ETV Bharat / bharat

মধ্যপ্ৰদেশৰ ডিন্দোৰীত দুৰ্ঘটনাত মহিলাসহ ১৪ গৰাকী লোকৰ মৃত্যু, আহত ২১

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 11:13 AM IST

Dindori accident: যাত্ৰীভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত । ৮ গৰাকী মহিলাসহ ১৪ গৰাকী লোকৰ মৃত্যু । মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য ঘোষণা চৰকাৰৰ ।

Dindori accident
মধ্যপ্ৰদেশৰ ডিন্দোৰীত দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,২৯ ফেব্ৰুৱাৰী : মধ্যপ্ৰদেশৰ ডিন্দোৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীভৰ্তি এখন পিকআপ বাহনৰ দুৰ্ঘটনাৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । একে সময়তে, দুৰ্ঘটনাটোত ২১ ৰো অধিক লোক আহত হোৱা বুলি কোৱা হৈছে । শ্বাহপুৰা আৰক্ষী থানাৰ বিচিয়া আৰক্ষী চকীৰ অন্তৰ্গত বদঝাৰ ঘাটত দুৰ্ঘটনাটো সংঘটিত হয় ।

তথ্য অনুসৰি, পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰু ঘটনাস্থলীতে ১৪ গৰাকী লোকৰ মৃত্যু হয় । ঘটনাটো নিশ্চিত কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক জগন্নাথ মাৰ্কামে কয় যে বিচিয়া আৰক্ষী চকীৰ অন্তৰ্গত আমহী দেৱৰী গাঁৱৰ বাসিন্দাসকল মাণ্ডলা চকৰ এক কাৰ্যসূচীলৈ গৈ আছিল । ঘুগ্ৰিৰ পৰা উভতি অহাৰ সময়তে হঠাতে MP-20-GB-4146 নম্বৰৰ পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ পৰা ২০ ফুট তলত বাগৰি পৰে ।

দুৰ্ঘটনাটোত আহত লোকসকলক চিকিৎসাৰ বাবে সমীপৰ শ্বাহপুৰা কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । আহতসকলৰ বহুতৰ অৱস্থা সংকটজনক বুলিও কোৱা হৈছে । ইফালে দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ইফালে পথ দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে শোক প্ৰকাশ কৰিছে । ঘটনাটোত নিহতসকলৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা তেওঁ ঘোষণা কৰিছে । জিলা প্ৰশাসনক আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈও তেওঁ নিৰ্দেশ দিছে ।

আৰক্ষীয়ে জনোৱা মতে পুৱা প্ৰায় ৪ মান বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল । মৃতসকলৰ ভিতৰত ৬ জন পুৰুষ আৰু ৮ গৰাকী মহিলা আছিল । মৃতসকলৰ বেছিভাগেই আমহাই দেৱাৰীৰ বাসিন্দা । মৃত আৰু আহতসকলৰ ভিতৰত পোদি, ধৰমানী, চাজনিয়াৰো বাসিন্দা আছে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :ভয়ংকৰ ৰে’ল দুৰ্ঘটনা: ৰে’লৰ খুন্দাত যাত্ৰীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.