ পৰা পদত্যাগ কৰিছে বুলি প্ৰকাশ কৰিছে ।
পূব প্ৰান্তৰ ভাৰতীয়সকল চীনা লোকৰ সৈতে মিল থকাৰ বিপৰীতে দক্ষিণৰ ভাৰতীয়সকল আফ্ৰিকান মানুহৰ দৰে দেখিবলৈ বুলি পিট্ৰ’ডাই বিভাজনমূলক মন্তব্য প্ৰকাশ কৰাৰ পাচতে বিভিন্ন পক্ষৰ সমান্তৰালকৈ দলীয় সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল । পিট্ৰ’ডাৰ এই মন্তব্যক কংগ্ৰেছ দলে পোনচাটেই অস্বীকাৰ কৰাৰ লগতে এনে মন্তব্য “গ্ৰহণযোগ্য নহয়” বুলি দলটোৱে স্পষ্ট কৰি দিছিল ।
দ্য ষ্টেটছমেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পিট্ৰ’ডাই কৈছিল, "আমি ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশ এখনক একেলগে ধৰি ৰাখিব পাৰিলোহেঁতেন -- য'ত পূৱৰ মানুহক চীনৰ দৰে, পশ্চিমৰ মানুহবোৰক আৰবৰ লোকৰ দৰে, উত্তৰৰ মানুহবোৰক হয়তো বগা আৰু দক্ষিণৰ মানুহবোৰক আফ্ৰিকা দেশৰ লোকৰ দৰে দেখা যায় । কোনো কথা নাই । আমি সকলোৱে ভাই-ভনী ।"
প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীৰ এই বিভাজনবাদী মন্তব্যই দেশজুৰি লাভ কৰিছিল বিশেষ চৰ্চা ৷ আনকি চলিত সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত পিট্ৰ’ডাৰ এই মন্তব্যৰ দ্বাৰা দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছিল শাসকীয় বিজেপিয়ে ৷ বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰি দলটোক ‘বৰ্ণবাদী আৰু বিভাজনকাৰী’ আখ্যা দিছিল ।