ETV Bharat / bharat

প্ৰশিক্ষণৰ বাবে যোৱা সেনা বিষয়াক লুটপাত, প্ৰেমিকাকো ধৰ্ষণ দুৰ্বৃত্তৰ ! - MHOW ARMY TRAINEE OFFICERS LOOT

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:43 PM IST

MHOW army trainee officers loot : মধ্যপ্ৰদেশৰ মহুত দুগৰাকী সেনা বিষয়াক নিশা দুৰ্বৃত্তই লুটপাত কৰে । ডকাইতৰ দলে তেওঁলোকৰ প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । আৰক্ষীৰ জালত ২ জন লোক ।

MHOW ARMY TRAINEE OFFICERS LOOT
প্ৰশিক্ষণৰ বাবে যোৱা সেনা বিষয়াক লুটপাত (ETV Bharat)

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : মধ্য প্ৰদেশৰ মহুত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বাডগোণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত জাম গেটৰ সমীপত দুগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত সেনা বিষয়াক লুটি লৈ গ'ল দুৰ্বৃত্তই । মঙলবাৰে নিশা এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি অভিযুক্তই তেওঁলোকক বন্দী কৰি ৰাখিছিল আৰু ১০ লাখ টকা দাবী কৰিছিল । একে সময়তে দুৰ্বৃত্তই ভুক্তভোগী সেনা বিষয়াৰ প্ৰেমিকাক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ লগে লগে আৰক্ষীয়ে ৬ গৰাকী অভিযুক্তক চিনাক্ত কৰিছে ।

প্ৰেমিকাৰ সৈতে ফুৰিবলৈ গৈছিল

জানিব পৰা মতে উত্তৰ প্ৰদেশৰ দুগৰাকী সেনা মহুৰ ইনফেণ্ট্ৰী স্কুলত প্ৰশিক্ষণৰ বাবে আহিছিল । তেওঁলোকৰ সৈতে নিজৰ নিজৰ প্ৰেমিকাও আহিছিল । মঙলবাৰে নিশা দুয়োগৰাকী সেনা বিষয়া আৰু তেওঁলোকৰ প্ৰেমিকা কেইগৰাকী মহুৰ পৰ্যটনস্থলী জাম গেটৰ সমীপত ফুৰিবলৈ গৈছিল । অভিযোগ অনুসৰি নিশা প্ৰায় ২.৩০ মান বজাত, তেওঁলোকক প্ৰায় ৭ ৰ পৰা ৮ জন লোকে আক্ৰমণ কৰে আৰু লুটপাত কৰে । এই ঘটনাত তেওঁলোক গুৰুতৰভাৱে আহত হয় । তেওঁলোকক পিছফালৰ পৰা আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে ।

প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ !

প্ৰশিক্ষণপ্ৰাপ্ত সেনা জোৱানসকলে ডকাইতিৰ উপৰিও আন এক অভিযোগ উত্থাপন কৰিছে । ডি আই জি নিমিষ আগৰৱালাই ঘটনা সন্দৰ্ভত কয়, "অভিযোগকাৰীয়ে কৈছে যে অভিযুক্তই তেওঁলোকক প্ৰহাৰ কৰিছিল । অভিযোগকাৰীয়ে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰো অভিযোগ কৰিছে । ডকাইতিৰ লগতে আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।"

অব্যাহত আৰক্ষীৰ অভিযান

ইন্দোৰ গ্ৰাম্যৰ এ চি পি হিতিকা ভাস্কেলে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী সক্ৰিয় হৈ পৰিছে । অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ৫ টা দল গঠন কৰিছে । আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ঘটনাত জড়িত থকাৰ অভিযোগত ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :অধিকাৰ বিচাৰি কুকি-মাৰসহ কেবাটাও জনজাতিৰ প্ৰতিবাদ জিৰিবামত: আৰক্ষীৰ শূন্যলৈ গুলীচালনা - Manipur crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.